Home অসম পৱিত্ৰ ঈদ-উল-ফিতৰ ওৰাং, ৰৌতা, মাজবাট টাউন জাম্মে মজছিদত সমূহীয়া নামাজত নাহৰবাৰীৰ ইমাম

পৱিত্ৰ ঈদ-উল-ফিতৰ ওৰাং, ৰৌতা, মাজবাট টাউন জাম্মে মজছিদত সমূহীয়া নামাজত নাহৰবাৰীৰ ইমাম

181
0


গণ বাৰ্তা ,ওৰাং , ৩ মে’ ঃ মানুহৰ কৰ্ম ব্যস্ত জীৱনৰ ক্লান্তি দূৰ কৰিবলৈ মাজে মাজে উতসৱৰ প্ৰয়োজন হয় ৷ সামাজিক আৰু আত্মীয়তাৰ সম্পৰ্কবোৰ সজীৱ কৰিবলৈ কোনো সন্মিলনৰ প্ৰয়োজন ৷ সকলো জাতি ,ধৰ্ম ,সম্প্ৰদায়ৰ মানুহৰ মাজত বিভিন্ন উতসৱ আছে ৷ উতসৱে জাতিগত ঐক্যৰ চেতনা সৃষ্টি কৰে উতসৱৰ দিনবিলাকো যিকোনো জাতিৰ স্বতন্ত্ৰ আৰু পৃথক পৰিচয়ৰ অন্যতম গুৰুত্বপূৰ্ণ নিদৰ্শন আৰু প্ৰতীক ৷ এটি জাতিৰ স্বতন্ত্ৰ পৰিচয় সত্তা নিৰ্মাণ কৰিবলৈ তেওঁলোকৰ মাজত ঐক্যৰ চেতনা আৰু ভ্ৰাতৃত্বৰ মৈত্ৰী জাগ্ৰত কৰি সন্মিলিত আনন্দ আৰু উদযাপনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে – এই মন্তব্য নাহৰবাৰী ইমাম চাহাবৰ ৷ আজি পবিত্ৰ ঈদ – উল -ফিটৰ উপলক্ষে মাজবাট টাউন জুম্ম মজছিদত অনুষ্ঠিত হোৱা সমূহীয়া নামাজত ইমাম গৰাকীয়ে কয় যে এমাহযোৰা উপবাসৰ অন্ত পৰিল ৷ বিশ্বৰ বহু মুছলমানে দেখুৱাই দিলে জীৱন যোগৰ কঠোৰ সাধনাৰ সফলতা ৷ হয়, কঠিন ব্ৰতো এক যোগ ৷ এক সাধনা ৷ ইমান কঠোৰ সাধনা হয়তো মুছলমানেহে কৰিব পাৰে৷ সেইবাবেই হয়তো আল্লাহে কোৰআনত, ৰোজাক ইছলামৰ পাঁচটা জৰুৰী কামৰ ভিতৰত এটা কৰি ৰাখিছে৷ কাৰণ আল্লাহে জানে যে মুছলমানে কৰিব নোৱাৰা কাম একো নাই ৷ অসমক শংকৰ – মাধৱ – আজান পীৰৰ দেশ বুলি জনাজাত ৷ পোন্ধৰ – ষোল্ল শতিকাৰ পৰা অসমৰ অসংখ্য জনগোষ্ঠী ভূক্ত আৰু পৰস্পৰ বিচ্ছিন্ন থলুৱা বাসিন্দা সকলক একেশ্বৰবাদী ভক্তি ধৰ্মই আত্মিক ঐক্য – সংহতিৰ দোলেৰে বান্ধিবলৈ আৰম্ভ কৰিছিল ৷ পাছলৈ সিয়েই অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয় হৈ পৰিল ৷ শংকৰ – মাধৱ নামধৰ্ম আৰু আজানপীৰ ভক্তি ধৰ্ম ৷ নামাজত অংশ গ্ৰহণ কৰি মাজবাট টাউন জাম্মে মজছিদৰ সভাপতি আবুল হুছেইনে কয় যে আজি পবিত্ৰ ঈদ – উল -ফিটৰ৷ দুবছৰে বিশ্বত আতংকময় পৰিৱেশ সৃষ্টি কৰা ক’ভিড – ১৯ মহামাৰী সংক্ৰমণ ৰোধৰ নিমিত্তেৰ্ এই উতসৱৰ সমূহীয়া নামাজ আদায় কৰিব পৰা নাছিলো৷ তাৰ পৰিবৰ্তে ঘৰে ঘৰে নামাজ আদায় কৰিবলগীয়া পৰিছিলো ৷ এইবাৰ ক’ভিডৰ কোনো বাধা নিষেধ নথকাত মাহজোৰা ৰোজাৰ পাছত দুগুণ উতসাহেৰে এই উতসৱ পালন কৰিবলৈ সকলোৱে ওলাই আহিছে ৷ ৰাতিপুৱা জ্জ্ব বজাত ঈদৰ সমূহীয়া নামাজ আদায় কৰি সকলো ঘৰা -ঘৰি গৈ গৃহত সাজু কৰি থোৱা বিভিন্ন সুস্বাদু খাদ্য ,মাছ ,মাংস , চেৱাই ,পায়স ,হালোৱা ,ফল – মূল ,কেক ,মিঠাই ইত্যাদিৰে ওচৰ -চুবুৰীয়া ,মিতিৰ -কুটুম আদিক সপ্তাহ দিন ধৰি আপ্যায়ন কৰিব থাকিব ৷ সুদীৰ্ঘ এমাহৰ ৰোজা সাধনাৰ পিছত এই অৱসৰ বিনোদন আমাৰ জীৱনত এক অনাবিল প্ৰশান্তি আৰু আনন্দ কঢ়িয়াই আনে ৷আত্মীয়তা ,ভ্ৰাতৃত্ব ,বন্ধুত্ব ,আৰু সৌহাদ্যৰে পৰিপূৰ্ণ এই দিন ৷ ঈদ মইদানৰ পৰাই ৰাইজক ঈদৰ শুভেচ্ছঁা জ্ঞাপন কৰে সভাপতি গৰাকীয়ে ৷ পবিত্ৰ ঈদ উপলক্ষে মাজবাট আৰক্ষী প্ৰশাসনেও শান্তিপূৰ্ণ ভাৱে সকলোৱে যাতে সমূহীয়া নামাজ আদায় কৰিব পাৰে তাৰ বাবে এসপ্তাহ আগৰ পৰাই সকলো দিশ চোৱা চিতা কৰি সকলোৰে সৈতে যোগাযোগ ৰাখিছিল মাজবাট থানাই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here