Home Main Stories বৰপেটাত অন্ন সুৰক্ষাৰ চাউলৰ নামত বিয়াগোম কেলেংকাৰী: দুখীয়াৰ চাউল কলা বজাৰত বিক্ৰী...

বৰপেটাত অন্ন সুৰক্ষাৰ চাউলৰ নামত বিয়াগোম কেলেংকাৰী: দুখীয়াৰ চাউল কলা বজাৰত বিক্ৰী কৰি ধনৰ পাহাৰ গঢ়িছে একাংশ চোৰাং বেপাৰীয়ে

128
0


আজিজুল হক, ভেল্লা, ২৮ ছেপ্টেম্বৰঃ বৰপেটাত অন্ন সুৰক্ষাৰ চাউলৰ নামত বিয়াগোম কেলেংকাৰীৰ অভিযোগ উঠিছে। সমবায় সমিতি লিমিটেডৰ জৰিয়তে জিলাখনৰ দুখীয়া লোকৰ আবন্টিত বিনামূলীয়া চাউলবোৰৰ এটি অংশ দৰিদ্ৰ হিতাধিকাৰীক নিদি ক’লা বজাৰত বিক্ৰী কৰি আহিছে একাংশ লোকে। এই ক্ষেত্ৰত সমবায়ৰ সভাপতি- সম্পাদকৰ লগতে কে’বাগৰাকীও মধ্যভোগীৰ নাম অন্তৰ্ভুক্ত থকাৰ অভিযোগ উঠিছে। দুখীয়া লোকক  বিভিন্ন আঁচনিৰ চাউলকে ধৰি অন্যান্য সা-সামগ্ৰী সময়মতে নিদি সেই সামগ্ৰীবোৰ গোৱালপাৰা, ধুবুৰী, পশ্চিমবংগ, মেঘালয়, মিজোৰাম, মণিপুৰ, বাংলাদেশ আদিত বিক্ৰী কৰি আহিছে সমবায়ৰ সভাপতি- সম্পাদকৰ সহযোগত মধ্যভোগীয়ে। সময়ে সময়ে এই চাউল সৰবৰাহৰ সময়ত ৰাইজে হাতে-লোটে চাউলসহ দালালক ধৰি আৰক্ষীক গতাই দি আহিছে। যোৱা ২৪ ছেপ্টেম্বৰতো বৰপেটাৰ পালহাজীৰ নিকটৱৰ্তী গৰেমাৰী পথাৰৰ ৰাইজে ভটভটীৰ সহায়ত ব্ৰহ্মপুত্ৰৰ মাজৰে উত্তৰ বগুৰীবাৰী সমবায়ৰ ২৪০ বস্তুা চাউল চালানবিহীনভাৱে গোৱালপাৰা অভিমূখে নি থকা সময়ত হাতে-লোটে ধৰি আৰক্ষীক খবৰ দিয়ে। এই চাউলখিনি গোৱালপাৰা হৈ পশ্চিমবংগ, বাংলাদেশ আদি কোনোবা ঠাইত ক’লা বজাৰত বিক্ৰীৰ উদ্দেশ্য নি আছিল। এই খবৰ বিয়পি পৰাৰ পিছৰে পৰা উত্তৰ বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদক মুক্তাৰ হুছেইনে আত্মগোপন কৰি আছে। ইয়াৰ পূৰ্বেও মুক্তাৰ হুছেইনে বাউসী সমবায় সমিতি লিমিটেডৰ সভাপতি আনোৱাৰ হুছেইনৰ সহযোগত দুখীয়াৰ বাবে আবন্টিত চাউল চুৰি কৰি ক’লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে । এই সন্দৰ্ভত তদন্ত কৰাৰ বাবে আজি বহৰিত উপস্থিত হয় অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ বিষয়াসহ এটি দল । বহৰিৰ উত্তৰ বগুৰীবাৰী সমবায়ত উপস্থিত হৈ অনুসন্ধানকাৰী দলটোৱে বিমুখ হ’ব লগা হ’ল। কিয়নো, সমবায়ৰ এই চাউল কেলেংকাৰীৰ মূল অভিযুক্ত, সমবায়ৰ সম্পাদক মুক্তাৰ হুছেইনৰ সৈতে সাক্ষাৎ নহ’ল দলটোৰ। ৰাইজে এই চাউলখিনি ধৰাৰ পিছৰে পৰা শুংসূত্ৰ নাই সমবায়খনৰ সম্পাদক মুক্তাৰ হুছেইনৰ। অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ অধীক্ষক দিলীপ কুমাৰ ডেকা আৰু উপ-আৰক্ষী অধীক্ষক ইন্দ্ৰজিৎ পাঠকৰ নেতৃত্বত বহৰিৰ উত্তৰ বগুৰীবাৰী সমবায় সমিতিৰ কাৰ্যালয়ত উপস্থিত হৈ নথি-পত্ৰ বিচাৰে যদিও একোকে নাপালে দলটোৱে। সমবায় সমিতিখনৰ সম্পাদক মুক্তাৰ হুছেইনৰ সন্ধান নাপাই দুদিনৰ ভিতৰত সমবায় সমিতিখনৰ সকলো নথি দাখিল কৰাৰ নিৰ্দেশ জাৰি কৰি উভতি যায় বিষয়াৰ দলটো। এই চাউল চুৰিত অভিযুক্ত কে’বাগৰাকীও ইতিমধ্যে ৰঙাঘৰৰ আলহী হৈছে। কিন্তু তাৰ পিছতো বন্ধ হোৱা নাই চাউলৰ এই ক’লা ব্যৱসায়। আৰক্ষী, প্ৰশাসনক কেৰেপ নকৰি বাউসী সমবায় সমিতি লিমিটেড, আজাদ সমবায়, উত্তৰ বগুৰীবাৰী সমবায়, সৰুক্ষেত্ৰী, ঘিলাজাৰী আদিকে ধৰি বিভিন্ন প্ৰান্তৰ সমবায়ৰ সভাপতি, সম্পাদক মধ্যভোগীৰ সৈতে মিলিত হৈ চাউলৰ চোৰাং কাৰবাৰ চলাই যোৱাৰ অভিযোগ উঠিছে। এই ব্যৱসায়ত জড়িত হৈ একাংশই ধনৰ পাহাৰ গঢ়াৰো অভিযোগ উঠিছে। চহৰ, নগৰ, গ্ৰামাঞ্চল আদিত বৃহৎ বৃহৎ অট্টালিকাৰ লগতে কোটি কোটি টকাৰ মূল্যৱান মাটি, সম্পত্তিৰ গৰাকী হোৱাৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত একাংশ লোকৰ মাজত চৰ্চাত আহিছে মধ্যভোগী খলিলুৰ ৰহমান, নিজাম খান,  মোজাম্মিল হক, আব্দুল মালেক, ছফিকুল হক, মুক্তাৰ হুছেইন, আনোৱাৰ হুছেইন আদিৰ নাম। এওঁলোকে দুখীয়াৰ বাবে আবন্টিত চাউল চুৰি কৰি ক’লা বজাৰত বিক্ৰী কৰি ধনৰ পাহাৰ গঢ়ি তোলাৰ অভিযোগ উঠিছে। দুৰ্নীতিৰ সাম্ৰাজ্য গঢ়াসকলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ আয়ৰ উৎস বিচাৰিছে সচেতন মহলে। চাউল চুৰিত অভিযুক্তসকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে সচেতন মহলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here