গণ বাৰ্তা, কলগাছিয়া, ২৩ জুন ঃ বৰপেটা জিলাৰ বান দুৰ্যোগৰ কিছু উপশম ঘটিছে যদিও এতিয়াও জিলাখনৰ প্ৰায় অৰ্ধ সহস্ৰ লোক আশ্ৰয় শিবিৰতে আছে৷ কালি সন্ধিয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু অভিভাৱক সচিব ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কাই জিলাখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ সন্ধিয়া উপায়ুক্তৰ সভাকক্ষত আয়োজিত এখন বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা খাদ্য আৰু অসামৰিক যোগান আদি বিভাগৰ মন্ত্ৰীজনে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈ বান সাহায্য অধিক ক্ষিপ্ৰতৰ কৰি তোলাৰ নিৰ্দেশ দিয়ে৷ ইতিমধ্যে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে যোৱা কেইদিনত দিনে-নিশাই নিজে আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰি বান পীড়িতৰ অৱস্থাৰ বুজ লৈছে৷ আজি তেওঁ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সত্ৰ কনৰা, মন্দিয়া আদিলৈ নাৱেৰে গৈ বান আৰু খহনীয়াত পীড়িত লোক সকলৰ সৈতে বাৰ্তালাপ কৰি অৱস্থাৰ চৰজমিন পৰ্যালোচনা চলায়৷ উপায়ুক্ত গৰাকীয়ে প্ৰায় কুৰিটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি তাত থকা লোক সকলৰ অৱস্থাৰ বুজ লয়৷
Home অসম বৰপেটা জিলাত বানত ক্ষতিগ্ৰস্ত ১২.৫১ লাখ লোক: দিনে-নিশাই উপায়ুক্তই পৰিদৰ্শন কৰিছে বানপীড়িত...