Home Main Stories মাজুলীৰ ব্ৰহ্মপুত্ৰৰ কাষত বৃহৎ প্ৰতিবাদ : খহনীয়া প্ৰতিৰোধত ব্যৰ্থ ব্ৰহ্মপুত্ৰ বৰ্ড আৰু...

মাজুলীৰ ব্ৰহ্মপুত্ৰৰ কাষত বৃহৎ প্ৰতিবাদ : খহনীয়া প্ৰতিৰোধত ব্যৰ্থ ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টিকে কোম্পানীৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰে গৰজি উঠিল যুৱ ছাত্ৰ পৰিষদ : শীঘ্ৰে সমস্যা সমাধানৰ দাবী তুলি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

181
0

মাজুলী, ৫ জানুৱাৰী: মাজুলীৰ শালমৰাৰ ব্ৰহ্মপুত্ৰৰ কাষত আজি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিলে যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিতে।মাজুলীত চলি থকা খহনীয়া ৰোধত ব্যৰ্থ হোৱাৰ সুৰক্ষাৰ দায়িত্ব থকা ব্ৰহ্মপুত্ৰ বৰ্ড আৰু সুৰক্ষাৰ আঁচনিৰ ঠিক লাভ কৰা টি কে কোম্পানীৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ জনাই শীঘ্ৰে সমস্যা সমাধানৰ দাবী জনায় এই প্ৰতিবাদ সাব্যস্ত কৰে।এতিয়াও মাজুলীৰ শালমৰা অঞ্চলত চলি আছে ব্ৰহ্মপুত্ৰ খহনীয়াৰ।শালমৰাত স্থায়ী  বিজ্ঞান সন্মত  আঁচনি গ্ৰহন নকৰাৰ বাবে বছৰৰ প্ৰত্যেক মাহতে  অঞ্চলটো  গৰা- খহনীয়াৰ কবলত পৰি আছে । উক্ত অঞ্চলৰ  সুৰক্ষাৰ দায়িত্বত থকা  ব্ৰহ্মপুত্ৰ ব’ডৰ ঠিকাদাৰী  প্ৰতিষ্ঠান টি কে  কম্পেনীৰ  অবিজ্ঞান সন্মত, অপৰিকল্পিত  আঁচনিৰ বাবেই   শালমৰা অঞ্চলটো  নি : শেষ  হোৱাৰ  উপক্ৰম হৈছে। মাজুলীৰ  মূধচস্বৰূপ শালমৰাৰ  অৱশিষ্ট শেষ  ভূমি কণ  ৰক্ষাৰ  বাবে  অসম জাতীয়তাবাদী যূৱ ছাত্র পৰিষদৰ  মাজুলী জিলা সমিতিয়ে  কঠোৰ  কাৰ্যসূচী গ্ৰহণ কৰিছে । পৰিষদে মাজুলীৰ  জিলা প্ৰশাসন, ব্ৰহ্মপুত্ৰ বৰ্ড, টি কে কম্পেনী সকলোকে সময় থাকোতেই  শালমৰাৰ  শেষ  ভূমিকণ  ৰক্ষাৰ বাবে আহ্বান জনাই আজি পৰিষদৰ পুৱ মাজুলী আঞ্চলিক সমিতিৰ উদ্যোগত মাজুলী জিলা সমিতি আৰু শালমৰাবাসী ৰাইজৰ সহযোগত এক বৃহৎ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসুচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসুচীত অংশগ্ৰহণ কৰি জিলা সমিতিৰ সভাপতি মুনিন্দ্ৰ ভূঞা আৰু সাধাৰণ সম্পাদক পবিত্ৰ বৰাই ব্ৰহ্মপুত্ৰ ব’ড,টিকে কোম্পানী তথা চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে,২০০৪ চনৰপৰাই ব্ৰহ্মপুত্ৰ ব’ৰ্ডে মাজুলী সুৰক্ষাৰ বাবে আঁচনি গ্ৰহণ কৰি আহিছে যদিও উক্ত আঁচনিসমূহ পৰিকল্পিত,সময় উপযোগী আৰু উচ্চ প্ৰযুক্তিগত বিজ্ঞানসন্মত নোহোৱাৰ বাবেই বছৰি বছৰি শালমৰাকে ধৰি মাজুলীৰ বিভিন্ন অঞ্চল খহনীয়াৰ কবলত পৰি মাজুলীৰ ভূ-খণ্ড ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ লগতে নৈপৰীয়া লোকসকলৰ জীৱন-জীৱিকাকলৈ ভাবুকী আহি পৰিছে।আনহাতেদি বৰ্তমান মাজুলী সুৰক্ষাৰ দায়িত্বত থকা টিকে কোম্পানীটো সম্পুৰ্ণ অনভিজ্ঞ বুলি উল্লেখ কৰি পৰিষদে কয় যে,এই কোম্পানীটোৱে ২৩৮ কোটি টকা ব্যয়েৰে ২০১৮ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই খহনীয়া প্ৰতিৰোধৰ বাবে ২৭ কিঃমিঃ বেংক ৰিবেটমেণ্ট আৰু ২২ খন আৰ চি চি পাৰ্কুপাইনৰ নিৰ্মাণকায্য দহ মাহতে সম্পূৰ্ণ কৰিব লাগিছিল যদিও তিনিটা বছৰ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত সম্পূৰ্ণ কৰিব নোৱাৰিলে।