Home স্থানীয় ডাঙ্গাইগাওত প্ৰেট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ প্ৰতিবাদী...

ডাঙ্গাইগাওত প্ৰেট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ▪️ বিজনী আৰক্ষীৰ বাধা স্থানীয় বিধায়ক আব্দুল বাতেন খন্দকাৰক

165
0

গনবাৰ্তা মাণিকপুৰ, ১১ জুন : সমগ্ৰ ৰাজ্যৰ লগতে মানিকপুৰতো পেট্ৰ’ল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি কংগ্ৰেছ নেতা কৰ্মী সকলে প্ৰতিবাদী ধৰ্ণা কাৰ্যসুচী পালন কৰে।ডাঈাইগাও প্ৰেট্ৰল পাম্পত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ প্ৰাক মূহুৰ্তত চিৰাং জিলাৰ বিজনী থানাৰ আৰক্ষীয়ে বিধায়ক আব্দুল বাতেন খন্দকাৰক বাধা প্ৰদান কৰি কয় যে এই প্ৰেট্ৰল পাম্প চিৰাং জিলাৰ অধীনত ইয়াতে আমি কনোপধ্যে প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ নিদিওঁ আপোনালোকে বঙাইগাওঁ জিলাৰ মাণিকপুৰ থানাৰ এলেকাত প্ৰতিবাদী কাৰ্যসূচী পালন কৰক বুলি কৈ বিধায়কৰ লগত তৰ্কযুদ্ধত লিপ্ত হয় উপ পৰিদৰ্শক এজনে। বিধায়কে উল্লেখ কৰে যে ঠাই খিনি চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হয় কিন্তু ৩৪ নং উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ অন্তৰ্ভুক্ত। তথাপিওঁ বিজনী আৰক্ষী হৈমান নোহোৱাত মানবীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়কে সমৰ্থক সকলোক লগত লৈ প্ৰায় দুই শ মিটাৰমান আঁতৰত প্ৰেট্ৰল পাম্পৰ ওচৰতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ পাৰে বঙাইগাওঁ জিলাৰ মাণিকপুৰ থানাৰ এলেকাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াকে লৈ দলীয় কৰ্মী সকলৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। প্ৰতিবাদ স্থলীত উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ উপস্থিত থাকি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বিধায়ক জনে উল্লেখ কৰে যে বিগত বছৰত ৪৩ বাৰকৈ পেট্ৰ’ল. ডিজেলৰ মূল্য বৃদ্ধি কৰে বুলি কৈ বিজেপি চৰকাৰক সমালোচনা কৰে।প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ গো বেক, বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here