Home Main Stories বঙাইগাঁৱত আক্ৰাছুৰ সংবাদ মেল আন্দোলনৰ কাৰ্যসূচী স্থগিত | আক্ৰাছুৰ মাজত কোনো বিভাজন...

বঙাইগাঁৱত আক্ৰাছুৰ সংবাদ মেল আন্দোলনৰ কাৰ্যসূচী স্থগিত | আক্ৰাছুৰ মাজত কোনো বিভাজন নাই – গোকুল বৰ্মন

227
0

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁওঃ ২৩ জুলাইঃ

আক্ৰাছু বিভাজন হোৱা নাই আৰু নহয় ৷ জাতিৰ স্বাৰ্থত আমি সকলোৱে ঐক্যৱদ্ধভাৱে কাম কৰিম ৷ আমাৰ মাজত কিছু ভুল বুজা বুজি হ’ব পাৰে ৷ সেয়া যি কি নহওক, কিন্তু আমি পুনৰ জাতিটোৰ স্বাৰ্থত সকলোৱে মিলি একগোট হৈ জনগোষ্ঠীটোৰ যি প্ৰাপ্য অধিকাৰ জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী পূৰণ নোহোৱালৈকে আমাৰ আন্দোলন চলি থাকিব ৷ এই মন্তব্য আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ ৷ আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত সভাপতি ৰায়ে এই মন্তব্য কৰে ৷ উল্লেখ্য যে কে এ চিকলৈ আক্ৰাছু পুনৰ বিভাজন হ’ব বুলি বিভিন্ন প্ৰচাৰ চলি থকাৰ সময়তে এই সংবাদ মেলত কে এ চিৰ ঘোষিত পাৰিষদৰ তালিকাত থকা আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন , উপদেষ্টা প্ৰদীপ ৰায় , কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰ আদি উপস্থিত থাকি সংগঠনটোৰ মাজত যে বিভাজন নাই সেয়া প্ৰমাণ কৰা পৰিলক্ষিত হয় ৷ আনকি সাধাৰণ সম্পাদক গোকুল বৰ্মনেও আক্ৰাছুৰ মাজত কোনো বিভাজন নাই বুলি কৈ এয়া কোচ ৰাজবংশী জনগোষ্ঠী বিৰোধী অপ শক্তিয়েহে অপ প্ৰচাৰ চলাই আছে বুলি কয় ৷ সংবাদ মেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে লগতে কয় যে চৰকাৰে কে এ চি গঠন কৰা তিনি মাহমান হ’ল যদিও আজিলৈকে তাক পূৰ্ণতা প্ৰদানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷ সেয়ে চৰকাৰে জনগোষ্ঠীটোৰ উন্নয়নৰ  স্বাৰ্থত গঠন কৰা কে এ চি খনক অতিশীঘ্ৰে পূৰ্ণতা প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনায় ৷ সেইদৰে ক’ভিড সৃষ্ট পৰিৱেশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অহা ২৯ জুলাইত আক্ৰাছুৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিসৱটি সংগঠনটোৰ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্টুপীয়াকৈ পালন কৰিব বুলি কয় ৷ লগতে ২৪ জুলাইত আহ্বান কৰা সংগঠনটোৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন সাময়িকভাৱে স্থগিত ৰাখি অহা ২৯ জুলাইত প্ৰতিষ্ঠা দিৱসৰ দিনাখন সভাৰ পৰৱৰ্তী দিন ঘোষণা কৰা হ’ব বুলি কয় ৷ লগতে প্ৰতিষ্ঠা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীত তেজেৰে পত্ৰ লিখি প্ৰেৰণৰ যি কাৰ্যসূচী ঘোষণা কৰিছিল সেয়াও সাময়িকভাৱে স্থগিত ৰখা বুলি সভাপতি ৰায়ে উল্লেখ কৰে ৷ ইপিনে সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে  জনজাতিকৰণৰ মৰ্যদা কোচ ৰাজবংশী জনগোষ্ঠীৰ নাৰ্য দাবী ৷ জনজাতিকৰণৰ প্ৰসংগত আক্ৰাছু