Home স্থানীয় পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

97
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৫ জুলাই : সম্প্ৰতি নিত্য ব্যৱহাৰ্য প্ৰতিটো সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও সদৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগতো মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নগাঁও সদৰ আৰক্ষী থানাৰ বিপৰীত দিশত থকা ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ চৌহদত একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে বিশেষকৈ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে হাতে হাতে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান সম্বলিত প্লে কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দেশত খাৰুৱা তেলৰ মুল্য হ্ৰাস পোৱাৰ পিছতো কি ৰহস্যজনক কাৰণত পেট্ৰল-ডিজেলৰ লগতে ৰন্ধন গেছৰ মূল্য বৃদ্ধি ঘটিল, তাক লৈ সৰৱ হৈ পৰে প্ৰতিবাদী কংগ্ৰেছ নেতা-কৰ্মী সকলে। তদুপৰি, এইদৰে অস্বাভাৱিক মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ মোৰত ৰামটাঙুন সোধাইছে বুলি তেওঁলোকে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সদৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি সুভাষ চন্দ্ৰ দাস, সাধাৰণ সম্পাদক পৱিত্ৰ বৰা, কংগ্ৰেছ নেতা লিয়াকত আলী চৌধুৰীকে প্ৰমুখ্যে কৰি ভালে কেইগৰাকী নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here