Home স্থানীয় বঙাইগাঁৱত ৬০ সংখ্যক শিক্ষক দিৱস পালন

বঙাইগাঁৱত ৬০ সংখ্যক শিক্ষক দিৱস পালন

482
0

গণ বাৰ্তা,বঙাইগাঁও , ৫ ছেপ্টেম্বৰ : বঙাইগাঁও জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত আৰু জিলা শিক্ষা বিভাগৰ সহযোগত আজি বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬০ সংখ্যক শিক্ষক দিৱস পালন কৰা হয়। মহামনিষী দাৰ্শনিক,ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পণ্ডিত ড:সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিন ৫ ছেপ্টেম্বৰৰ দিনটো দেশৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁও জিলাতো আজি শিক্ষক দিৱস হিচাপে পালন কৰা হয়। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) নৱজ্যোতি ওজাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আজিৰ এই বিশেষ দিনটোত ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা আগষ্ট মাহলৈকে অৱসৰ গ্ৰহণ কৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ শিক্ষকক আৰু কৃতি শিক্ষককে ধৰি  মুঠ ১২২ গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ধলাগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক জয়ধৰ নাথকো কৃতি শিক্ষক বঁটা প্ৰদান কৰা হয় ৷ অনুষ্ঠানত কেবাগৰাকীও অৱসৰী শিক্ষক-শিক্ষয়িত্ৰীয়ে বক্তব্য ৰাখে আৰু স্বৰচিত কবিতা পাঠ কৰে ৷ শিক্ষক দিৱসৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়ে বঙাইগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া আমীৰ হুছেইনে। বন্তি প্ৰজ্বলন তথা পতাকা উত্তোলনেৰে আজিৰ সভাৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত(শিক্ষা) নৱজ্যোতি ওজাই। শিক্ষক দিৱসৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অভয়াপুৰী কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড: ধীৰেন শৰ্মা।তেওঁ ভাষণ প্ৰসংগত সমাজত শিক্ষক এগৰাকীৰ স্থান আৰু সন্মান সম্পৰ্কে এক সাৰুৱা ভাষণ দাঙি ধৰে।তেওঁ কয়- শিক্ষক এজনে মম বাতিৰ দৰে গলি গলি শেষ হৈ যায় বুলি কোৱা কথাষাৰ শুদ্ধ নহয়।মমবাতি এডাল জ্বলি জ্বলি শেষ হৈ নাযায়। জ্বলি জ্বলি নুমাই গ’লেও অলপ হ’লেও অৱশিষ্ট ৰৈ যায়। শিক্ষকসকলে জ্ঞানৰ পোহৰ বিলাই সমগ্ৰ সমাজখন পোহৰাই থৈ যায়।আজি অৱসৰী শিক্ষকসকলক সম্বৰ্ধনা জনোৱা মানে তেওঁলোকক অলপ মৰম যঁচা হয়। এজন শিশুৱে পিতৃ-মাতৃৰ কথাতকৈ এজন শিক্ষকৰ কথা বেছি গুৰুত্ব দিয়ে।শিক্ষকে বহু শিশুৰ ভৱিষ্যত গঢ় দিয়ে আৰু শিশুৰ মানসপটত সদায় স্মৰণীয় হৈ ৰৈ যায়।ছাত্ৰ-ছাত্ৰীসকলেই হৈছে শিক্ষকৰ সম্পদ।বহু শিক্ষকে বিনাবেতনে শিক্ষকতা কৰি অৱসৰ পায়,তথাপিও তেওঁ আক্ষেপ নকৰে। এয়াই শিক্ষকৰ ধৰ্ম। সভাত উপস্থিত থাকি বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল মান্নান চৌধুৰীয়ে টমাচ আলভা এডিচন,চাৰ আইজাক নিউটন, এ পি জে আব্দুল কালাম আদি মহামনিষীসকলৰ জীৱনৰ উল্লেখযোগ্য ঘটনাৰ ওপৰত আলোকপাত কৰে।সভাৰ আঁত ধৰে পৰিদৰ্শকৰ কাৰ্যালয়ৰ শিক্ষা বিষয়া পংকজ শৰ্মাই। সভাত বঙাইগাঁও মহকুমাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক, মাণিকপুৰ, সৃজনগ্ৰাম আৰু বেচৰকাৰী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া আৰু বঙাইগাঁৱৰ জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়াৰ লগতে জিলা অধিবিদ্যা পৰিষদ,বিষয় শিক্ষক সন্থা, মাধ্যমিক শিক্ষক  আৰু কৰ্মচাৰী সন্থা,এম ই স্কুল শিক্ষক সন্মিলনী তথা প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়া সকলো উপস্থিত থাকে।ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বীৰঝৰা মণ্ডল সংগঠনৰ উদ্যোগত বঙাইগাঁও গাঁও পঞ্চায়তৰ সভাগৃহত দেওবাৰে শিক্ষক দিৱস উদ্‌যাপন কৰা হয়৷ ডাংতল উন্নয়ন খণ্ডৰ গ্ৰামীণ জীৱিকা অভিযানৰ বীৰঝৰা খণ্ডৰ পৰিচালনা শাখা খণ্ডৰ চোকাপাৰা, চিপনছিলা আৰু বঙাইগাঁও পঞ্চায়তৰ মহিলা সংগঠনৰ কৰ্মী সকল সভাত উপস্থিত থাকে৷ সভাত ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ ডাংতল খণ্ড উন্নয়ন বিষয়া ধৰ্মেশ্বৰ বড়ো উপস্থিত থাকি গাঁৱৰ মহিলা সকলক শিক্ষিত আৰু আত্ম নিৰ্ভৰশীল কৰি সকলো ক্ষেত্ৰত উন্নয়ন সাধন কৰি তুলিব লাগে বুলি অভিমত ব্যক্ত কৰে৷অনুষ্ঠানত মহিলাৰ বিভিন্ন গোট বা সংগঠন সমূহৰ মহিলা সকলক শপত বাক্যপাঠ কৰায়,স্মৰ্তব্য,অনুষ্ঠানত বীৰঝৰা মণ্ডল খণ্ড পৰিচালনা শাখাই পাঁচ গৰাকী শিক্ষক-শিক্ষত্ৰীক সম্বৰ্ধনা প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here