গণ বাৰ্তা বিশেষ, ১২ মাৰ্চ : অৰুণাচল প্ৰদেশত দেশ ৰক্ষাৰ বাবে শপত ললে ৪৮৫ গৰাকী আই টি বি পি জোৱানে । সীমান্তবৰ্তী কিমিনৰ আই টি বি পি প্ৰশিক্ষণ কেন্দ্ৰত আজি ভাৰতৰ বিভিন্ন স্থানৰ পৰা নিৰ্বাচিত হৈ প্ৰশিক্ষন গ্ৰহণ কৰা ৪৮৫ গৰাকী জোৱানে দেশ মাতৃৰ সুৰক্ষাৰ পন ললে। ৪৪ সপ্তাহৰ প্ৰশিক্ষনৰ শেষত কিমিনৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত শপত গ্ৰহণ কৰে। অনুষ্ঠানত আই টি বি পি ৰ অতিৰিক্ত মহানিৰ্দেশক হেমন্ত প্রিয়দৰ্শীয়ে মুখ্য অতিথি ৰূপে উপস্থিত থাকি জোৱানসকলক উৎসাহিত কৰে। আই টি বি পি ৰ উপ মহানিৰ্দেশক মনমোহন গুলেৰিয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত নতুন জোৱান সকলে পেৰেড অভিবাদন, বিভিন্ন সমৰ কলা- কৌশল প্ৰদৰ্শন কৰে । দীনেশ কুমাৰ সেনানীয়ে শলাগ জ্ঞাপন কৰে।