Home Main Stories ৰাজ্যত পেট্ৰ’লৰ মূল্যৰ চেঞ্চুৰী বৰাকৰ তিনি জিলাত শতকৰ ঘৰত পেট্ৰ’ল; শীঘ্ৰে ইন্ধনৰ...

ৰাজ্যত পেট্ৰ’লৰ মূল্যৰ চেঞ্চুৰী বৰাকৰ তিনি জিলাত শতকৰ ঘৰত পেট্ৰ’ল; শীঘ্ৰে ইন্ধনৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ আহবান

81
0

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ জুলাই : ক্ৰিকেটত শচীন তেণ্ডুলকাৰ-বিৰাট কোহলীয়ে ৯০ৰ ঘৰত প্ৰৱেশ কৰাৰ পিছত কেতিয়া শতক পূৰ্ণ কৰিব তাৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰাটো আশাব্যঞ্জক যদিও পেট্ৰ’লৰ মূল্য ৯০ৰ ঘৰত প্ৰৱেশ কৰাৰ পিছতে সকলোৰে বুকু দুৰুদুৰুকৈ কঁপিবলৈ ধৰে। পিছে আজি অৱশেষত অসমত পেট্ৰ’লে চেঞ্চুৰী কোবায়। ৰাজস্থান, দিল্লী আদি ৰাজ্যত পূৰ্বতেই পেট্ৰ’লে শতকৰ ঘৰ স্পৰ্শ কৰাৰ পিছত অসমতো শীঘ্ৰেই প্ৰতিলিটাৰ পেট্ৰ’লে চেঞ্চুৰী কোবাব বুলি বিগত কে’বাদিন ধৰি সৰৱ চৰ্চা অব্যাহত আছিল। আজি বৰাকৰ তিনিখন জিলাত পেট্ৰ’লৰ মূল্যই এশ টকা স্পৰ্শ কৰাৰ পিছতেই এতিয়া সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত উঠিছে। আজি বৰাকত পেট্ৰ’লৰ মূল্য আছিল ১০০.২৮ টকা। আনহাতে, আজি গুৱাহাটীত ৯৫.৪১ টকাত প্ৰতিলিটাৰ পেট্ৰ’ল বিক্ৰী হৈ আছে। একেদৰে গোৱালপাৰাত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৬.০৮, কোকৰাঝাৰত ৯৫.৮৪, কাৰ্বি আংলঙত ৯৬.৮২, নগাঁৱত ৯৩.৬৫, শোণিতপুৰত ৯৫.৪৬, ডিমা হাছাওত ৯৬.৪০, বৰপেটাত ৯৫.৯৭, বঙাইগাঁৱত ৯৫.২৩, চিৰাঙত ৯৫.২৩ টকা হোৱা পৰিলক্ষিত হয়। লক্ষণীয় যে ইন্ধনৰ ব্যাপক মূল্যবৃদ্ধি হোৱাৰ পিছতে এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইন্ধনৰ মূল্যবৃদ্ধি ঘটাৰ লগে লগে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হয়। প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য সম্প্ৰতি ১০০ টকা স্পৰ্শ কৰাৰ পিছতে খাদ্য-সামগ্ৰীকে ধৰি অন্যান্য সা-সামগ্ৰীৰ পৰিবহণ ব্যয় বৃদ্ধি ঘটিব। যাৰ ফলত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক পুনৰ এবাৰ মাধমাৰ শোধাব। ক’ভিডৰ বাবে ইতিমধ্যে ৰাজ্যৰ নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীয়ে ব্যাপক আৰ্থিক অনাটনৰ সন্মুখীন হৈছে। তেনেক্ষেত্ৰত ইন্ধনৰ মূল্যবৃদ্ধি ঘটাৰ লগে লগে এইসকল লোকৰ মূৰত আকাশ ভাগি পৰাৰ দৰে হৈছে। অকল পেট্ৰ’লেই নহয়, ডিজেলতো ব্যাপক মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আজি গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮৯ টকা স্পৰ্শ কৰিছে। তেনেক্ষেত্ৰত ইন্ধনৰ মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ আহবান জনাইছে সৰ্বসাধাৰণ জনতাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here