Home Main Stories অসমত ‘মোদী @২০: ড্ৰীমছ্‌ মিট্‌ ডেলিভেৰী’ শীৰ্ষক গ্ৰন্থ মুকলি কৰিলে মুখ্যমন্ত্ৰী ড০...

অসমত ‘মোদী @২০: ড্ৰীমছ্‌ মিট্‌ ডেলিভেৰী’ শীৰ্ষক গ্ৰন্থ মুকলি কৰিলে মুখ্যমন্ত্ৰী ড০ শৰ্মাই

529
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ জুন ঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ‘মোদীঞ্ঝ২০ঃ ড্ৰীমছ্‌ মিট্‌ ডেলিভেৰী’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰিত্বৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী তথা চৰকাৰৰ মুৰব্বী হিচাপে ২০২১   বৰ্ষত  বিশ বছৰ সম্পূৰ্ণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০০১ চনত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথম কাৰ্যভাৰ গ্ৰহণ কৰে আৰু ২০১৪ চনত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ আগলৈকে সেইপদত অধিষ্ঠিত হৈ থাকে। ২০১৯ চনত তেওঁ পুনৰ নিৰ্বাচিত হয়। তেওঁৰ নিৰন্তৰ কৃতিত্ব আৰু দৃঢ়তাৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে প্ৰকাশিত ‘মোদীঞ্ঝ২০ঃ ড্ৰীমছ মিট্‌ ডেলিভেৰী’ শীৰ্ষক গ্ৰন্থখন আজি অসমত উন্মোচনৰ সাক্ষী হৈ ৰ’ল ৰাজ্যবাসী। ৰূপা পাব্লিকেচন ইণ্ডিয়াৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখন নন্দন নিলেকানি, সুধা মূৰ্তি, সদগুৰু, পি ভি সিন্ধু, অমিশ ত্ৰিপাঠী আদি বিশিষ্ট বুদ্ধিজীৱী তথা লেখকৰ ৰচনাৰে সমৃদ্ধ। বিগত ২০ বছৰ ধৰি চৰকাৰৰ মুৰব্বী হিচাপে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশখনে যি মৌলিক ৰূপান্তৰৰ মাজেৰে অতিক্ৰম কৰিছে, তাৰ বিষদ বিৱৰণ আৰু চিত্ৰণ কৰি প্ৰথিতযশা সাহিত্যিকসকলৰ দ্বাৰা ৰচনা কৰা অধ্যায়সমূহৰ সংকলনেই হৈছে এই গ্ৰন্থখন।

গ্ৰন্থখনত মোদীৰ শাসনৰ আৰ্হিৰ বিষয়েও বিষদভাৱে উল্লেখ কৰা হৈছে আৰু ইয়ে সমাজৰ প্ৰতিটো শ্ৰেণীৰ জীৱনক স্পৰ্শ কৰিছে। গ্ৰন্থ উন্মোচনী উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ‘মোদীঞ্ঝ২০ঃ ড্ৰীমছ্‌ মিট্‌ ডেলিভেৰী’ শীৰ্ষক গ্ৰন্থখন নিঃসন্দেহে এখন উৎকৃষ্ট গ্ৰন্থ। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৱা দুটা দশকৰ যাত্ৰাক সামৰি লোৱা এই গ্ৰন্থখন প্ৰকৃততে সমসাময়িক ভাৰতৰ এক তথ্য সমৃদ্ধ ঐতিহাসিক নথি। যুগান্তকাৰী এই গ্ৰন্থখন উন্মোচন কৰিবলৈ পাই তেওঁ অতিশয় সুখী আৰু গৌৰৱান্বিত বুলি উল্লেখ কৰে। তেওঁ কয় যে ২০০১ চনৰ ৭ অক্টোবৰত নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সমগ্ৰ দেশতে ‘গুজৰাট আৰ্হি’ হিচাপে উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা কৰে। কৃষিকে ধৰি সকলো খণ্ডতে ৰূপান্তৰমুখী দিশ মুকলি কৰি নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আৰ্হিক বিশ্বৰ সন্মুখত সফলতাৰ কাহিনী হিচাপে দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰায় চাৰিটা কাৰ্যকাল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থকাৰ পিছত দেশৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ আশীৰ্বাদ আৰু সহযোগিতাত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল। ২০১৮ চনৰ আগতে কেন্দ্ৰত কোনো চৰকাৰে সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ অহা নাছিল। কিন্তু এই পৰিঘটনাৰ অন্ত পেলাই বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে নিৰংকুশ সংখ্যাগৰিষ্ঠাতাৰে ক্ষমতালৈ অহাৰ লগে লগে নৰেন্দ্ৰ মোদীয়ে এই পৰিৱৰ্তন সম্ভৱ কৰি তুলিলে। বহু সমালোচকে কয় যে বিজেপিৰ প্ৰতি জনসমৰ্থন জনসাধাৰণৰ সাময়িক আবেগৰ প্ৰতিফলন আছিল। তেওঁলোকৰ মতামত আছিল যে প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক দেখুৱাই দিয়া সপোন আৰু আশাবোৰ কেতিয়াও পূৰণ কৰিব নোৱাৰে।

