Home বিনোদন আমোল মোল শেৱালিৰ গোন্ধ……যাওঁ বুলি যাবই নোখোজেচোন

আমোল মোল শেৱালিৰ গোন্ধ……যাওঁ বুলি যাবই নোখোজেচোন

108
0

কৰৱী বৰশইকীয়া : শৰৎ মানেই শেৱালিৰ মনোমোহা সুবাস। শৰতৰ বাবেই যেন শেৱালি আৰু শেৱালিৰ বাবেই যেন শৰৎ। শেৱালি ফুলৰ মিঠা সুবাসে শৰতক মিচিকি হাঁহিৰে সম্ভাষণ জনায়। আহিনৰ আঙুলিত ধৰি শেৱালিয়ে প্রকৃতিৰ বুকুত খোজ দিবলৈ আৰম্ভ কৰে৷ লগতে লৈ আনে শীতৰ বতৰাও ৷ শৰৎ বুলিলেই মনলৈ আহে পদূলিমুখৰ শেৱালি জোপালৈ। পুৱাৰ সুকোমল ৰ’দ চাটিত তলসৰা শেৱালিয়ে চোতাল উপচি পৰে। সময় এইয়া যে শাৰদীয় উৎসৱৰ। দ্বাপৰ যুগৰ পৰা বৰ্তমানলৈকে শৰতৰ আনন্দত সকলো মতলীয়া হৈ থাকে। নিয়ৰসিক্ত ঘাঁহনিৰ ওপৰেদি খালি ভৰিৰে গৈ কোচ ভৰাই শেৱালি ফুল বোটলাৰ আনন্দেই সুকীয়া৷ সেই আনন্দ মহানগৰীত অনুভৱৰ বাহিৰত৷ অনাদি কালৰ পৰা শৰৎ আৰু শেৱালিৰ মাজৰ আছে নিবিড় সম্পৰ্ক । শেৱালিক বাদ দি শৰতৰ কথা জানো ভাবিব পাৰি ? শৰতৰ আগমনে প্ৰকৃতিৰ বুকুলৈ অনবদ্য সৌন্দৰ্যৰ সম্ভাৰ কঢ়িয়াই আনে।
প্ৰকৃতিৰ ৰাণী শাৰদীৰ আগমনে উন্মনা কৰিছে আমাৰ কোমল হৃদয় । শৰতৰ আগমনত কৃষকৰ সপোন বোৰে পোখা মেলিছে। সেউজীয়া পথাৰ,ৰৌদ্ৰোজ্জ্বল পুৱা,শেৱালি কোমল হাঁহি, কহুৱাৰ উন্মাদনাত কবিৰ কলমত প্ৰান পাইছে কবিতাই, শিল্পীয়ে সৃষ্টি কৰিছে গীতৰ।
শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা। যিদৰে বসন্ত অহাৰ আগজাননী কুলিৰ মাতে দিয়ে, ঠিক তেনেদৰে শেৱালিৰ সুবাসে শৰৎ অহাৰ ইংগিত দিয়ে। শৰতৰ ফিৰ ফিৰিয়া বতাহজাকে ক’ৰবাৰ পৰা কঢ়িয়াই আনে শেৱালী চিনাকী সুবাস। গাঁৱৰ চোতালত দুৱৰিয়ে পুৱাই গা-ধোৱে নিয়ৰত। দুৱৰিৰ আগত লাগি থকা মুকুতা জিলিকি উঠে কেঁচা আৰু কোমল পুৱাৰ ৰ’দৰ পৰশত।শেৱালিৰ সুবাসে শৰতৰ মাদকতা দুগুণে বঢ়ায়। পুৱতি নিশা শুভ্র শেৱালিয়ে উকা চোতালখন অধিক মোহনীয়া কৰি তোলে। শৰৎ যেন নিৰাশাৰ মাজতো আশাৰ বতৰা কঢ়িয়াই অনা এটি সুখৰ প্রতীক। দেহ মন শাত পেলোৱা শেৱালিৰ মনোমোহা সুবাসত সকলোৱে নিজ উপলব্ধিৰে তন্ময় হৈ উপভোগ কৰে প্রকৃতিৰ বিনন্দীয়া ৰূপ।
শেৱালি ফুলৰ  সুগন্ধই চাৰিওফালে মুখৰ কৰি তোলে।এইবিধ ফুলৰ বিশেষত্ব এয়ে যে শৰতৰ আগমনৰ লগে লগেই গছত ফুল ওলাব ধৰে।ফুলবোৰো আকৌ ৰাতিৰ ভিতৰতে ফুলি পুৱাৰ আগে-ভাগে গছৰ পৰা মাটিত সৰি গুৰি শুকুলা কৰি তোলে। শৰতত শেৱালিৰ লগতে অন্যান্য ফুল যেনে- বকুল ,কামিনী কাঞ্চন¸ হাচনাহানা¸ খঁৰিকাজাই¸ গুটিমালিতা¸ ৰজনীগন্ধা আদি ফুলি এক নয়নাভিৰাম দৃশ্যৰ সৃষ্টি কৰে। এই ফুলবোৰে হাঁহি হাঁহি পৃথিৱীবাসীক প্ৰভাতী আৰু শাৰদীয় শুভেচ্ছা জনায়।
শৰতৰ শেৱালি ফুলে প্ৰকৃতিৰ শোভাবৰ্দ্ধন কৰাৰ লগতে আমাৰ যথেষ্ট উপকাৰো সাধন কৰে। শেৱালি ফুলক আয়ুৰ্বেদিক,হোমিঅ’পেথিক ঔষধ স্বৰুপেও ব্যৱহাৰ কৰা হয়। কেৱল শেৱালিৰ ফুলেই নহয়,ইয়াৰ পাত আৰু গা-গছৰ ছালো ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহৃত হৈ আহিছে।জ্বৰ হ’লে এই গছৰ পাতৰ ৰস অথবা গা-গছৰ ছাল গুৰি কৰি খালে জ্বৰ আৰোগ্য হয়।মুৰ্চ্ছা যোৱা কিম্বা ইন্দ্ৰিয় সংযমৰ ক্ষেত্ৰত শেৱালি ফুলৰ পাতৰ ৰস ব্যৱহাৰ কৰা হয়।কৃমিজনিত সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ শেৱালি গছৰ পাতৰ ৰস খালে সুফল পোৱা যায় । ইয়াৰ ৰসে হজম শক্তি বৃদ্ধি কৰে। কেতিয়াবা চৰ্দি লাগি মাত ভাগিলে শেৱালি পাতৰ ৰস খালে ভাল হয়।মুৰ্গী ৰোগীক শেৱালি ফুলৰ ৰস উলিয়াই খুৱালে এই ৰোগ আৰোগ্য হয়।
শেৱালি ফুল কেৱল সৌন্দৰ্য আৰু স্বাস্থ্যৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়।পুৱা শেৱালি ফুলবোৰ বুটলি আনি এক সপ্তাহ ৰ’দত শুকুৱাই শুকানকৈ তেলত ভাজি বা মাছৰ সৈতে শেৱালি ফুলৰ তিতা আঞ্জা ৰান্ধি খাব পাৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here