Home অসম নেটৱৰ্কৰ নামত হাৰাশাস্তি , অনলাইন পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থী , নেটৱৰ্ক সলনি...

নেটৱৰ্কৰ নামত হাৰাশাস্তি , অনলাইন পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থী , নেটৱৰ্ক সলনি কৰিব ওলাইছে শ শ জিঅ’ৰ গ্ৰাহকে

286
0

গণবাৰ্তা, দুমুনিচকী, ৫ ছেপ্টেম্বৰঃ জিঅ’ৰ দূৰ্বল নেটৱৰ্কে জ্বলা-কলা খুৱাইছে  কামৰূপ দৰং জিলাৰ  কেইবাখনো গাঁৱৰ শ শ গ্ৰাহকক ৷ প্ৰাপ্ত বাতৰি অনুসৰি  কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ গাতে লাগি থকা গোগ, ৰাধাকুছি, নকুছি গাঁৱৰ জিঅ’ৰ গ্ৰাহক সকলে এটা ফোন কল কৰিবলৈ নেটৱৰ্ক বিচাৰি ঘুৰি ফুৰিব লাগে ৷ ক’ভিড পৰিস্থিতিৰ বাবে শিক্ষানুষ্ঠান সমূহে অনলাইন পাঠদান অব্যাহত ৰাখিছে যদিও জিঅ’ নেটৱৰ্ক ব্যৱহাৰ কৰা উল্লেখিত গাঁও সমূহৰ শিক্ষাৰ্থী সকলে জিঅ’ৰ দূৰ্বল নেটৱৰ্কৰ বাবে এই পাঠদানত অংশগ্ৰহণ কৰিবপৰা নাই ৷ বিশেষকৈ গোগ এল পি স্কুলৰ চৌপাশে প্ৰায় ডেৰ দুই কিলোমিটাৰলৈ জিঅ’ৰ গ্ৰাহকে নেট ব্যৱহাৰ কৰা দূৰৰে কথা ফোন কল এটাও ভালদৰে কৰিব নোৱাৰে ৷ একে সমস্যা  দুমুনিচকী, বাথান ,জয়ন্তীপুৰ, বিষ্ণুপুৰ, শিঙিমাৰী, মাৰুৱাচকী, হেটামতোলা, খলিহৈ খলিহৈ পথাৰ, কুঁৱৰীজান আদি গাঁৱৰ জিঅ গ্ৰাহক ৰাইজৰ যাৰবাবে ইতিমধ্যে বহু গ্ৰাহকে নিজৰ নিজৰ জিঅ নেটৱৰ্ক সলনি কৰিছে ৷ বাকী বৰ্তমানো জিঅ চলাই থকা সকলেও এতিয়া সাজু হৈছে পৰ্ট কৰিবলৈ ৷ এই আকালৰ দিনটো গাঠিৰ ধন  ভাগি গ্ৰাহকে জিঅৰ ৰিচাৰ্জ কৰাই আছে যদিও গ্ৰাহক সকলক সেৱা প্ৰদানত ব্যৰ্থ হৈছে জিঅ’ ৷ ফলত ডাটা ব্যৱহাৰ নকৰাকৈয়ে অথলে যায় ৰিচাৰ্জৰ ধন ৷ যাৰবাবে ভুক্তভোগী গ্ৰাহক সকলে শীঘ্ৰে বিষয়টোত গুৰুত্ব প্ৰদান কৰি উন্নত নেটৱৰ্কৰ ব্যৱস্থা কৰিবলৈ জিঅ কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৷ কম দিনৰ ভিতৰত জিঅ’ কৰ্তৃপক্ষই উন্নত নেটৱৰ্কৰ ব্যৱস্থা নকৰিলে উল্লেখিত এলেকাৰ শ শ জিঅ গ্ৰাহকে পৰ্ট কৰি সমূহীয়াভাৱে জিঅৰ পৰিৱৰ্তে অন্য নেটৱৰ্ক গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তেনেক্ষেত্ৰত জিঅ’ই এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here