Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কলকাতাত প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীৰ লাঠী চাৰ্জ, কন্দুৱা গেছ, পানীহিলৈ নিক্ষেপ: বিজেপিৰ নাবান্না...

কলকাতাত প্ৰতিবাদকাৰীক ৰুধিবলৈ আৰক্ষীৰ লাঠী চাৰ্জ, কন্দুৱা গেছ, পানীহিলৈ নিক্ষেপ: বিজেপিৰ নাবান্না ছলো যাত্ৰাত ব্যাপক হিংসা , আৰক্ষীৰ বাহনত অগ্নিসংযোগ বিজেপি কৰ্মীৰ

123
0


কলকাতা, ১৩ ছেপ্টেম্বৰ ঃ
পশ্চিম বংগ মমতা চৰকাৰৰ শাসনকালত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ তুলি আজি বিজেপিয়ে বিধানসভালৈ এক প্ৰতিবাদী যাত্ৰা উলিয়ায়৷ নাবান্না ছ’লো যাত্ৰা কাৰ্যসূচীত ব্যাপক হিংসাত্মক ঘটনা পৰিলক্ষিত হয়৷ আৰক্ষী আৰু বিজেপি কৰ্মীৰ মাজত হিংসা পৰিলক্ষিত হয়৷ বিজেপি কৰ্মীয়ে আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰাতে ক্ষান্ত নাথাকিল আৰক্ষীৰ বাহনত অগ্নিসংযোগো কৰে, যাৰবাবে কলকাতাত আজি এক উত্তপ্তময় পৰিৱেশে বিৰাজ কৰে৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ লাঠীচাৰ্জ, কন্দুৱা গেছ নিক্ষেপ আৰু পানী হিলৈ ব্যৱহাৰ কৰে৷ এই সময়ছোৱাত বিজেপি কৰ্মীসকলো আৰক্ষীৰ ওপৰত বৰ্বৰতাৰে আক্ৰমণ চলায়৷ বিজেপিৰ কৰ্মীসকলে ব্যাপক হাৰত আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰে৷ আৰক্ষীয়ে এই প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব দিয়া বিজেপি নেতা সুভেন্দু অধিকাৰীক আৰু প্ৰদেশ বিজেপিৰ অধ্যক্ষ সুকাণ্টা মজুমদাৰক আটক কৰে৷ তদুপৰি আৰক্ষীয়ে কে’বাগৰাকী বিজেপি কৰ্মীক আটক কৰে৷ উল্লেখ্য যে মমতা চৰকাৰৰ শাসনকালত দুৰ্নীতিৰ অভিযোগ তুলি বিজেপিয়ে আজি পুৱাই সচিবালয়লৈ পদযাত্ৰা উলিয়ায়৷ এই ক্ষেত্ৰত আৰক্ষীয়ে বাধা আৰোপ কৰে৷ তেওঁলোকক সচিবালয়ত যোৱাত বাধা প্ৰদান কৰে৷ যাৰ বাবে আৰক্ষী আৰু বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড খণ্ডযুদ্ধ হয়৷ বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে সংবাদ মাধ্যমত কয় যে মুখ্যমন্ত্ৰী মমতাৰ হাতত সমৰ্থন নাই সেইবাবে পশ্চিম বংগত উত্তৰ কোৰিয়াৰ দৰে একছত্ৰী শাসন কৰিবলৈ ধৰিছে৷ ইয়াৰ পৰিণাম ভুগিব লাগিব উল্লেখ কৰে৷ আজিৰ প্ৰতিবাদ কাৰ্যসূচী সন্দৰ্ভত কলকাতা উচ্ছ ন্যায়ালয়ে পশ্চিম বংগৰ গৃহ সচিবৰ পৰা ১৯ ছেপ্টেম্বৰত প্ৰতিবেদন বিচাৰিছে৷ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে যে তেওঁলোকে এই কথাৰ প্ৰতি লক্ষ্য ৰাখক যে কোনো লোকক অবৈধভাৱে যাতে আটক কৰা নহয় আৰু ৰাজহুৱা সম্পত্তিৰ যাতে কোনো ক্ষতি নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here