Home অসম নামনি সোৱণশিৰি প্ৰকল্পৰ মূল বান্ধলৈ যোৱা পথত বৃহৎ ফাট : কৰ্মচাৰক মূল...

নামনি সোৱণশিৰি প্ৰকল্পৰ মূল বান্ধলৈ যোৱা পথত বৃহৎ ফাট : কৰ্মচাৰক মূল বান্ধলৈ যোৱাত বাধা এন এইচ পি চিৰ ত্ৰস্তমান নামনিৰ লাখ লাখ লোক

63
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ জুন : পুনৰ নামনি সোৱণশিৰি প্ৰকল্পলৈ অশনি সংকেত আহিছে৷ কিছুদিন পূৰ্বে মূল বান্ধৰ কফাৰ বান্ধ ভঙাৰ লগতে দ্বিতীয়টো টানেলৰ ছাদ খহি পৰাৰ ফলত এজন শ্ৰমিক নিহত হৈছিল৷ আনহাতে, বিগত সপ্তাহত নেৰানেপেৰা বৰষুণে কফাৰ বান্ধ ভাঙি মূল বান্ধ উপচি পৰিছিল৷ মূল বান্ধৰ ওপৰেৰে পানী বোৱাত এক ভয়ংকৰ ৰূপ লৈছিল সোৱণশিৰিৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পই৷ আনকি কিছুদিন পূৰ্বে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙে উপস্থিত হৈ যিখন মঞ্চৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰ্যৱেক্ষণ কৰিছিল আৰু যিকোনো মূল্যৰ বিনিময়ত বিদ্যুৎ উৎপাদন কৰা হ’ব বুলি হুংকাৰ দিছিল৷ সেইখন মঞ্চ এতিয়া পানীৰ তলত৷ লক্ষণীয় যে হিমালয়ৰ পাদদেশৰ ভংগুৰ শিলৰ ওপৰত বৃহৎ নদীবান্ধ এটা বিজ্ঞানসন্মত নহয় বুলি বিশেষজ্ঞ কমিটীয়ে বাৰম্বাৰ কৈ অহাৰ পিছতো এনএইচপিচিয়ে আঁকোৰগোজ মনোভাবেৰে নদীবান্ধ নিৰ্মাণ কৰি আহিছে৷ এই কাৰ্যত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইন্ধন যোগাই আহিছে৷ প্ৰতিবাৰেই বাৰিষা আহিলেই মূল বান্ধৰ কফাৰ বান্ধ ভঙাটো এটা নৈমিত্তিক ঘটনাত পৰিণত হৈ পৰিছে৷ কিন্তু পিছ হোঁহকা নাই এনএইচপিচি৷ নামনি অঞ্চলত বসবাস কৰা লাখ লাখ জনতাৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দি এনএইচপিচিয়ে নদীবান্ধৰ কাম অব্যাহত ৰাখিছে৷ কিন্তু যিমানেই কাম আগবাঢ়িছে, সিমানেই দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি ঘটিছে নদীবান্ধটোত৷ দুটা মাহৰ ভিতৰতে মূল টানেলৰ ছাদ খহি এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন আহত হোৱাৰ ঘটনা সংঘটিত হোৱাৰ লগতে কফাৰ বান্ধ ভঙা আৰু মূল বান্ধৰ ওপৰেৰে পানী বাগৰা ঘটনা সংঘটিত হৈছে৷ আজি মূল বান্ধলৈ যোৱা পথটোৰ কে’বা স্থানত বৃহৎ বৃহৎ ফাঁট মেলা পৰিলক্ষিত হৈছে৷ মূল বন্ধৰ মূল টানেলৰ সন্মুখলৈ যোৱা পথটোৰ কংক্ৰিটসমূহ ওফৰি গৈছে৷ পথটো অতিকৈ বিপজ্জনক হোৱাত মূল বান্ধৰ টানেললৈ যোৱা শ্ৰমিকসকলক বাধা দিয়া হৈছে৷ মূল বান্ধৰ টানেলৰ ভিতৰত কাম-কাজ সম্পূৰ্ণ বন্ধ কৰি দিছে এনএইচপিচিয়ে৷ লক্ষণীয় যে ভংগুৰ শিলৰ ওপৰত যে শক্তিশালী নিৰ্মাণকাৰ্য সুস্থিৰ নহয় সেয়া পুনৰ এবাৰ প্ৰমাণিত হৈছে৷ কিন্তু এইক্ষেত্ৰত আঁকোৰগোজ এনএইচপিচি কতৃৰ্পক্ষ৷ এনে অৱস্থাত বৃহৎ নদীবান্ধটোৱে যে নামনিত বসবাস কৰা লাখ লাখ লোকৰ জীৱনলৈ জলপ্ৰলয় নমাই নানিব সেয়া নিশ্চিত কৰিব নোৱাৰি৷ তেনেক্ষেত্ৰত বৃহৎ নদীবান্ধটোক লৈ জাতীয় দল-সংগঠনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়াহে লক্ষণীয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here