Home স্থানীয় বৰলীয়া নৈৰ ওপৰৰ সাঁকো উটুৱাই নিলে বাঢ়নী পানীয়ে

বৰলীয়া নৈৰ ওপৰৰ সাঁকো উটুৱাই নিলে বাঢ়নী পানীয়ে

76
0

আৰিফ আহমেদ, তামুলপুৰ, ৬ জুন : বাক্সা জিলাৰ তামুলপুৰ মহকুমাত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে আজি উটুৱাই নিয়ে এখন বাঁহৰ সাঁকো। দ্বাৰকুছি- ৰাঙাপানী- কাউৰবাহা সংযোগী পথৰ লাছিঘাটত থকা বাঁহৰ দলংখন আজি উটুৱাই নিয়ে বৰলীয়া নৈৰ বাঢ়নী পানীয়ে। কিছু বছৰ আগলৈ লাছিঘাটত বৰলীয় নৈৰ ওপৰত এখন কাঠৰ দলং আছিল যদিও সেইখন নৈৰ পানীয়ে উটুৱাই নিয়াত স্থানীয় ৰাইজে বাঁহৰ সাঁকো সাজি সাঁকো খনৰ ওপৰেৰে যাতায়ত অব্যাহত ৰাখিছিল। প্ৰতি বছৰে স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহৰ সাঁকো নিৰ্মান কৰি যাতায়ত অব্যাহত ৰাখে যদিও সাঁকো খন উটুৱাই নিয়াত যাতায়ত বন্ধ হৈ পৰে। সাঁকো খন উটুৱাই নিয়াত কেইবাখনো গাঁওৰ হেজাৰ হেজাৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু ৰোগীৰ বাবে বন্ধ হৈ পৰিছে যাতায়ত। অনতি পলমে দ্বাৰকুছি-ৰাঙাপানী- কাউৰবাহা পথত এখন পকী দলংৰ নিৰ্মাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োক অনুৰোধ কৰিছে এবিএমছু আৰু স্থানীয় ৰাইজৰ। অন্যথা গণতান্ত্ৰিক আন্দোলন কৰিব বুলিও এবিএমছুৰ সকীয়নি প্ৰদান কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here