Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পাকিস্তানে পৰৱৰ্তী প্ৰধানমন্ত্ৰী নোপোৱা পৰ্যন্ত দায়িত্বত থাকিব ইমৰান খান, গণতন্ত্ৰ ৰক্ষাৰ বাবে...

পাকিস্তানে পৰৱৰ্তী প্ৰধানমন্ত্ৰী নোপোৱা পৰ্যন্ত দায়িত্বত থাকিব ইমৰান খান, গণতন্ত্ৰ ৰক্ষাৰ বাবে জনতাক ৰাজপথত নমাৰ আহ্বান ইমৰান খানৰ

414
0


ইছলামাবাদ, ৪ এপ্ৰিল ঃ পাকিস্তানৰ ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে৷ প্ৰতিমুহূৰ্তত দেশখনৰ ৰাজনৈতিক ঘটনাৱলী পৰিৱৰ্তন ঘটিবলৈ ধৰিছে৷ কালি দেশখনৰ নেচনেল এছেম্বলীয়ে ইমৰান খান চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ নাকচ কৰাৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদ ভংগ কৰে৷ ইয়াৰ মাজতেই ইমৰান খান প্ৰধানমন্ত্ৰীৰ দায়িত্বতেই থাকিব৷ দেশখনৰ জনতাই এগৰাকী কেয়াৰ টেকাৰ প্ৰধামন্ত্ৰী নিযুক্তি নোহোৱা পৰ্যন্ত তেৱেঁই দায়িত্বত থাকিব৷ দেশৰ ৰাষ্ট্ৰপতি ডাঃ আৰিফ আলভীয়ে ইয়াৰ নিৰ্দেশনা জাৰি কৰিছে৷ তেওঁ টুইটাৰৰ জৰিয়তে উল্লেখ কৰিছে যে পাকিস্তানৰ সংবিধানৰ অনুচ্চেদ ২২৪এ[চ্ছ্ৰ]ৰ অধীনত ইমৰান খান কেয়াৰ টেকাৰ প্ৰধামন্ত্ৰী নিযুক্তি নোহোৱা পৰ্যন্ত দায়িত্ব গ্ৰহণ কৰি থাকিব৷ আনহাতে, কেয়াৰ টেকাৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ সংসদত অনাস্থা প্ৰস্তাৱ খাৰিজ হোৱাৰ পিছত আৰু নেচনেল এছেম্বলী ভংগ কৰা কাৰ্যৰ বিৰোধিতা কৰি উচ্ছতম ন্যয়ালয়ৰ কাষ চাপে বিৰোধী৷ আজি উচ্ছতম ন্যায়ালয়ত এই সন্দৰ্ভত শুনানি হয়৷ বিৰোধী দল পিপিপি অৰ্থাৎ পাকিস্তান পিপুলছ পাৰ্টীয়ে উচ্ছতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে সংসদত যিসমূহ ঘটনা সংঘটিত হ’ল তাৰ সমীক্ষাৰ প্ৰয়োজনীয়তা আছে৷ সকলো পক্ষক জাননী জাৰি কৰা হৈছে৷ পৰৱৰ্তী শুনানি কাইলৈ হ’ব বুলি উচ্ছতম ন্যায়ালয়ে প্ৰকাশ কৰে৷ বিৰোধীয়ে ইয়াৰ শুনানি উচ্ছতম ন্যায়ালয়ৰ ১৬জনীয়া ন্যায়াধীশৰ দ্বাৰা গঠিত বিচাৰপীঠৰ দ্বাৰা শুনানি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু এই আহ্বান তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে খাৰিজ কৰে৷ তিনিজনীয়া বিচাপীঠে এই আহ্বান খাৰিজ কৰি কয় যে যদি ন্যায়ালয়ৰ ওপৰত বিৰোধীৰ বিশ্বাস নাই তেন্তে ন্যায়ালয় থকাৰ কোনো অৰ্থ নাই৷ আনহাতে, ইমৰান খানে পুনৰ এবাৰ দেশবাসীক সম্বোধন কৰি বিৰোধীৰ বিৰুদ্ধে ৰাজপথলৈ নামিবলৈ দেশবাসীক আহ্বান জনায়৷ ইমৰান খানে কয় যে বিদেশীৰ ষড়যন্ত্ৰত নিৰ্বাচিত চৰকাৰ এখন ওফৰাইছে বিৰোধীয়ে৷ দেশৰ গণতন্ত্ৰ ৰক্ষাৰ কৰাৰ বাবে দেশবাসী একত্ৰিত হ’ব লাগিব আৰু ইয়াৰ বিৰুদ্ধে সকলো একগোট হৈ ৰাজপথত নামিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here