Home স্থানীয় ভৱানীপুৰত ক’ভিডত আক্ৰান্ত হৈ ইমামৰ মৃত্যু

ভৱানীপুৰত ক’ভিডত আক্ৰান্ত হৈ ইমামৰ মৃত্যু

150
0

ষ্টাফ ৰিপ ৰ্টাৰ, ২৮ মে’ : ক’ভিড ১৯ ত আক্ৰান্ত হৈ অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে ভৱানীপুৰৰ নকুছি জামে মছজিদৰ ইমাম আব্দুল হালিমে । অঞ্চলটোত অতিকৈ জনপ্ৰিয় তথা সহজ সৰল মনোভাৱৰ ব্যক্তি হিচাপে পৰিচিত ধৰ্মপ্ৰাণ লোকজনৰ দেহাৱসানত শোকৰ ছাঁ পৰিছে। শুকুৰবাৰে পুৱা ৮ বজাত ৬৬ বছৰ বয়সত কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে আব্দুল হালিমে। উল্লেখ্য যে বিগত বৰ্ষত ক’ৰোনাৰ বিভিষীকাময় পৰিস্থিতি আৰু লকডাউনৰ সময়ত তেওঁৰ ভাতৃ তথা নকুছি এম ই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক আব্দুছ ছামাদৰো দিছপুৰ হাস্পতালত দেহাৱসান হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here