Home স্থানীয় চিৰাঙত হাতীৰ দাঁতসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

চিৰাঙত হাতীৰ দাঁতসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

87
0

সঞ্জয় সৰকাৰ, কাজলগাঁও, ২৩ অক্টোবৰ ঃ বন বিভাগ আৰু এছ এছ বিৰ যুটীয়া অভিযানত চিৰাং জিলাখনৰ পৰা দুটা হাতীৰ দাঁতসহ আটক কৰা হৈছে এটা চোৰাং চিকাৰীক। ধৃত চোৰাং চিকাৰীজনৰ নাম কিৰণ বৰগয়াৰী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চিৰাং জিলাৰ ভাৰত-ভূটান সীমন্তৱৰ্তী আমটেকাত চোৰাং চিকাৰী কিৰণ বৰগয়াৰীৰ বাসগৃহত চলোৱা অভিযানত দুটাকৈ হাতীৰ দাঁতসহ লোকজনক আটক কৰে বন বিভাগ আৰু এছ এছ বিৰ অভিযানকাৰী দলটোৱে। অভিযান কালত এছ এছ বিৰ জোৱান জিতেন বড়োক চোৰাং চিকাৰী কিৰণ বৰগয়াৰীয়ে কামুৰি পলাবলৈ চেষ্টা কৰে যদিও বিফল হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here