Home স্থানীয় ভয়াবহ বানৰ কবলত নাৰায়ণপুৰৰ বিস্তীৰ্ণ অঞ্চল : শতাধিক লোকৰ বাসগৃহ জলমগ্ন

ভয়াবহ বানৰ কবলত নাৰায়ণপুৰৰ বিস্তীৰ্ণ অঞ্চল : শতাধিক লোকৰ বাসগৃহ জলমগ্ন

482
0

গণ বাৰ্তা,নাৰায়ণপুৰ,৬এপ্ৰিল:-বিগত কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নৈ উপনৈ সমূহ ফেনেফুটুকাৰে বাঢ়ি অহাৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে। অৰুণাচল পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা দোৰপাং-দিহিৰি নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে নাৰায়ণপুৰৰ কেইবাখনো গাঁও। খৰস্ৰোতা নৈৰ ঢলে বুৰাইছে মাঘনোৱা,নটগাৱকে ধৰি কেইবাখনো গাঁৱৰ বহু পৰিয়ালৰ ঘৰ বাৰী৷ নৈ কেইখনৰ প্ৰলয়ংকৰী বানত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰঙতি সংযোগী গড়কাপ্তানি পথৰ মাঘনোৱা অঞ্চলত পথৰ ওপৰেদি বাগৰিছে পানী৷ নৈকেইখনত  অপৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণ কৰাৰ বাবেই চ’ত মাহতে বানৰ লগত সহৱস্থান কৰিব লগা হৈছে বহু পৰিয়ালে৷ ইফালে স্থানীয় প্ৰশাসন তথা বিধায়কে কোনো খবৰ নোলোৱাৰ অভিযোগ বানপীড়িতলোক সকলকৰ৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here