Home Main Stories যাবখোজা ধৰণেই গ’লগৈ মহীৰূহ গৰাকীঃ

যাবখোজা ধৰণেই গ’লগৈ মহীৰূহ গৰাকীঃ

52
0

✍️ আবু চুফিয়ান 
অসমৰ সমাজ জীৱনৰ দিকদৰ্শক,ভাষা সাহিত্যৰ পুৰোধা ব্যক্তি যাৰ লেখা,সাহিত্য আৰু আন কৰ্মই অসমৰ শত সশস্ত্ৰ মানসিক,শাৰীৰিক বা আৰ্থিকভাৱে ভাগি পৰা মানুহক জীয়াই থকাৰ প্ৰেৰণা দিছিল,কৰোণাধাৰাৰ জৰিয়তে লাখ লাখ বিশেষভাৱে সক্ষম লোকক নতুন জীৱন দিবলৈ সক্ষম হৈছিল,বিভিন্ন কাৰণত জীৱনৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰা  একাংশক জীৱন জীয়াই থকাৰ নতুন বাট বিচাৰি পাবলৈ উদ্বুদ্ধ কৰিছিল,নমৰালৈকে যিয়ে যৌবন লৈ জীয়াই থাকিব খুজিছিল,মৃত্যুৰ আগত পৰমুখাপেক্ষী হ’ব খোজা নাছিল,জীৱনৰ শেষ ক্ষণলৈ কৰ্মৰ মাজত জীৱন উপভোগ কৰিব খুজিছিল  সেই আশাৰেই,সেই বাটেৰেই কথাশিল্পী হোমেন বৰগোহাঞি ছাৰ আজি ৰাতিপুৱা গ’লগৈ ৷ তেখেতৰ এই মহাপ্ৰয়াণে আমাৰ বুকুত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে যি শূন্যতাও তেখেতৰ জীৱন সম্পৰ্কে লেখা লিখনিৰ জৰিয়তেই পূৰণ কৰিব লাগিব ৷    ৰাতিপুৱাই খবৰটো পাই কিছুসময় স্তব্ধ হৈ পৰিলোঁ ৷ পঢ়ি থকা ’নিয়মীয়া বাৰ্তা’খন হাততেই থাকিল,কেৱল বুজাব নোৱাৰা এক শূন্যতাত যেন উলমি থাকিলোঁ ৷ প্ৰবল মানসিক শক্তিৰ অধিকাৰী হোমেন বৰগোহাঞি ছাৰে ক’ভিডৰ দুটা পালি প্ৰতিষেধক লোৱাৰ পিছতো কোভিডৰ নতুন ’ডাবল ষ্ট্ৰেইন’ত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকোতে তেখেতৰ লেখাই দিয়া মানসিক সাহসৰ বাবেই নিশ্চিত আছিলোঁ ছাৰক ক’ভিডে ধৰাষায়ী  কৰিব নোৱাৰে ৷ সঁচাকৈয়ে আমাৰ বিশ্বাসক সঁচা প্ৰমাণ কৰি অতিমাৰীৰ আক্ৰমণক জয় কৰি ঘৰলৈ উভতি আহিছিল দুদিনমান আগত ৷ হঠাত কি হ’ল নাজানিলোঁ ৷ কেতিয়া জি এন আৰ চিলৈ লৈ গ’ল তাকো নাজানিলোঁ ৷ হয়তো পোষ্ট ক’ভিড চিন্দ্ৰ’মৰ বাবেই কিবা এটা হ’ল ! ইচ্ছা কৰা ধৰণেই কাকো আমনি নিদি বা কাৰোবাৰ স্নেহৰ পাত্ৰ হৈ থাকিবলৈ মন নকৰিলে ৷ মৃত্যুক হীৰুদাৰ ভাষাত শিল্পলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হ’ল অসমীয়া জাতিৰ সন্ধিক্ষণত বটবৃক্ষ হৈ থিয় দিয়া যুঁজাৰোগৰাকী ৷   তেখেত হাস্পতালত থাকোতে পাঠকৰ কৌতূহলৰ উত্তৰ হিচাপে মৃত্যু সম্পৰ্কে কিয় বেছিকৈ আলোচনা কৰিবলৈ লৈছে তাৰ সঠিক বিশ্লেষণ আগবঢ়োৱা লেখা,ঢকুৱাখানাৰ শৈশৱ কালৰ গৰৈ মাছ ধৰাৰ আনন্দৰ বিষয়ে নিয়মীয়া বাৰ্তাৰ পাতত পঢ়িবলৈ পাইছোঁ ৷ আজি এটা কথাই বৰকৈ আমনি দি আছে ৷ বৰগোহাঞি ছাৰ চিকিৎসাধীন অৱস্থাত উত্তৰ লক্ষীমপুৰৰ জীৱন্ত শইকীয়াৰ পৰা তেখেতৰ মোবাইল নম্বৰ সংগ্ৰহ কৰিছিলোঁ এবাৰ কথা পাতো বুলি,সেয়া নহ’ল আৰু কোনোদিনেই নহ’ব ৷ কেবাদিনো নম্বৰটো ডায়েল কৰিবলৈ লৈ থমকি ৰৈছোঁ এটা কথাৰ বাবে ৷ তেখেতে কামৰ সময়ত কোনোবাই আমনি কৰিলে,এপইণ্টমেণ্ট নলৈ তেখেতক লগ কৰিবলৈ গ’লে বৰ খং কৰে বুলি বিভিন্নজনৰ পৰা শুনিছিলোঁ ৷ তেখেতৰ প্ৰতি শ্ৰদ্ধা-ভক্তি অপৰিসীম আছিল যদিও এটা ভয় সদায় লৈ ফুৰিছিলোঁ ৷ সেই ভয়টোৱে মোক কথা পতাত বাধা দিছিল ৷ কিজানিবা কিবা গভীৰ বিষয়ৰ কিতাপ পঢ়ি আছে বা স্নানাগাৰত আছে,জিৰণি লৈয়ো থাকিব পাৰে ৷ মোৰ দৰে এজন সামান্য শুভাকাংক্ষীয়ে কুশল বাৰ্তা লোৱাৰ নামত তেখেতৰ এনে সময়ত আমনি দিয়াটো উচিত হ’ব নে ? আজি ভাবিছোঁ আমনি দিয়া হ’লেই ভাল আছিল ৷  তেখেতে ড° ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ দৰেই নতুন লেখকক উৎসাহ দি আগুৱাই লৈ গৈছিল ৷ তেখেতৰ উৎসাহ,সাহস আৰু প্ৰেৰণাত বহুত কবি,গল্পকাৰ,ঔপন্যাসিক,নিবন্ধকাৰৰ জন্ম হৈছে ৷ জটিল দূৰাৰোগ্য ৰোগত আক্ৰান্ত,দূৰ্ঘটনাত হাতভৰি হেৰুৱাজনেও কেৱল জীয়াই থকাৰ প্ৰেৰণাই নহয় লেখক,সাহিত্যিকৰ শাৰীত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ কেৱল নিজৰ বাবে জীয়াই থকা মানুহৰ অভাৱ নাই এই পৃথিৱীত,লোকৰ বাবে প্ৰেৰণাৰ উৎস হৈ জীৱন জীয়াৰ সাৰ্থকতাই সুকীয়া ৷ বৰগোহাঞি ছাৰ এনে জীৱনৰ ধ্ৰুৱতৰা হৈ আমাক সদায় প্ৰেৰণা দি থাকিব ৷ বৰগোহাঞি ছাৰ ’আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক হৈ থাকোতে আমি ধোদৰ ওপৰত “পি পু সি শু ” শিৰোনামাৰে প্ৰবন্ধ এটা পঠিয়াইছিলোঁ ৷ আমাৰ দূৰ্ভাগ্য যে সেই সময়তে তেখেত ’আমাৰ অসম’ৰ পৰা নিয়মীয়া বাৰ্তালৈ গুছি আহিল ৷ ফলত আমাৰ লেখাটো আমাৰ অসমত প্ৰকাশ নহ’ল ৷ বহুদিন পিছত সেই লেখাটো নিয়মীয়া বাৰ্তালৈ পঠিয়াই দিও আৰু