Home অসম বাংগালোৰত ‘অনীহা’ই বুটলিলে সোণৰ পদক:শ্ৰেষ্ঠ সামাজিক সচেতনতা ছবিৰ বঁটা লাভ

বাংগালোৰত ‘অনীহা’ই বুটলিলে সোণৰ পদক:শ্ৰেষ্ঠ সামাজিক সচেতনতা ছবিৰ বঁটা লাভ

90
0

গণ বাৰ্তা, দক্ষিণ যোৰহাট,৮ নৱেম্বৰ: ‘অনীহা’ এনে এখন চুটি ছবি যিখন ছবিয়ে পৰিৱেশ দিৱসত মুক্তি পোৱা ক্ষণৰ পৰাই পুৰস্কাৰ লাভ কৰি আহিছে৷ যোৱা ৭ আৰু ৮ নৱেম্বৰত বাংগালুৰত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম হাউছ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত যোৰহাটৰ এন জে প্ৰডাকচনৰ বেনাৰত নয়নজ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত এই চুটি ছবি অনীহাই এইবাৰ সামাজিক সচেতনতা ছবি শিতানত শ্ৰেষ্ঠ ছবি ৰূপে নিৰ্বাচিত হৈছে৷ প্ৰতিযোগিতাখনত অনীহাই মুঠ নটা শিতানত মনোনয়ন লাভ কৰিছিল৷ অনীহাৰ হৈ প্ৰযোজক নয়নজ্যোতি শৰ্মা আৰু জুৰি শৰ্মাই বাংগালুৰুৰ চৌদিয়া মেম’ৰিয়েল হলত অনুষ্ঠিত ৰেড কাৰ্পেটৰ বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বৰ্ণপদক গ্ৰহণ কৰে৷ উক্ত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দক্ষিণাত্যৰ ছবিজগতৰ কে’বাজনো জনপ্ৰিয় ছবি নিৰ্মাতা, প্ৰযোজক, পৰিচালক, চিনেমেটোগ্ৰাফাৰ উপস্থিত আছিল৷ যোৰহাটৰ স্প্ৰীংড’ল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু উদীয়মান যুৱ প্ৰতিভা মৃগাংক মাইনাৰ যুটীয়া কাহিনী আৰু পৰিচালনাৰে অনীহা চুটি ছবিখন নিৰ্মাণ হৈছিল৷ ছবিখনৰ চিনেমেটোগ্ৰাফী আৰু দ্ৰ’ণ পৰিচালনা পূৰৱৰ আৰু সম্পাদনা মৃগাংকৰ৷ সংগীত মুম্বাইৰ সপোন শইকীয়াৰ৷ সহযোগী পায়েল শৰ্মা৷ সাম্প্ৰতিক কালৰ পৰিৱেশ সম্পৰ্কীয় এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনৰ অভিনয়ত আছে মানৱেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতিম শৰ্মা আৰু আশাতৰা শৰ্মা৷ অনীহাই ইতিমধ্যে কে’বাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here