Home Main Stories ১৫ জিলাত বানৰ সংহাৰী ৰূপ: কাৰ্বি লাংপিৰ পানী এৰি দিয়াত জলমগ্ন নগাঁও,...

১৫ জিলাত বানৰ সংহাৰী ৰূপ: কাৰ্বি লাংপিৰ পানী এৰি দিয়াত জলমগ্ন নগাঁও, হোজাই , ডিমা হাছাওৰ সৈতে এতিয়াও সংযোগ বিচ্চিন্ন

194
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ মে’ ঃ শেষ ব’হাগৰ প্ৰবল বৃষ্টিপাতত একপ্ৰকাৰে ত্ৰাহিমধুসূদন দেখিছে মধ্য অসমে৷ বৰাক আৰু ডিমা হাচাওত প্ৰকৃতি ৰুষ্ট হোৱাৰ সমান্তৰালভাৱে নগাঁও আৰু হোজাইত এতিয়া ধল পানীয়ে এখনৰ পাছত এখনকৈ গাঁও জলমগ্ন কৰি তুলিছে৷ উল্লেখ্য যে ডিমা হাচাওত বান আৰু ভূমি¦খলনে সংহাৰী ৰূপধাৰণ কৰিছে৷ এতিয়াও কিছু কিছু স্থানত ভূমি¦খলনে সংহাৰী ৰূপধাৰণ কৰিছে৷ নিউ হাফলং ৰে’ল ষ্টেচন সম্পূৰ্ণৰূপে বোকা-পানীত পোত গৈছে৷ ফেনে-ফোটোকাৰে ওফন্দি উঠিছে জাতিংগাকে আদি কৰি কে’বাখনো পাহাৰীয়া নদী৷পাহাৰত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত যেনিয়ে-তেনিয়ে বাগৰিছে পানী৷ কি ৰাষ্ট্ৰীয় ঘাইপথ, কি নলা-নৰ্দমা, কি পাহাৰৰ ধল, কেউপিনে এতিয়া পানী বাগৰাৰ ফলত ভূমি¦খলনৰ সম্ভাৱনা বৃদ্ধি ঘটিছে৷ ইতিমধ্যে অঞ্চলটোৰ বহুতো লোকে প্ৰাণৰ মমতাত নিৰাপদ স্থানলৈ আঁতৰি গৈছে৷ যিসকল লোক আবদ্ধ হৈ আছিল তেওঁলোকক বায়ুসেনা বাহিনীয়ে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ গৈছে৷ আজিও ডিমা হাচাওত ১১৯গৰাকী লোকক বায়ু সেনাবাহিনীয়ে উদ্ধাৰ কৰে৷ ইপিনে, হাফলঙৰ সৈতে ৰাজ্যৰ আন স্থানৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্চিন্ন হৈ পৰিছে৷ ঘাইপথৰ ওপৰত কে’বাস্থানত ভূমি¦খলন ঘটাত যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ মাইবঙৰ পৰা হাফলঙৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ৷ ইপিনে, আজি পাহাৰীয়া জিলাখনত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ খবৰ ল’বলৈ যোৱা ৰাজহ তথা দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মহন ভূমি¦খলনৰ ফলত গন্তব্য স্থানত উপনীত হোৱাত ব্যৰ্থ হয়৷ হাফলঙলৈ যোৱা মন্ত্ৰীগৰাকী মাইবঙলৈকে যোৱাত সফল হয়৷ ইপিনে, দুৰ্যোগস্থলীত উপস্থিত হৈ সকলো কাম তদাৰক কৰি সাহায্য আৰু উদ্ধাৰ কাৰ্য ত্বৰান্বিত কৰাৰ বাবে উপায়ুক্তক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ আক্ৰান্ত লোকসকলক খাদ্য তথা আন সা-সামগ্ৰী ক্ৰয়ৰ বাবে ৩,৮০০ টকাকৈ প্ৰদান কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে৷ ইয়াৰ বাবে কোনো ফাইল দিছপুৰলৈ নপঠোৱাকৈয়ে উপায়ুক্তক নিজাববীয়াকৈ দায়িত্ব লৈ সাহায্য বিতৰণ কৰাৰ নিৰ্দেশ দিয়ে৷ ভূমি¦খলনত নিহত চাৰিজন লোকৰ নিকটতম আত্মীয়ক চাৰি লাখ টকাকৈ সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে৷ লক্ষণীয় যে পাহাৰত হোৱা প্ৰবল বৰষুণৰ বাবে নীপ্‌কোৰ কে’বাটাও বান্ধত জলৰাশি বৃদ্ধি ঘটিছে৷ কাৰ্বি লাংপি বান্ধত জলস্তৰ বৃদ্ধি ঘটাত সময়ে সময়ে পানী এৰি দিয়াত নগাঁৱৰ কামপুৰ, ডবকাকে আদি কৰি কে’বাটাও ৰাজহ চক্ৰ পানীত বুৰ গৈছে৷ পানী এৰি দিয়াৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে কপিলীৰ জলস্তৰ৷ লক্ষণীয় যে শেষ ব’হাগৰ বানত ৰাজ্যৰ সাতখন জিলা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷ কাছাৰ জিলাৰ উদাৰবন্দ, লক্ষীপুৰ, সোণাই, শিলচৰ, কাটিগড়া, হোজাই জিলাৰ লংকা, হোজাই, ডবকা, পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম, নগাঁৱৰ ৰহা, কামপুৰ ৰাজহ চক্ৰত বানে বিস্তৰ ক্ষতি কৰিছে৷ এতিয়ালৈকে বানত ৰাজ্যৰ ২২২খন গাঁও ক্ষতিগ্ৰস্ত হৈছে৷ এতিয়ালৈকে বানত ২৫,১০৮জন লোক আক্ৰান্ত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here