Home স্থানীয় পবিতৰা অভয়াৰণ্যত দুস্কৃতিকাৰীৰ শেনচকু , হাডুক বিল আৰু জলাশয়ত অবৈধ ভাৱে মাছ...

পবিতৰা অভয়াৰণ্যত দুস্কৃতিকাৰীৰ শেনচকু , হাডুক বিল আৰু জলাশয়ত অবৈধ ভাৱে মাছ মাৰি চলাইছে ৰমৰমীয়া ব্যৱসায়

105
0

বনকৰ্মী জড়িত থকাৰ সন্দেহ স্থানীয় ৰাইজৰ , তীব্ৰ প্ৰতিক্ৰিয়া

বাবু মনি শৰ্মা, মৰিগাঁও, ১৮ জুনঃ : মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ লগতে ভিতৰ ভাগত থকা জলাশয় সমূহত নিশাৰ ভাগত দুস্কৃতিকাৰীয়ে মাছ মাৰি এক ৰমৰমীয়া ব্যৱসায় চলাই থকা কাৰ্যক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভয়াৰণ্য খনৰ জলাশয় সমূহত একাংশ দুস্কৃতিকাৰীয়ে অবৈধ ভাৱে নিশাৰ ভাগত মাছ মাৰি দীৰ্ঘদিন ধৰি এক ব্যৱসায় চলাই থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।অভয়াৰণ্য খনৰ জলাশয় সমূহত সন্ধিয়াৰ ভাগত বহুকেইজন সন্দেহজনক লোক ঘুৰি ফুৰা প্ৰায়ে স্থানীয় লোক সকলে প্ৰত্যক্ষ কৰিছে। ৰাজ্য চৰকাৰৰ বিয়াগোম বন বিভাগৰ লোক সকল থকাৰ পিছতো পূৰ্বৰ দৰে পুনৰ পবিতৰা অভয়াৰণ্যৰ হাডুক বিল আৰু দ- জলাশয় সমূহত নিশাৰ ভাগত দুস্কৃতিকাৰীয়ে কেনেকৈ অবৈধ ভাৱে মাছ মাৰিবলৈ সুবিধা পালে,তাকলৈও স্থানীয় ৰাইজৰ মাজত সন্দেহ ঘুণীভূত হৈছে। পবিতৰা অভয়াৰণ্যখনত বিগত কেইবামাহ ধৰি স্থায়ী ভাৱে বনবিষয়া নিযুক্তি হোৱা নাই।বনবিষয়া নিযুক্তি নোহোৱাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি নিশাৰ ভাগত দুস্কৃতিকাৰীয়ে জলাশয় সমূহত অবৈধ ভাবে মাছ মাৰি এক অবৈধ ব্যৱসায় চলাই আহিছে। জিলা খনৰ ঐতিহ্যজড়িত পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ লগতে জলাশয় সমূহত নিশাৰ আন্ধাৰত এনেদৰে দুস্কৃতিকাৰীয়ে মাছমৰা কাৰ্য্যত অভয়াৰণ্য খনৰ দুজনমান বনকৰ্মীয়েও সহায় কৰি আহিছে বুলি স্থানীয় লোকে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখ যে- বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্যৰ ভিতৰত থকা কেইবাটাও দ জলাশয় আছে। অভয়াৰণ্য খনত থকা জলাশয়সমূহত মাছ- কাছ আদিৰ বসতিস্থল। এই জলাশয় সমূহত নিশা হ’লেই দুষ্কৃতিকাৰীৰ বিচৰণে অভয়াৰণ্যখনৰ জীৱকূললৈ ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা বৃদ্ধি পাইছে। আনহাতে, আজি কিছুদিনৰ পৰা অভয়াৰণ্য খনৰ বনকৰ্মীৰ লগত দুস্কৃতিকাৰীৰ গোপন বুজাবুজি থকাৰ বাবে এনেদৰে নিশা অভয়াৰণ্য খনৰ ভিতৰত থকা দ-জলাশয় সমূহত মাছ মাৰিবলৈ সুবিধা পোৱা বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। ইপিনে, দিশপুৰৰ গাতে লাগি থকা পবিতৰা অভয়াৰণ্যৰ জলাশয় সমূহত নিশাৰ আন্ধাৰত কাৰ সাহসত দুস্কৃতিকাৰীয়ে অবৈধ ভাৱে মাছ মাৰি সাম্ৰাজ্য চলাই আহিছে, ৰাইজৰ মাজত এক প্ৰশ্ন উত্থাপন হৈছে। এই দুস্কৃতিকাৰী সকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে জিলাবাসীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here