Home Main Stories অসমত ৭৪ শতাংশ প্ৰসূতিয়ে সন্তান প্ৰসৱ কৰে চৰকাৰী চিকিৎসালয়ত

অসমত ৭৪ শতাংশ প্ৰসূতিয়ে সন্তান প্ৰসৱ কৰে চৰকাৰী চিকিৎসালয়ত

251
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ নৱেম্বৰ ঃ আকৌ কোৰোনাৰ নতুন ভেৰিয়েণ্টৰ আতংক। বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন ভেৰিয়েণ্টৰ নাম দিছে ‘অ’মিক্ৰন’। দক্ষিণ আফ্ৰিকাৰ পৰা বিয়পিছে অ’মিক্ৰন ভেৰিয়েণ্ট। কোৰোনাৰ আন সকলো ভেৰিয়েণ্টতকৈ মাৰাত্মক এই অ’মিক্ৰন। অ’মিক্ৰনক বতছোৱানা ভেৰিয়েণ্ট বুলিও জনা যায়। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এখন সংবাদমেলত অসমবাসীক পুনৰ কোৰোনা মহামাৰীৰৰ পৰা সতৰ্ক হোৱাৰ আহবান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দক্ষিণ আফ্ৰিকাত বিশ্ব স্বাস্থ্য সন্থাই নতুন ভেৰিয়েণ্ট আৱিষ্কাৰ কৰিছে। যাৰ বৈজ্ঞানিক নাম দিয়া হৈছে বি.১.১৫২৯। এই ভিৰিয়েন্ট ডেল্টাতকৈ ৩০০ গুণ শক্তিশালী। ডেল্টা ভাইৰাছতকৈ ৩০০ গুণতকৈ অধিক সংক্ৰমণ ঘটায়। যাৰ উৎপত্তি স্থল দক্ষিণ আফ্ৰিকা। কোৰোনাৰ বাবে সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগে। ভেকচিনে এই ভেৰিয়েন্টৰ কাম নকৰে বুলি এতিয়ালৈ বিশ্ব স্বাস্থ্য সন্থাই কোৱা নাই বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। ইফালে, ক’ভিড ভেকচিনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়ালৈ অসমত ২ কোটি ১০ লাখ মানুহে ভেকচিন লৈছে আৰু তিনি লাখ মানুহে ল’লে প্ৰথম পালি সমাপ্ত হ’ব। অহা সপ্তাহত সম্পন্ন কৰা হ’ব। এক কোটি ১৫ লাখ ৫৯ হাজাৰ ৪১৩জনক দ্বিতীয় পালি দিয়া হৈছে। অৰ্থাৎ ৫০ শতাংশ দিয়া হৈছে। ইপিনে, ২৯ৰ পৰা ৫ তাৰিখৰ পৰা মেছিভ ড্ৰাইভ চলোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কয় যে এই অভিযানত ১ লাখ বিষয়া-কৰ্মচাৰী নিয়োজিত হৈ থাকিব। চৰকাৰী কৰ্মচাৰীসকল পুলিং বুথত গুচি যাব। তাৰ পৰা ভোটাৰ লিষ্ট লৈ ঘৰে ঘৰে যাব। ২৮ হাজাৰ ভোটাৰ লিষ্টৰ চাৰ্টিফিকেট আহিব।

এশ শতাংশ ভেকচিন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লে উক্ত তথ্য ভাৰত চৰকাৰক অৱগত কৰা হ’ব। যিসকলে ভেকচিন লোৱা নাই, তেওঁলোকক ভেকচিন দিয়া হ’ব। ইয়াৰ লগত মন্ত্ৰী বিধায়ক জড়িত থাকিব। ইপিনে, নেচনেল ফেমিলী হেল্‌থ ছাৰ্ভে চমুকৈ এনএফএইচ এছৰ সমীক্ষা অনুসৰি অসমৰ স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নত হৈছে। তেওঁ কয় যে শেহতীয়া এনএফএইচএছ ৫ৰ তথ্য  অনুসৰি অসমত শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে। এইবাৰ ভাৰতৰ তুলনাত শিশুৰ মৃত্যুৰ হাৰ অসমত কমিছে। মুখ্যমন্ত্ৰীয়ে কয় যে ২০০৫ চনত ১,০০০ শিশুৰ বিপৰীতে ৮৪টা শিশু এটা বছৰৰ ভিতৰত মৃত্যু হৈছিল। ২০১৫-১৬ বিত্তীয় বৰ্ষত ১,০০০ শিশুৰ বিপৰীতে ৫৬ টি শিশুৰ মৃত্যু হৈছিল। কিন্তু ২০১৯-২০ বৰ্ষৰ তথ্য অনুসৰি ১,০০০ শিশুৰ বিপৰীতে ৩১ শিশুৰহে মৃত্যু হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমত ৰাজহুৱা চিকিৎসাৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে। ২০০৫ চনৰ তথ্য অনুসৰি চৰকাৰী চিকিৎসালয়ত ১৩ শতাংশ প্ৰসূতিয়ে সন্তান জন্ম দিছিল। ২০১৫-১৬ বিত্তীয় বৰ্ষত ৬০ শতাংশ প্ৰসূতিয়ে চৰকাৰী চিকিৎসালয়ত প্ৰসৱ কৰিছিল। কিন্তু ২০১৯-২০ বৰ্ষৰ তথ্য অনসুৰি ৭৪.৪ শতাংশ প্ৰসূতিয়ে চৰকাৰী চিকিৎসালয়ত সন্তান প্ৰসৱ কৰিছিল। দেশৰ ৬১ শতাংশ প্ৰসূতিয়ে চৰকাৰী চিকিৎসালয়ত সন্তান প্ৰসৱ কৰে যদিও অসমত ইয়াৰ হাৰ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে জন্মৰ সময়ত ১,০০০ ল’ৰা সন্তানৰ পৰিৱৰ্তে বৰ্তমান ১,০১২ কন্যা সন্তান জন্ম হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া কন্যাৰ প্ৰতি পিতৃ-মাতৃৰ আদৰ বৃদ্ধি পাইছে। পূৰ্বৰ দৰে কন্যা সন্তানৰ ভ্ৰূ¸ণ নষ্ট নকৰে। এনএফ এইচএছ ৪ৰ তথ্য অনসুৰি ১,০০০ কন্যা ভ্ৰূ¸ণৰ ৭ কন্যা ভ্ৰু¸ণ হত্যা কৰা হৈছিল। এতিয়া ১,০০০ৰ বিপৰীতে ১,০১২ কন্যা সন্তান জন্ম হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here