Home Main Stories ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম পৰ্যায়ত ৫০৯৭ গৰাকী হিতাধিকাৰীক বিত্তীয়...

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম পৰ্যায়ত ৫০৯৭ গৰাকী হিতাধিকাৰীক বিত্তীয় সাহাৰ্য প্ৰদান

291
0

গণ বাৰ্তা, ডিব্ৰুগড়, ৫ জানুৱাৰীঃ ডিব্ৰুগড়ত অসম মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত হিতাধিকাৰীক চেক বিতৰণৰ বিশাল কাৰ্যসূচী ৰূপায়ন কৰে। ধেমাজিত এই আঁচনিৰ শুভাৰম্ভ কৰাৰ পিছতেই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম পৰ্যায়ত ৫০৯৭ গৰাকী হিতাধিকাৰীক বিত্তীয় সাহাৰ্য আগবঢ়ায়। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ জৰিয়তে অসমত এক অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ হব। কাৰণ অসমত প্ৰথমবাৰৰ বাবে এনে আঁচনিৰ গ্ৰহণ কৰি অসমৰ মহিলাসকলক চৰকাৰে প্ৰদান কৰিছে অৰ্থনৈতিক সুবিধা। ডিব্ৰুগড়ত আছে ২৫৮৭৫ গৰাকী হিতাধিকাৰী। ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে চেক বিতৰণত চৰকাৰী কৰ্মচাৰীয়ে উৎকোচ গ্ৰহণ কৰিলে উচিত শাস্তি প্ৰদান কৰা হব বুলি উল্লেখ কৰে। ১১ লাখ প্ৰথম শ্ৰেণী হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে মাইক্ৰফাইনেন্সৰ ঋণগ্ৰস্তক সাহাৰ্য প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। আজি ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত সাহাৰ্য গ্ৰহণ এই অনুষ্ঠানৰ আৰম্ভণিত উদ্বোধনী ভাষণ আগবঢ়ায় ৰাজ্য ক্ৰীড়া আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। উদ্বোধনী ভাষণত মন্ত্ৰী বিমল বৰাই অসম মাইক্ৰফাইনেন্সৰ এই আঁচনিৰ জৰিয়তে বিশেষকৈ মহিলাসকলক যথেষ্ট উপকৃত কৰিবৰ বুলি উল্লেখ কৰে। অনুষ্ঠানত বিত্ত মন্ত্ৰী অজন্তা নেওগে অসমৰ অৰ্থনৈতিক বুনিয়াদ শ্ৰীবৃদ্ধি কৰা লগতে মহিলা  সবলীকৰণৰ ক্ষেত্ৰত এই আঁচনিয়ে এক ইতিহাস ৰচনা কৰিবৰ বুলি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই এই আঁচনিৰ জৰিয়তে মহিলাসকলক যথেষ্ট সকাহ প্ৰদান কৰা লগতে অৰ্থনৈতিক বিকাশ সাধন কৰিব বুলি আশা প্ৰকাশ কৰে। আজি অনুষ্ঠানত দহ সহস্ৰাধিক ঋণগ্ৰস্ত মহিলাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, মৰাণৰ বিধায়ক চক্ৰৰ গগৈ, দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালা, শদিয়াৰ বিধায়ক বলিন চেতিয়াকে আদি কৰি বিভিন্ন নিগম নিকায়ৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

ReplyForward

LEAVE A REPLY

Please enter your comment!
Please enter your name here