পূৰ্বৰ স্থিতিতে অটল  আৰু জনজাতিকৰণৰ বিষয়টোত কোনোদিনে আপোচ কৰা নহ’ব বুলি কয় ৷ আনহাতে জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব  শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোটৰ চকাৰখনৰ ওপৰত পূৰ্ণ আস্থা আছে বুলি কৈ এই চৰকাৰখনে শীঘ্ৰে জনজাতিকৰণৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰখনেৰে আলোচনা কৰি এক সুস্থিৰ সমাধান কৰিব বুলি উল্লেখ কৰে ৷ সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক বৰ্মনে বিজেপি চৰকাৰক ভালৰি বুলাই কয় যে বিগত বিধান সভা নিৰ্বাচনৰ পূৰ্বে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা জনজাতিকৰণৰ বাবে গঠিত উচ্চ ক্ষমতাসম্পন্ন মন্ত্ৰী গোটৰ অধ্যক্ষ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন দল – সংগঠনেৰে আলোচনাত মিলিত হৈছিল আৰু জনজাতিকৰণ প্ৰক্ৰিয়াৰ ৯০ শতাংশ কাম সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰি ১০ শতাংশ কামহে বাকী থকা বুলি উল্লেখ কৰিছিল ৷ সকলোৱে জানে যে ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা এক জটিল পৰিৱেশ – পৰিস্থিতিৰ মাজত ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে শপত গ্ৰহণ কৰিছিল ৷ চৰকাৰ গঠন হোৱাৰ আজি প্ৰায় তিনি মাহ মান হ’ল ৷ এই সময়ছোৱাত জনজাতিকৰণৰ বিষয়টোলৈ মুখ্যমন্ত্ৰীৰ সৈতে আমাৰ কেবাবাৰো আলোচনা হৈছে আৰু ক’ভিড সৃষ্ট পৰিৱেশৰ শাম কাটিলে বিষয়টো আগবঢ়াই নিয়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে সকলো দল – সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিবলগীয়া মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ চূড়ান্ত কামখিনি সম্পূৰ্ণ কৰিব বুলি আশ্বাস প্ৰদান কৰা বুলি উল্লেখ কৰে ৷আনহাতে পূৰ্বৰ মন্ত্ৰীগোটৰ এজন সদ্য চন্দন ব্ৰহ্ম যিহেতু নিৰ্বাচনত পৰাজয় বৰণ কৰিছে আৰু আন দুজন সদস্য তথা বৰ্তমানৰ বিধায়কদ্বয় ফণীভূষণ চৌধুৰী আৰু নৱ কুমাৰ দলে যিহেতু বৰ্তমান মন্ত্ৰী সভাৰ সদস্য নহয় সেয়ে প্ৰয়োজন সাপেক্ষে মন্ত্ৰীগোটৰ কমিটিখন নতুনকৈ গঠন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদিচ্ছাৰে যিহেতু জনজাতিকৰণৰ বিষয়টো এঢাপ আগুৱাই নিছে ,সেয়ে চৰকাৰখনক আমি কিছু সময় দিয়াৰ নিশ্চয় প্ৰয়োজন আছে বুলিহে কয় ৷ এটা প্ৰক্ৰিয়াৰ মাজেৰে চৰকাৰৰ সৈতে আলাপ আলোচনাৰ জড়িয়তে আমি বিষয়টো আগবঢ়াই নিব লাগিব ৷ তেনে ক্ষেত্ৰত এই সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ব্যাঘাত জন্মাৰহে সম্ভাৱনা আছে ৷ জনজাতিকৰণৰ বিষয়টোত আক্ৰাছুৱে সদায় সজাগ আৰু সচেতনৰ ভূমিকা গ্ৰহণেৰে চৰকাৰৰ কাম কাজত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ গতিকে আক্ৰাছুৰ ভূমিকাকলৈ ৰাইজে শংকিত হোৱাৰ বা সংগঠনটোক সন্দেহ কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে ৷ আনহাতে কে এ চিকলৈ আক্ৰাছুত বিভাজন নাই