Home Main Stories বঙাইগাঁও জিলাত পুনৰ ক’ভিডত দুজনৰ মৃত্যু; নতুন কৈ আক্ৰান্ত ৪৫ জন

বঙাইগাঁও জিলাত পুনৰ ক’ভিডত দুজনৰ মৃত্যু; নতুন কৈ আক্ৰান্ত ৪৫ জন

81
0

জিলাখনত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৬৩৫ জনলৈ হ্ৰাস

বঙাইগাঁওঃ, ১৪ মেঃ বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত আছে ৷ একেদৰে দৈনিক মৃত্যু হৈ আছে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ ৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে জিলাখনত শুকুৰবাৰে পুনৰ নতুনকৈ ৪৫ জন ব্যক্তিৰ দেহত ক’ভিড – ১৯ প’জিটি ধৰা পৰিছে ৷ সেইদৰে মৃত্যু হৈছে দুজন ব্যক্তিৰ ৷ অৱশ্যে প্ৰশাসনে মৃত ব্যক্তি দুজনৰ পৰিচয় প্ৰকাশ কৰা নাই ৷ আনহাতে শুকুৰবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৮৪ জনকৈ ৰোগী ৷ জিলাখনত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পাইছে ৷ যিটো ভাল খবৰ ৷ জিলাখনত বৃহস্পতিবাৰলৈ ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৬৭২ জন আছিল যদিও শুকুৰবাৰে হ্ৰাস পাই ৬৩৫ জন হৈছে ৷ সেইদৰে জিলাখনত শুকুৰবাৰে মুঠ ১,২১৭ জন ব্যক্তিক ক’ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা শুকুৰবাৰলৈ মুঠ ক’ভিডত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১,৮৪১ জন ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here