Home Main Stories দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগ আৰু চোৰাং কুণ্ডা সৰবৰাহকাৰীৰ মাজত প্ৰচণ্ড...

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগ আৰু চোৰাং কুণ্ডা সৰবৰাহকাৰীৰ মাজত প্ৰচণ্ড গুলিয়াগুলী : চোৰাং কুণ্ডা সৰবৰাহত ব্যৱহৃত হাতীৰ মৃত্যু

130
0

প্ৰনামী মহন্ত, গণ বাৰ্তা, নাহৰকটীয়া, ২১ জুলাইঃ আজি কেইবাদিন ধৰি দিহিং পাটকাই অভয়াৰণ্য আৰু বৰ্তমানৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচ’ৰাত চলি থকা বন ধংসযজ্ঞ , চোৰাং কাঠ সৰবৰাহ, শিল -বালি- কয়লা খনন আৰু শেহতীয়াকৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত নাকফান এলেকাত অৰুনাচলীয়ে বন ধ্বংস কৰি অসমৰ মাটি বেদখল কৰা কাৰ্য আদিৰ বাতৰি এই প্ৰতিবেদকে ধাৰাবাহিক ভাৱে দৈনিক গণ অধিকাৰ কাকতযোগে প্ৰকাশ কৰি থকাৰ পিছত ক্ৰমে গা লৰা দেখা গৈছে বন বিভাগৰ। নৱঘোষিত ৰাষ্ট্ৰীয় উদ্যান খনৰ জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত বন বিভাগে এতিয়া চলাইছে নানা অভিযান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বন ধ্বংস যজ্ঞৰ ফলস্বৰূপে বন বিভাগ আৰু চোৰাং কুণ্ডা সৰবৰাহকাৰীৰ মাজত সোমবাৰে পুৱতি নিশা সংঘটিত হয় প্ৰচণ্ড গুলিয়াগুলী। চোৰাং কুণ্ডা সৰবৰাহকাৰী আৰু বন বিভাগৰ মাজৰ ক্ৰচ ফায়াৰিঙত নিহত হয় চোৰাং কুণ্ডা সৰবৰাহত ব্যৱহৃত এটা ঘৰচীয়া হাতী। আজি জয়পুৰ বনাঞ্চলিক বিষয়া শৰৎ চন্দ্ৰ নেওগে সংবাদমাধ্যমক জনোৱা মতে,নাহৰকটীয়াৰ জয়পুৰ বন বিভাগৰ অধীনৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অসম অৰুনাচল সীমান্তৰ শুকানজুৰি খণ্ড বন কাৰ্যালয়ৰ পৰা ৫ কিলমিটাৰ নিলগৰ ঘন অৰণ্যৰ বাসৱ নলাত সোমবাৰে পুৱতি নিশা বন বিভাগৰ এটা দলে নিয়মীয়া টহল দি থকা সময়তে বন বিভাগৰ দলটোৱে মেচিনৰ সহায়ত গছ কাটি থকা শব্দ শুনে। লগে লগে বন বিভাগৰ দলটো আগবাঢ়ি যাবলৈ ধৰাত চোৰাং কুণ্ডা সৰবৰাহকাৰী দুৰ্বৃত্তৰ দলটোৱে বন বিভাগৰ লোক অহাৰ উমান পাই বন বিভাগৰ দলটোলৈ লক্ষ্য কৰি ধাৰাষাৰ গুলীবৰ্ষণ কৰে।প্ৰত্যুত্তৰত বন বিভাগৰ ফালৰ পৰাও সমানেই গুলীবৰ্ষণ কৰা হয়।প্ৰায় ১ ঘণ্টা গুলিয়াগুলীৰ পিছত পৰিস্থিতি শাম কটাত দুৰ্গম অঞ্চল হোৱাৰ হেতুকে বন বিভাগৰ দলটো উভতি আহে।পুনৰ সোমবাৰে বিয়লি ভাগত বন বিভাগৰ দলটো ঘটনাস্থলীত উপস্থিত হৈ চোৰাং কুণ্ডা আৰু গুলীবিদ্ধ হৈ নিহত হোৱা হাতীটো উদ্ধাৰ কৰে।বন বিভাগে জানিবলৈ দিয়া অনুসৰি চোৰাং কুণ্ডা সৰবৰাহকাৰী দুৰ্বৃত্তৰ দলে দীৰ্ঘদিন ধৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মূল্যবান গছ কাটি হাতীৰ সহায়ত সৰবৰাহ কৰি আহিছিল আৰু বন বিভাগ আৰু দুৰ্বৃত্তৰ দলটোৰ মাজত হোৱা গুলীবৰ্ষণত এই হাতীটোৰ মৃত্যু হয়।ইতিমধ্যে বন বিভাগে মৃত হাতীটোৰ মৰনোত্তৰ পৰীক্ষাৰ অন্তত সৎকাৰৰ ব্যৱস্থা কৰে।উল্লেখ্য যে, যোৱা ৩জুলাই তাৰিখে ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জয়পুৰত উপস্থিত হৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ফলক মুকলি কৰি আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে যদিও ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰচ’ৰাত চলি থকা বন ধ্বংস যজ্ঞ ৰোধ কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদমাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত অতিশীঘ্ৰে এই সমস্যা সমূহ সমাধান কৰিব বুলি সদৰী কৰিছিল। তাৰ এসপ্তাহ পিছতেই দৈনিক গণ অধিকাৰ কাকতত দিহিং পাটকাই উদ্যানখনৰ নাকফান এলেকাত অৰুনাচলীয়ে হাবি জংঘল কাটি কিদৰে গাওঁ পাতি, খেতি কৰি জীৱন নিৰ্বাহ কৰিছে সেই বিষয়ে বিস্তাৰ ৰূপত বাতৰি প্ৰকাশ পাইছিল। কেৱল সিমানেই নহয়, ঘৰচীয়া হাতী ব্যৱহাৰ কৰি বাসৱনলা , কঠালগুৰি, চেণ্ট্ৰেল ৰোড, অভয়পুৰ আদি অঞ্চলত নিতৌ চলি আহিছে হোলোং, মেকাই, তিতাচপা, চেগুন আদিৰ দৰে মূল্যৱান গছ কাটি কৰা বন ধংস কাৰ্য। ইয়াৰ উপৰিও বৰ্তমান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত হোৱা দিল্লী ৰিজাৰ্ভ ফৰেষ্টৰ এটা বৃহৎ অংশ দুৰ্বৃত্তই গছ কাটি এনেদৰে তহিলং কৰিলে যে উক্ত বৃহৎ অঞ্চল আনকি গুগল মেপ বা চেটেলাইট মেপযোগেও স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয়। এক বৃহৎ অঞ্চল সামৰি থকা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত তিনিটা খণ্ড কাৰ্যালয়ত কেৱলমাত্ৰ ছয়জন সুৰক্ষা কৰ্মী আছে কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে ডিব্ৰুগড়ত বন সুৰক্ষাৰ বাবে এটা বৃহৎ প্ৰ্টেকচন ফ’ৰ্চ থকাৰ পিছতো উদ্যানখনৰ সুৰক্ষাৰ স্বাৰ্থত কিয় এই ফ’ৰ্চ ব্যৱহাৰ কৰা নহয় সেইয়া এক ৰহস্যজনক বিষয়।এতিয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ স্বাৰ্থত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য তথা ৰাজ্যৰ অপৰাধ মূলক কাৰ্যৰ বিৰুদ্ধে কঠোৰ হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here