ইয়াৰ উপৰিও শালমৰা কামজান এলেঙীত ধাৰাবাহিকভাৱে লাগি থকা তীব্ৰ খহনীয়া প্ৰতিৰোধৰ বাবে শক্তিশালী আৰু উন্নত প্ৰযুক্তিৰ আঁচনি গ্ৰহণৰ দাবীত বিভিন্ন সময়ত যুৱ-ছাত্ৰ পৰিষদ তথা ৰাইজে জিলা উপায়ুক্ত আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কাৰ্যবাহী অভিযন্ত্ৰাৰ কায্যালয়ত বাৰম্বাৰ আবেদন-নিবেদন বা আপত্তি দৰ্শাই অহাৰ পিছতো জিলা প্ৰশাসন আৰু সুৰক্ষাৰ দায়িত্বত থকা সংশ্লিষ্ট বিভাগ অথবা এজেন্সীয়ে কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত ন’হল।বৰঞ্চ সকলো পক্ষৰ চুড়ান্ত হেমাহি আৰু অৱহেলাৰ ফলশ্ৰুতিতেই আজিপৰ্যন্ত মাজুলীৰ এচপৰা মাটিও সুৰক্ষিত ন’হল।কাৰ্যসুচীত অংশগ্ৰহণ কৰি পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অলিন হাজৰিকা,মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই কয় যে,বুহ্মপুত্ৰ ব’ড আৰু উচ্চস্তৰীয় বিষয়-ববীয়াই নদীৰ গতিৰ ওপৰত কৰা ক্ষেত্ৰভিত্তিক অধ্যয়ণসমূহৰ কৰ্ম আঁচনি নিদিষ্ট সময় সীমাৰ ভিতৰত সম্পন্ন কৰাৰ ব্যৱস্থা থাকিব লাগে।যিহেতু সাধাৰণতে নদীৰ গতি বাৰিষা আৰু খৰালী কালত সুকীয়া সুকীয়া হোৱা পৰিলক্ষিত হয়।কিন্ত তেনেতো কৰা দুৰৰে কথা সুৰক্ষাৰ নামত যিসমূহ আঁচনি গ্ৰহণ কৰে সেইসমূহো সময় উপযোগী আৰু উচ্চ প্ৰযুক্তিগত বিজ্ঞানসন্মত নোৱোৰ বাবে আগন্তক দিনত ঐতিহ্যপুৰ্ণ শালমৰাকে ধৰি মাজুলী যে নিশ্চন্ন হৈ সেয়া নিশ্চিত হৈ পৰিছে।সমান্তৰালভাৱে ৰজাঘৰীয়াৰো মাজুলীবাসীক লৈ কৰা প্ৰৱঞ্চনা আৰু প্ৰতাৰণাত উদ্বেগ প্ৰকাশ কৰে যুৱ-ছাত্ৰ পৰিষদ তথা স্থানীয় ৰাইজে।পৰিষদে কয় পৰিবৰ্তন,উন্নয়ণ আৰু মাজুলীৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা তথা মাজুলী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰীৰ আসন অলংকিত কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,সাংসদ প্ৰদান বৰুৱা আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত দিনবিলাকত মাজুলীৰ স্থায়ী সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ লগতে আন্তৰিকতাৰে কোনো শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত ন’হল।মাজুলীবাসীৰ ভোটৰ মূল্য আছে কিন্ত জীৱনৰ মূল্য নাই এইয়া কেতিয়াও মানি লোৱা ন’হব বুলি পৰিষদে আজি প্ৰতিবাদথলীৰ পৰা মাজুলীবাসীকলৈ চৰকাৰৰ প্ৰতাৰণাক কঠোৰভাৱে সমালোচনা কৰি মাজুলী সুৰক্ষা নিশ্চিত কৰিবলৈ সকিয়াই দিয়ে।আজি দিনৰ ১১ বজাৰপৰা পুৱ মাজুলী আঞ্চলিকৰ উদ্যোগত জিলা সমিতি,বিভিন্ন আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত শালমৰা মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি  পুৱ মাজুলী আঞ্চলিকৰ সভাপতি অসীম হাজৰিকা আৰু সম্পাদক মানৱ বৰা স্বাক্ষৰিত এক স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। আজিৰ কাৰ্যসুচীত প্ৰায় তিনিশতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি মাজুলীক সুৰক্ষা দিয়ক,ব্ৰহ্মপুত্ৰ ব’ড হুচিয়াৰ,টিকে কোম্পানী মুন্দাবাদ,অসম চলকাৰ হায় হায় আদি শ্ল গান দি পৰিবেশ উত্তাল কৰি তোলে।লগতে আগন্তক দিনটো ঐতিহাসিক শালমৰা অঞ্চলৰ উপৰিও মাজুলী সুৰক্ষাৰ স্বাৰ্থত পুনৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি জিলাৰ সভাপতি মুনিন্দ ভূঞা আৰু সাধাৰণ সম্পাদক পবিত্ৰ বৰাই জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here