গণৰ্বাতা , ২০ জুন : নগাঁওৰ কামপুৰত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । অভিযান চলাবলৈ যোৱা কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতি আৰু কণিষ্টবল ৰাজীৱ বৰদলৈক বানে উটুৱাই নিয়ে। আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই দুয়োৰে মৃতদেহ উদ্ধাৰ কৰিছে। উল্লেখ্য যে গুৱাহাটীৰ চাংসাৰিৰ সমুজ্জ্বল কাকতিয়ে মাত্ৰ ১ টা মাহ পূৰ্বে কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰিছিল। মাত্ৰ ১ টা মাহতে তেওঁ কামপুৰৰ বিভিন্ন লোকৰ মাজত আন্তৰিক সম্পৰ্ক গঢ়িবলৈ সক্ষম হৈছিল। অঞ্চলটোত নতুনকৈ যোৱাৰ বাবেই তেওঁ বাট-পথ ভালকৈ চিনি পোৱা নোপোৱাৰ বাবেই দেওবাৰে নিশা এই অঘটন সংঘটিত হ’বলৈ পালে বুলি স্থানীয় ৰাইজে অনুমান কৰিছে। দুয়োগৰাকী আৰক্ষীৰ মৃত্যুত কামপুৰৰ লগতে আৰক্ষীৰ মাজত শোকৰ ছাঁ পৰিছে।