Home স্থানীয় বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকৰ সামাজিক অধিকাৰিতা শিবিৰ মুকলি : ৪,০৭৪ বয়োজ্যেষ্ঠ...

বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকৰ সামাজিক অধিকাৰিতা শিবিৰ মুকলি : ৪,০৭৪ বয়োজ্যেষ্ঠ আৰু বাধাগ্ৰস্ত লোকৰ মাজত ৫.৫৪ কোটি টকাৰ সঁজুলি বিতৰণ, বৰপেটাত অন্ধ শিক্ষাৰ্থীৰ স্কুল স্থাপনৰ আহ৩ান সাংসদ আব্দুল খালেকৰ

278
0


গণ বাৰ্তা বিশেষ, বৰপেটা, ৮ মে’ ঃ সত্ৰনগৰী বৰপেটাত আজি মুকলি কৰা হয় সামাজিক অধিকাৰিতা শিবিৰ৷ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী কুমাৰী প্ৰতিমা ভৌমিকে এই শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে৷ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অক্ষয় কুমাৰ দাস প্ৰেক্ষাগৃহত মুকলি কৰা শিবিৰত বৰপেটা জিলাৰ নিৰ্বাচিত ২,১৯৪জন শাৰীৰিকভাৱে বাধাগ্ৰস্থ ব্যক্তি আৰু ৰ,৮৮০জন নিম্ন আয়ৰ বয়োজে্যষ্ঠ ব্যক্তিৰ মাজত আৱশ্যকীয় চলন- ফুৰণ-শ্ৰৱণ সহায়ক সা-সঁজুলি বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয়৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা আৰু বাধাগ্ৰস্থ লোকৰ সহায়তা আঁচনিৰ অধীনত বিনামূলীয়াকৈ অত্যাধুনিক হুইল চেয়াৰ, ট্ৰাইচাইকেল, চচমা, শ্ৰৱণ যন্ত্ৰ, অত্যাধুনিক লাখুঁটি, কেলিপাৰ আদি বিভিন্ন সা-সঁজুলি সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ এই উদ্দেশ্যে বৰপেটা জিলা প্ৰশাসন, জিলা সমাজ কল্যাণ বিষয়া আৰু ভাৰতীয় কৃত্ৰিম অঙ্গ প্ৰস্তুতকৰণ নিগম [এলিমকো]ৰ যৌথ উদ্যোগত আয়োজিত সামাজিক অধিকাৰিতা শিবিৰটো মুকলি কৰি দিয়া ভাষণত প্ৰতিমা ভৌমিকে কয় যে শাৰীৰিকভাৱে বাধাগ্ৰস্থ ব্যক্তিসকলৰ প্ৰতি পূৰ্বৰ ধাৰণা বহু সলনি হৈছে৷ দিব্যাংগ লোকসকলৰ লগতে বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ প্ৰতি সমাজৰ যথেষ্ট কৰণীয় আছে বুলি তেওঁ মত প্ৰকাশ কৰে৷ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক আৰু কোকৰাঝাৰ লোকসভাৰ সাংসদ হীৰা শৰণীয়ায়ো সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ বৰপেটাৰ সাংসদগৰাকীয়ে কৃত্ৰিম অংগ প্ৰস্তুত কৰা এটি কাৰখানা আৰু অন্ধ শিক্ষাৰ্থীসকলৰ বাবে এখন বিদ্যালয় বৰপেটা জিলাত স্থাপন কৰাৰ বাবে মন্ত্ৰীগৰাকীক অনুৰোধ জনায়৷ সভাৰ আৰম্ভণিতে উপায়ুক্ত তেজ প্ৰসাদ ভূষালে আদৰণী ভাষণ আগবঢ়ায়৷ শৰ্মিষ্ঠা দাসে আঁতধৰা সভাখনত অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাসো উপস্থিত থাকে ৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে আজি মুঠ ১৯৫জনক সামগ্ৰী বিতৰণ কৰাৰ বিপৰীতে বাকীসকলক অচিৰেই সংশ্লিষ্ট উন্নয়ন খণ্ডত বিতৰণৰ ব্যৱস্থা কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here