গণ বাৰ্তা বিশেষ, অভয়াপুৰী, ১১ নবেম্বৰ: আজি ষট্ পূজা। শৰৎতৰ অন্যতম এটি ধাৰ্মিক উৎসৱ ষট্ পূজা। এই উৎসৱ বিশেষকৈ ভাৰতৰ বিহাৰ, উত্তৰ প্ৰদেশৰ ভাৰতৰ সাৰুৱা সাংস্কৃতিক। ইয়াৰ অবদানো অন্যতম । ভাৰতৰ বিভিন্ন প্ৰান্তত এই উৎসৱ পালন কৰা দেখা যায়। সূৰ্য্য এই পূজাৰ আৰোধ্য দেৱতা। সূৰ্য্য যিহেতু সূৰ্য্যৰ তাপ আৰু পোহৰ অবিহনে কোনো বীজৰ অংকুৰিত নহয়, সেয়েহে সূৰ্য্যক সৰ্বশক্তিমান বুলি জ্ঞান কৰি দীপাৱালীৰ পৰা ষষ্ঠ দিনা লৈ এই পূজাৰ আৰম্ভণি হয় । এই সময়ক ষট্ পঞ্চমী বোলা হয় । এই তিথিত ভক্ত সকলে বিভিন্ন নিতি-নিয়মৰ মাজেৰে পালন কৰি পঞ্চম দিনা নিশা নৈৰ ঘাটত সূৰ্য উদয় লৈকে কুঁহিয়াৰ, ৰবাব টেঙা, মূলা শাক, বিভিন্ন মিষ্টন আদিৰে সূৰ্য্য দেৱতাক আৰধানা কৰে। সূৰ্য্য উদয়ৰ প্ৰাকক্ষণত নতুন বস্ত্ৰ পৰিধান কৰি সূৰ্য্যলৈ দৃষ্টি নিক্ষেপ কৰি নিজকে পানীত ডুবাই সকলোৰে অভিষ্ট সিদ্ধিৰ কামনাৰে ভক্ত সকলে প্ৰাৰ্থনা কৰে। তাৰে লগত সংগতি ৰাখি দেশৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো সূৰ্য্য দেৱতাক উপাসনা কৰাৰ উদ্দেশ্যে ষট্ পূজা ব্যাপক উলহ-মালহেৰে উদ্ যাপন কৰে। অভয়াপুৰীৰ ঐতিয্যমণ্ডিত ৰাজবাৰী পুখুৰীৰ পাৰত আয়োজন কৰা ষট্ পূজাত বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে ভক্তপ্ৰাণ ৰাইজে ষট্ পূজা এক বিশেষ পৰম্পৰা নীতি নিয়মেৰে পালন কৰে । উল্লেখযোগ্য যে এই ষট্ পূজা পূৰ্বে কেইটামান সম্প্ৰদায়ৰ লোকে পালন কৰিছিল যদিও বৰ্তমানে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো লোকে এই পূজাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে