Home গুৱাহাটী ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত : কাছাৰ কাগজ কল- নগাঁও...

ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত : কাছাৰ কাগজ কল- নগাঁও কাগজ কল ৩৭৫ কোটি টকাত ক্ৰয় ৰাজ্য চৰকাৰৰ , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটা অঞ্চলক ইক’ ছেনছেটিভ জ’ন ঘোষণা

145
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ মাৰ্চ ঃ পঞ্চদশ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ মাজতেই বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কে’বাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই মন্ত্ৰী পৰিষদৰ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ অসমৰ ৰাইজৰ বাবে সদৰী কৰে ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ সংবাদ মেলত মন্ত্ৰী পীয়ূষ হাজৰিকাই সদৰী কৰা বুধবাৰৰ সাপ্তাহিক ৰাজ্যিক কেবিনেটৰ মূল সিদ্ধান্ত অনুসৰি, অসম গৌৰৱ কাজিৰঙাক সুৰক্ষিত কৰাৰ স্বাৰ্থত বুধবৰীয়া কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটা অঞ্চলক ইক’ ছেনছেটিভ জ’ন হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই সংৰক্ষিত অঞ্চলসমূহ হৈছে ক্ৰমে– কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান টাইগৰ ৰিজাৰ্ভ, বুঢ়াচাপৰি অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য, গৰমপানী অভয়াৰণ্য, নামবৰ দৈগুৰুং অভয়াৰণ্য, পূব কাৰ্বি আংলং অভয়াৰণ্য আৰু উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য৷ ইয়াৰ লগতে ১১টা অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে আৰু জ্ঝটা এনিমেল কৰিডৰ হিচাপে ঘোষণা কৰা হৈছে৷ বুধবাৰৰ ৰাজ্যিক কেবিনেট বৈঠকে অসম চুক্তি অনুসৰি স্থাপন কৰা আৰু সম্প্ৰতি মৃত হৈ পৰি থকা কাছাৰ কাগজ কল আৰু জাগীৰোডৰ নগাঁও কাগজ কল সন্দৰ্ভতো আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ইয়াৰ কৰ্মচাৰীসকলক সকাহ দিয়াৰ চেষ্টা কৰা হৈছে৷ সেই অনুসৰি, ই-নিলাম যোগে ৰাজ্যৰ কাছাৰ কাগজ কল আৰু জাগীৰোডৰ নগাঁও কাগজ কল দুটা ৩৭৫ কোটি টকাত ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আনকি ইয়াৰ বাবে বাজেটত ধন আবণ্টনৰ অনুমতিও কেবিনেট বৈঠকত প্ৰদান কৰা হয়৷ ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ ফলত এতিয়াৰে পৰা কাগজ কল দুটাৰ ভূ-সম্পত্তি ৰাজ্য চৰকাৰৰ অধীনলৈ আহে৷ এতিয়াৰে পৰা চৰকাৰে কাগজ কল দুটাৰ ভূ-সম্পত্তি নিজৰ ইচ্ছা অনুসৰি অন্য কামত ব্যৱহাৰ কৰিব পাৰিব বুলিও সংবাদমেলত সদৰী কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here