এসপ্তাহৰ ভিতৰতে লেখাটো প্ৰকাশ পায় ৷ এয়াই আছিল বৰগোহাঞি ছাৰৰ নতুন লেখকলৈ উৎসাহৰ নমুনা ৷   হোমেন বৰগোহাঞি ছাৰৰ সমগ্ৰ লেখা আমাৰ দ্বাৰা পঢ়া হোৱা নাই যদিও বাতৰি কাকতৰ লেখা,গ্ৰন্থ যতেই পাওঁ সংগ্ৰহ কৰি পঢ়াৰ চেষ্টা কৰিছোঁ ৷ এই লেখাবোৰে জীৱনৰ ইতিবাচক চিন্তাৰ কথাই আমাক শিকাইছে ৷ মানসিক সাহস থাকিলে জটিল অস্ত্ৰোপচাৰো যে চিকিৎসকৰ কাৰণে সহজ হয়,শক্তিশালী মানসিকতাই যে ৰোগপ্ৰতিৰোধী ক্ষমতা বঢ়ায় তাৰ জলন্ত উদাহৰণ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নহৈয়ো বৰগোহাঞি ছাৰৰ অধ্যয়নৰ বিশালতাই আনি দিছিল ৷ সেই জ্ঞান কেৱল নিজৰ বাবে ব্যৱহাৰ নকৰি ছাৰে আমাৰ দৰে পাঠককো বিলাই দিছে বিভিন্ন লিখনিৰ মাজেৰে ৷ ছাৰ এখন বিশাল মহাকাব্য ৷ আমাৰ দৰে সাধাৰণ পাঠক এজনে ছাৰৰ জীৱন,ব্যক্তিত্বৰ বিষয়ে লিখাৰ মৰসাহ নকৰাই ভাল ৷    প্ৰান্তিকে ড° ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক ’শেষপৃষ্ঠা’ৰ জৰিয়তে যিদৰে কায়িকভাৱে নহ’লেই পাঠকৰৰ হৃদয়ত জীয়াই ৰাখিছে সেইদৰে নিয়মীয়া বাৰ্তা,আমাৰ অসম আৰু জনপ্ৰিয় চেনেল “নিউজ লাইভ”ত তেখেতৰ পুৰণি লেখা আৰু “কথাবাৰ্তা” অনুষ্ঠানৰ পুনৰমূদ্ৰণ আৰু পুনৰ প্ৰচাৰৰ জৰিয়তে তেখেতক আবেগিক আৰু বৌদ্ধিকভাৱে আমাৰ মাজত জীয়াই ৰাখিব বুলি আশা কৰিছোঁ ৷ ধৰ্মৰ প্ৰতি বিশেষ আনুগত্য নথকা,ঈশ্বৰ নহ’লেও এটা বিশেষ শক্তিক বিশ্বাস কৰা বৰগোহাঞি ছাৰৰ মৃত্যুৰ সময়ত তেখেতৰ আত্মাৰ শান্তিৰ প্ৰাসংগিকতা আনিব খোজা নাই,কেৱল সিক্ত হৃদয়েৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ ৷ তেখেতৰ কৰ্মৰাজি আৰু সৃষ্টিৰে তেখেত সদায় আমাৰ মাজত জীয়াই থাকক চিৰদিন,চিৰকাল ৷ ৰাজ্যখন বা দেশৰ কিবা জটিল পৰিস্থিতি হ’লে আমি বৰগোহাঞি আৰু ড°হীৰেন গোঁহাই  ছাৰৰ মতামতলৈ বা কি দিকদৰ্শন দিয়ে তালৈ অপেক্ষা কৰিছিলোঁ,এতিয়া তাৰে এজন আমাৰ মাজৰ পৰা মৃত্যুক শিল্পলৈ ৰূপান্তৰ কৰি গুছি গ’ল ৷ এটুপি চকুলোৰ বাহিৰে আমাৰ এইমুহূৰ্তত দিবলৈ একো নাই ৷ 

( লেখক এগৰাকী আৰক্ষী বিষয়া | মোবাইল 📞 ৯৪৩৫০৮৮৭৩৩ )

LEAVE A REPLY

Please enter your comment!
Please enter your name here