ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৭ মে’ ঃ নগাঁও জিলাৰ বৃহত্তৰ জুৰীয়া অঞ্চলত শ শ বিঘা বৰোধানৰ খেতি অস্বাভাৱিকভাৱে নষ্ট হোৱাত মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে শতাধিক কৃষকৰ। জানিব পৰা মতে, জুৰীয়াত অৱস্থিত ৰূপহী ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত লালুং গাঁও, কছাৰীগাঁও, মাহেৰিপাৰ, সঁুতিৰপাৰ, কালিয়াডিংগা, তেলিয়া, বেবেজীয়া আদি বিভিন্ন অঞ্চলৰ সৰহসংখ্যক কৃষকৰ ধানখেতি নষ্ট হোৱাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে কৃষকসকল। অশেষ ত্যাগ, কষ্ট আৰু সাঁচতীয়া ধন খৰচ কৰি মাঘ, ফাগুন মাহত ৰোপণ কৰিছিল বৰো খেতি। খেতিসমূহ ঠন ধৰি উঠাৰ সময়তে সাৰ, ঔষধ, কীটনাশক দ্ৰব্য বজাৰত নাটনিৰ সৃষ্টি হৈছিল। যাৰ ফলত অস্বাভাৱিকভাৱে খেতিসমূহ ধানৰ সলনি পতান ওলাইছে। ফলত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। জিলা কৃষি বিভাগক বিষয়টো সন্দৰ্ভত তদন্ত কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।