Home অসম উত্তৰ অসমত অবৈধ অৰুণাচলী সুৰা মাফিয়া দপদপনি

উত্তৰ অসমত অবৈধ অৰুণাচলী সুৰা মাফিয়া দপদপনি

91
0

গণ বাৰ্তা বিশেষ সেৱা, বিহালী, ১৫ মে’ ঃ উত্তৰ অসমৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলা হৈ বহিঃৰাজ্যলৈ দৈনিক সৰবৰাহ হয় গাড়ীয়ে গাড়ীয়ে অবৈধ অৰুণাচলী সুৰা৷ মৌন ৰূপত গহপুৰ মহকুমা আবকাৰী বিষয়া-কৰ্মচাৰী৷ উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ পৰা এটা অৰুণাচলী সুৰা মাফিয়া দলে সপ্তাহৰ বিশেষ দিনসমূহত ট্ৰাকে ট্ৰাকে অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰি অহাৰ অভিযোগ উঠিছে৷ কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত গহপুৰ মহকুমা আবকাৰী বিভাগ৷ আবকাৰী বিভাগৰ পৰিৱৰ্তে বিশ্বনাথ জিলা আৰক্ষীয়ে এতিয়া ইখনৰ পিছত সিখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ কৰি চৰ্চালৈ আহিছে৷ কিন্তু তাৰ বিপৰীতে গহপুৰ আবকাৰী বিভাগে বৰ্তমানলৈকে তেনে কোনো অবৈধ অৰুণাচলী সুৰা বেপাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হোৱা নাই৷ অৰুণাচলী সুৰা সৰবৰাহ প্ৰতিৰোধ কৰিবলৈ আবকাৰী বিভাগে যিদৰে কঠোৰ হ’ব লাগিছিল, সেইদৰে নোহোৱাৰ অভিযোগ উঠিছে আবকাৰীৰ বিৰুদ্ধে৷ গহপুৰ আবকাৰীৰ বিৰুদ্ধে অভিযোগ উঠিছে একাংশ অৰুণাচলী সুৰা বেপাৰীৰ সৈতে গোপন মিতিৰালি কৰি বহিঃৰাজ্যলৈ অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গহপুৰ নগৰৰ মাজেৰে দৈনিক সুৰা বেপাৰীয়ে অবৈধভাৱে সুৰাসমূহ সৰবৰাহ কৰাৰ পিছতো গহপুৰ আবকাৰীয়ে ট্ৰাকসমূহ জব্দ নকৰাত সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে৷ উল্লেখ্য যে আবকাৰীৰ পৰিৱৰ্তে বিশ্বনাথ আৰক্ষীয়ে ইখনৰ পিছত সিখন অবৈধ অৰুণাচলী সুৰাৰ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, কালি বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ ঘাঁহিগাঁও আৰক্ষীয়ে ২৩ কাৰ্টন অবৈধ অৰুণাচলী সুৰাসহ এজন কুখ্যাত সুৰা বেপাৰীক আটক কৰিবলৈ সক্ষম হয়৷ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংছালি সোণাৰি গাঁৱৰ গোপাল হাজৰিকা নামৰ যুৱকজনে দীৰ্ঘদিন ধৰি নিজৰ ALTOK১০ বাহনখনে দৈনিক অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই গৈছিল আৰক্ষীৰ চকুত ধূলি দি৷ ইফালে, এই ৰমৰমীয়া অবৈধ অৰুণাচলী সুৰা বেপাৰৰ তথ্য লাভ কৰিছিল ঘাঁহিগাঁও আৰক্ষীয়ে৷ যোৱা কে’বাদিন ধৰি ঘাঁহিগাঁও আৰক্ষীয়ে সুৰা বেপাৰী গোপাল হাজৰিকাক আটক কৰিবলৈ চেষ্টা কৰিছিল যদিও পৰা নাছিল৷ ইফালে, অৱশেষত কালি ঘাঁহিগাঁৱৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত অৰুণাচলী সুৰা বেপাৰীটো৷ টেটুনবাৰী অৰুণাচলী সুৰা সৰবৰাহ কৰি থকা সময়তে সুৰা বেপাৰীটোক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী৷ লগতে আৰক্ষীয়ে AS১২Y৮৪৩৯ নম্বৰৰ ALTOK১০ বাহনখন জব্দ কৰা লগতে ৰ,১৯১টা অবৈধ অৰুণাচলী সুৰাৰ বটল জব্দ কৰে৷ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি গোপাল হাজৰিকাৰ নেতৃত্বত কেইজনমান যুৱকে বিলাসী বাহনত অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰি বিভিন্ন জিলালৈ সৰবৰাহ কৰাৰ লগতে বিহালীৰ বিভিন্ন স্থানত সুৰাৰ যোগান ধৰি অহাৰ তথ্য পোহৰলৈ আহিছে৷ কিন্তু এইক্ষেত্ৰত আবকাৰী বিভাগ যিদৰে কঠোৰ হ’ব লাগিছিল, তেনেদৰে কঠোৰ হোৱা পৰিলক্ষিত হোৱা নাই৷ এইক্ষেত্ৰত আবকাৰী মন্ত্ৰীয়ে গহপুৰ আবকাৰী বিষয়া-কৰ্মচাৰীৰ ওপৰত কিদৰে কঠোৰ হয়, সেইটোহে হ’ব লক্ষণীয়৷ এইক্ষেত্ৰত পৰৱৰ্তী প্ৰতিবেদনত দাঙি ধৰা হ’ব আবকাৰীৰ ভূমিকা৷ তালৈ আমি অপেক্ষা কৰিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here