Home Main Stories ৰাজ্যত নহয় লকডাউন: ক’ভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

ৰাজ্যত নহয় লকডাউন: ক’ভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

77
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ অক্টোবৰ: ৰাজ্যত ক’ভিডৰ সংখ্যা কিছু বৃদ্ধি পোৱাৰ পিছতে সৰ্বত্ৰ লকডাউনক লৈ চৰ্চা লাভ কৰিছে৷ দুৰ্গা পূজাৰ পিছতে ৰাজ্যত ক’ভিডৰ সংখ্যা কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এনে অৱস্থাত উপ-নিৰ্বাচন শেষ হোৱাৰ পিছত লকডাউনৰ সম্ভাৱনা জাগি উঠা বুলি একাংশই মতপোষণ কৰিছে৷ অৱশ্যে ৰাজ্যত কোনোকাৰণত লকডাউন নহয় বুলি আজি স্পষ্টৰূপে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মৰিয়নীত নিৰ্বাচনী প্ৰচাৰৰ সময়ত ক’ভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত কোনোকাৰণতে লকডাউন নহয়, কিন্তু ক’ভিডৰ পৰা বাচিবলৈ সকলোৱে ভেকচিন ল’ব লাগিব ৷ ক’ভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে লকডাউন হ’বনে নহয় তাক লৈ এতিয়া চৰ্চা চলি আছে৷ আমি কোনেও লকডাউন হোৱাটো নিবিচাৰো৷ অসমত লকডাউন নহয়, কিন্তু ৰাইজে ভেকচিন ল’ব লাগিব৷ যেনেকৈ হ’লেও সকলোৱে ভেকচিন লওক৷ প্ৰথম পালি লোৱাৰ পিছত দ্বিতীয় পালি ভেকচিন ল’বলৈ সকলোকে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিডৰ পৰা বাচিবলৈ হ’লে ভেকচিন ল’ব লাগিব৷ নিৰ্বাচন আহিব আৰু যাব, কিন্তু ভেকচিন ল’ব লাগিব৷ স্কুললৈ যাব লাগিব, ব্যৱসায় কৰিব লাগিব৷ সেয়ে সকলোৱে সাৱধান হৈ থাকিব লাগিব৷ ইপিনে, শীঘ্ৰে ৰাজ্যত নতুন ক’ভিড নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ সম্প্ৰতি ১৮ বছৰৰ ওপৰৰ ল’ৰা-ছোৱালীক ভেকচিন দিয়া হৈছে যদিও ১৭-১৮ বছৰৰ ল’ৰা-ছোৱালীক ভেকচিন দিয়া হ’ব পাৰে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰৰ পৰা নিৰ্দেশ আহিছে ১৭-১৮ বছৰৰ ল’ৰা-ছোৱালীকো ভেকচিন দিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here