Home অসম বঙাইগাঁৱত “গ’ ফ’ৰ গ্ল’ৰী লাভলীনা” শীৰ্ষক শুভেচ্ছামূলক বাৰ্তা লিখি বক্সাৰগৰাকীৰ ছবি অংকন

বঙাইগাঁৱত “গ’ ফ’ৰ গ্ল’ৰী লাভলীনা” শীৰ্ষক শুভেচ্ছামূলক বাৰ্তা লিখি বক্সাৰগৰাকীৰ ছবি অংকন

90
0

প্ৰণৱ কুমাৰ ডেকা , বঙাইগাঁওঃ ২২ জুলাইঃ

টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসম জীয়ৰী তথা আন্তঃ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ লাভলীনা বৰগোহাঁইকলৈ সকলো আশাবাদী হৈ আছে ৷ সকলোৰে আশা লাভলীনাই পদক জয় কৰি দেশ তথা ৰাজ্যখনলৈ সুখবৰ কঢ়িয়াই আনিব ৷ সেয়ে এতিয়া বক্সাৰগৰাকীক উৎসাহ ,অভিনন্দন আৰু শুভেচ্ছা জনাই ঠায়ে ঠায়ে বিভিন্ন জনে ছবি আঁকি, বেনাৰ আঁৰি, পূজা- পাত কৰি অসম জীয়ৰী লাভলীনাৰ সফলতা কামনা কৰা পৰিলক্ষিত হৈছে ৷ একেদৰে বক্সাৰগৰাকীক উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় আৰু বিৰোধী দলৰ মন্ত্ৰী- বিধায়কে চাইকেল ৰেলী উলিয়াইছে ৷ এনে সময়তে বঙাইগাঁৱতো অসম জীয়ৰী লাভলীনাৰ সফলতা কামনা কৰি তথা শুভেচ্ছা জনাই দেৱালত ছবি অংকন কৰা দেখিবলৈ পোৱা গৈছে ৷ ” গ’ ফ’ৰ গ্ল’ৰী লাভলীনা” শীৰ্ষক শুভেচ্ছামূলক বাৰ্তা লিখি বক্সাৰগৰাকীৰ ছবি অংকন কৰা হৈছে ৷ বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত চিলাৰায় উৰণীয়া সেতুৰ তলৰ দেৱালত অংকন কৰা ছবিত এতিয়া সকলোৰ দৃষ্টি নিৱদ্ধ হৈছে ৷ এই ছবি অংকনৰ সৈতে জড়িত হৈ আছে নৱনিৰ্মাণ নামৰ এটা এনজিঅ আৰু আমি বনৰীয়া নামৰ চিত্ৰ শিল্পীৰ এটা দল ৷ এইসকলৰ যৌথ তথা সমূহিয়া প্ৰচেষ্টাত এই ছবি অংকন কৰা হৈছে ৷ এই সন্দৰ্ভত নিৱনিৰ্মাণ এনজিঅৰ তৰফৰ পৰা অসম কন্যা লাভলীনা বৰগোহাঁইক বঙাইগাঁওবাসীৰ হৈ শুভেচ্ছা জনাই টকিঅ’ অলিম্পিকত বক্সাৰগৰীয়ে পদক জয় কৰি দেশ তথা ৰাজ্যখনখনৰ নাম উজলাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ৷ আনহাতে আমি বনৰীয়া গোটৰ তৰফৰ পৰাও লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনাই বক্সাৰগৰাকীৰ সফলতা কামনা কৰে ৷ লগতে কয় যে লাভলীনা বৰগোহাঁই আমাৰ কাৰণে সদায় প্ৰেৰণা হৈ ৰ’ব ৷ আমি বনৰীয়া গোটে অসমবাসীৰ লগতে ভাৰতবাসীকো বক্সাৰগৰাকীক উৎসাহ তথা সমৰ্থন জনাবলৈ অনুৰোধ জনায় ৷ উল্লেখ্য যে আমি বনৰীয়া গোটৰ তৰফৰ পৰা ইতিমধ্যে বিভিন্ন ঠাইত বিভিন্ন ছবি অংকন কৰিছে ৷ ছবি আঁকি ভাল পোৱা গোটৰ সদস্যসকলে শংকৰঘোলা, নাককাটি পাহাৰ আদিত বিভিন্ন বিষয়ৰ ছবি অংকন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাইজৰ প্ৰেৰণা পালে আগলৈকো এইদৰে ছবি অংকন কৰি যাব বুলি কয় ৷ আনহাতে নৱনিৰ্মাণ এনজিঅই ইয়াৰ পিছত চিলাৰায় উৰণীয়া সেতুৰ দেৱালত বীৰ চিলাৰায়ৰ ছবি অংকনৰ কৰাৰ লগতে বীৰঝৰা উচ্চত মাধ্যমিক বিদ্যালয়ৰ দেৱালত শিক্ষাৰ সৈতে জড়িত ছবি অংকনৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি কয় ৷ লগতে চহৰখনক সুন্দৰ কৰি তুলিবলৈ বিভিন্ন স্থানত ছবি অংকন কৰাৰ বাবেও পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here