বুলি কৈ  কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনকলৈ আক্ৰাছুত বিভাজন ঘটা বুলি কোচ ৰাজবংশী জনগোষ্ঠী বিৰোধী এক অপশক্তিয়ে ব্যক্তিগত লাভালাভৰ স্বাৰ্থতহে অপ প্ৰচাৰ চলাই আছে বুলি কৈ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ গোকুল বৰ্মনে কয় যে আমাৰ মাজত আলোচনা নোহোৱাৰ কাৰণে আক্ৰাছুৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও আমি সকলোৱে মিলি আলোচনা কৰি সাময়িকভাৱে স্থগিত ৰাখিছো ৷ কে এ চি কলৈ আক্ৰাছুৰ কোনো ধৰণৰ বিৰোধ বা বিভাজন নাই ৷ জাতিৰ স্বাৰ্থত ঐক্যৱদ্ধতাৰে কাম কৰি যাবলৈ আক্ৰাছুৰ নেতৃত্ব সংকল্পবদ্ধ ৷ কিন্তু কে এ চিৰ অন্তৰ্ৱৰ্তীকালীন পাৰিষদত অন্তৰ্ভুক্ত বহলৈ বহুতে বিচাৰিছিল যদিও সীমিত সংখ্যাৰ কাৰণে অন্তৰ্ভুক্ত কৰিব পৰা নগল ৷ তেওঁলোকৰ মনৰ বেদনা আৰু দুখ আমি অনুভৱ কৰিব পাৰিছো ৷ কিন্তু জনগোষ্ঠীটোৰে একাংশই উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত আমি শপত গ্ৰহণ কৰিব পৰা নাই ৷ কিন্তু আমি অচিৰেই শপত গ্ৰহণ কৰিম ৷ আনহাতে কে এ চিত শপত গ্ৰহণ কৰিবলগা হলে শপত গ্ৰহণৰ পূৰ্বে  আমি সংগঠনটোৰ সাংবিধানিক নিয়ম মতে যোগ্যজনৰ হাতত নেতৃত্ব অৰ্পণ কৰিম ৷ যিহেতু এতিয়ালৈকে আমি কে এ চি ত দায়িত্ব  লোৱা নাই, সেয়েহে সদ্যহতে আমি সংগঠনৰ দায়িত্ব এৰাৰ প্ৰশ্ন নাহে বুলি কয় ৷ সংবাদ মেলত উপস্থিত থকা আক্ৰাছুৰ উপদেষ্টা প্ৰদীপ ৰায়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোচ ৰাজবংশী জনগোষ্ঠীক যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেইসমূহ আখৰে আখৰে পালন কৰি সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনায় ৷ আনহাতে  কে এ চি কলৈ জনগোষ্ঠীটোৰ একাংশই নিজৰ ক্ষুদ্ৰ স্বাৰ্থকলৈ গোচৰ তৰাৰ বাবে গোটেই প্ৰক্ৰিয়াটো বন্ধ হৈ থকা বুলি ক্ষোভ প্ৰকাশ কৰে ৷ লগতে গোচৰ তৰাসকলক নিজৰ ব্যক্তি স্বাৰ্থ পৰিহাৰ কৰি জাতিৰ স্বাৰ্থত গোচৰ উঠাই ল’বলৈ আহ্বান জনায় ৷ উপদেষ্টাগৰাকীয়ে চৰকাৰক কে এ চিকলৈ সৃষ্টি হোৱা সমস্যা শীঘ্ৰে সমাধান কৰি তাক পূৰ্ণতা প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ সংবাদ মেলত আক্ৰাছুৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল ৷ কিন্তু কে এ চিকলৈ চলি থকা গোচৰ তথা আক্ৰাছুৱে পুনৰ আন্দোলনৰ কাৰ্যসূতী গ্ৰহণ কৰাৰ পিছতে হঠাতে পূৰ্বৰ সাধাৰণ সম্পাদক , উপদেষ্টা আদিৰ সংগঠনটোলৈ আগমনে সকলোৰে মাজত প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ লগতে আক্ৰাছুৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাত চৰকাৰৰ তৰফৰ পৰা আন্দোলন মষিমূৰ কৰাৰ বাবে হেঁচা প্ৰদান কৰাত ততাতৈয়াকৈ সংগঠনটোলৈ ঢাপলি মেলিছে নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে ৷ লগতে ঘৰৰ ল’ৰা পুনৰ ঘৰলৈ ওভতি অহা বুলি বিভিন্নজনে মন্তব্য কৰিছে ৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here