কিন্তু সমালোচকৰ এই মতামতক ভুল বুলি প্ৰমাণ কৰি ২০১৯ চনত সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীয়ে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে জনসাধাৰণৰ অধিক সমৰ্থনেৰে পুনৰ নিৰ্বাচিত হৈছিল। যিটো বিগত পাঁচ দশকত এক অভূতপূৰ্ব আছিল। ২০১৯ চনত সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ প্ৰতি যি জনাদেশ দিয়া হৈছিল সেয়া নিঃসন্দেহে দেশৰ জনসাধাৰণক দেখুৱাই দিয়া সপোন আৰু আশাৰ পূৰ্ণতাৰ প্ৰতিফলন আছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়। দেশত প্ৰধানমন্ত্ৰী মোদীৰ ব্যাপক প্ৰভাৱৰ বিষয়ে ব্যাখ্যা আগবঢ়াই মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ২০১৩ চনত ভাৰতীয় জনতা পাৰ্টীৰ নিজা ৪জন মুখ্যমন্ত্ৰী আছিল আৰু এনডিএ মিত্ৰজোঁটৰ এজন মুখ্যমন্ত্ৰী আছিল। গোটেই দেশত বিজেপিৰ ৭৭৩জন বিধায়ক আছিল। আজি বিজেপিৰ নিজাববীয়াকৈ ১২জন মুখ্যমন্ত্ৰী আৰু মিত্ৰদলৰ ৬জন মুখ্যমন্ত্ৰী আছে। আজি বিজেপিৰ বিধায়কৰ সংখ্যা ১৪৪৩ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দলটোৱে সামাজিক আৰু ভৌগোলিক প্ৰেক্ষাপটত কেনেদৰে সম্প্ৰসাৰণ হৈছে সেয়া সহজে প্ৰত্যক্ষ কৰিব পাৰি। মুখ্যমন্ত্ৰীয়ে কয় যে ২০২১ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে নিজৰ ৰাজনৈতিক জীৱনৰ দুটা দশক সম্পূৰ্ণ কৰিছে। ভাৰতৰ দৰে বৈচিত্ৰ্যপূৰ্ণ দেশ এখনত  প্ৰায় দুটা দশক ধৰি জনসাধাৰণক এক ভৱিষ্য-দৰ্শনেৰে আলোড়িত কৰি ৰখাটো এক বিৰল ঘটনা। অৱশ্যে যোৱা ২০ বছৰত এটা নাম, এটা ধাৰণাই এনে অসম্ভৱক সম্ভৱ কৰি দেশবাসীক মুগ্ধ কৰি তুলিছে। সেয়াই হৈছে নৰেন্দ্ৰ মোদী। তেওঁ কয় যে আজি মোদী এক পৰিৱৰ্তনৰ নাম, এক আশাৰ নাম, এক প্ৰত্যাশাৰ নাম। দেশবাসীৰ মতে মোদী থাকিলে সকলো সম্ভৱ। জনসাধাৰণে বিশ্বাস কৰে ‘মোদী হে টো মুমকিন হে’ — মুখ্যমন্ত্ৰীয়ে কয়।

গ্ৰন্থখনৰ ওপৰত ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰী  ড০  শৰ্মাই কয় যে নৰেন্দ্ৰ মোদীয়ে দেশৰ আটাইতকৈ শক্তিশালী পদলৈ উন্নীত হোৱাৰ ২০টা ঘটনাবহুল বছৰ আৰু এই সময়ছোৱাই প্ৰতিজন ভাৰতীয়ৰ জীৱনত কেনে প্ৰভাৱ পেলাইছে সেই বিষয়ে এইখন গ্ৰন্থৰ জৰিয়তে সামৰি লোৱাটো নিঃসন্দেহে এক গভীৰ প্ৰত্যাহ্বান আছিল। এই সন্দৰ্ভত ভিন্নজনৰ মতানৈক্য হোৱাটো নিতান্তই স্বাভাৱিক। কিন্তু ব্লু ক্ৰাফ্‌ট ডিজিটেল ফাউণ্ডেচনে সম্পাদনা আৰু সংকলনেৰে বিভিন্ন ক্ষেত্ৰত জনপ্ৰিয়, প্ৰভাৱশালী আৰু জ্ঞানী লোকসকলৰ মতামত আৰু ব্যক্তিগত অভিজ্ঞতা সামৰি গ্ৰন্থখনত সন্নিৱিষ্ট কৰা প্ৰবন্ধসমূহে প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিত্বৰ সফলতা আৰু আৰ্থ-সামাজিক, ৰাজনৈতিক জীৱনলৈ আগবঢ়োবা অৱদানৰ ছবি এখন দাঙি ধৰিবলৈ সক্ষম হৈছে। তেওঁ কিতাপখনৰ সম্পাদনা আৰু সংকলনৰ সৈতে জড়িত ব্লু ক্ৰাফ্‌ট ডিজিটেল ফাউণ্ডেচনৰ প্ৰতিজন কৰ্মকৰ্তাক অভিনন্দন জ্ঞাপন কৰে। তেওঁ অনুষ্ঠানত ৰূপা পাব্লিকেচন ইণ্ডিয়াক সমাজৰ প্ৰতিটো শ্ৰেণীৰ পঢ়ুৱৈ সমাজৰ উপলব্ধ কৰি তুলিবলৈ গ্ৰন্থখনৰ অসমীয়া অনুবাদৰ বাবে উদ্যোগ ল’বলৈ অনুৰোধ জনায়। অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, এক্সিছ মাই ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক প্ৰদীপ গুপ্তা, অলিম্পিক পদকপ্ৰাপ্ত বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু, অলিম্পিক পদকপ্ৰাপ্ত বক্সাৰ লাভলীনা বৰগোহাঁই, এছিয়ান গেম্‌ছ পদকপ্ৰাপ্ত দৌৰবিদ হিমা দাস, সংগীত শিল্পী আৰু সুৰকাৰ অংগৰাগ পাপন মহন্ত, বিশিষ্ট অস্ত্ৰোপচাৰ বিশেষজ্ঞ তথা পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী, ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টিকাৰী দৌৰবিদ অম্লান বৰগোহাঁই প্ৰমুখ্যে অসম চৰকাৰৰ কে’বাজনো মন্ত্ৰী তথা গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here