Home Main Stories মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড: পত্নীক হত্যা কৰি টুকৰাটুকুৰ কৰি লুকুৱালে পাকঘৰত, আৰক্ষীৰ জালত...

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড: পত্নীক হত্যা কৰি টুকৰাটুকুৰ কৰি লুকুৱালে পাকঘৰত, আৰক্ষীৰ জালত হত্যাকাৰী স্বামী সন্তোষ গুপ্তা

116
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২২ অক্টোবৰ: মহানগৰীত এটাৰ পিছত এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ’বলৈ ধৰিছে৷ কিছুদিন পূৰ্বে উজান বজাৰত ভাতৃয়ে ভগ্নীক পটাগুটি, কুকাৰেৰে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই মহানগৰীৰ গড়চুকৰ বৰাগাঁৱত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ পত্নীক হত্যা কৰি সন্ধানহীন হোৱাৰ নাটক ৰচনা কৰি আৰক্ষীৰ জালত পৰিছে সন্তোষ গুপ্তা নামৰ এজন লোক৷ কালি দুপৰীয়া ৩ বজাৰ পিছত পত্নীক ঘৰলৈ উভতি নহা তথা অজ্ঞাত সন্ত্ৰাসবাদীয়ে অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছিল বৰাগাঁৱৰ বাসিন্দা সন্তোষ গুপ্তা৷ দীৰ্ঘদিন ধৰি বৰাগাঁৱত অন্তিমা গুপ্তা আৰু সন্তোষ গুপ্তা নামৰ সন্তানহীন দম্পতীটোৱে বসবাস কৰি আছিল৷ কালি দুপৰীয়া অন্তিমা নিৰুদ্দেশ হোৱা তথা ম’বাইলযোগে প্ৰাক্তন বিএলটিৰ সদস্যই অপহৰণ কৰি নিয়া বুলি আৰক্ষীক অৱগত কৰিছিল সন্তোষ গুপ্তাই৷ আনকি অপহৰণ কৰা আৰু ইয়াৰ মুক্তিপণ বিচাৰি দিয়া মেছেজো আৰক্ষীক দেখুৱাইছিল সন্তোষ গুপ্তাই৷ পিছত আৰক্ষীয়ে তদন্ত সাপেক্ষে সন্তোষৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতেই ওলাই উৰহি গছৰ ওৰ৷ সন্তোষৰ ভাৰাতীয়া দেৱযানী দাসক জেৰা চলোৱাৰ পিছতে নিৰ্মম হত্যাকাণ্ডৰ ৰহস্যৰ পৰা পৰ্দা আঁতৰে৷ কালি সন্তোষ গুপ্তাই পত্নী অন্তিমা গুপ্তাক শীতল মস্তিষ্কৰে হত্যা কৰি সন্তোষ গুপ্তাৰ ঘৰত ভাৰাতীয়া হিচাপে থকা দেৱযানী দাসৰ ভাৰাঘৰৰ পাকঘৰত লুকুৱাই ৰাখিছিল৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ পিছত চকু কপালত উঠে৷ অকল হত্যা কৰাই নহয়, মৃতদেহটো কাটি টুকুৰাটুকুৰ কৰি বস্তাত ভৰাই ৰাখিছিল সন্তোষ গুপ্তাই৷ আনকি ধৰা পৰাৰ ভয়ত তদন্তৰ বাবে ঘৰলৈ আৰক্ষী অহাত বাধা প্ৰদান কৰিছিল সন্তোষ গুপ্তাই৷ আৰক্ষীৰ জেৰাত দেৱযানী দাসে স্বীকাৰ কৰা অনুসৰি সন্তোষ দাসৰ সৈতে আন দুজন ব্যক্তিয়ে হত্যাকাণ্ড সংঘটিত কৰিছিল৷ ইপিনে, আৰক্ষীৰ জেৰাত আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ দেৱযানীৰ সৈতে আছিল সন্তোষ গুপ্তাৰ প্ৰেমৰ সম্পৰ্ক৷ অন্তিমাৰ পৰা কোনো সন্তান লাভ কৰা নাছিল সন্তোষ গুপ্তাই৷ তেনে অৱস্থাত দেৱযানীৰ পৰা সন্তানৰ আশাত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু এই প্ৰেমৰ সম্পৰ্কত হেঙাৰ হোৱাৰ বাবেই অন্তিমাক হত্যা কৰিছিল সন্তোষে৷ ইতিমধ্যে গড়চুক আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে৷ শীঘ্ৰেই এই হত্যাকাণ্ডত কোন কোন জড়িত আছিল তাৰ তথ্য ওলাই পৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here