Home স্থানীয় গোৱালপাৰাত পুনৰ প্ৰশ্ন কাকত বিতৰ্ক,দশম শ্ৰেণীৰ প্ৰশ্ন কাকতৰ ঠাইত ওলাল নৱম শ্ৰেণীৰ...

গোৱালপাৰাত পুনৰ প্ৰশ্ন কাকত বিতৰ্ক,দশম শ্ৰেণীৰ প্ৰশ্ন কাকতৰ ঠাইত ওলাল নৱম শ্ৰেণীৰ প্ৰশ্ন কাকত

115
0


গণ বাৰ্তা, গোৱালপাৰা, ২৯ নৱেম্বৰ ঃ গোৱালপাৰাত পুনৰ প্ৰশ্নকাকত ফাদিল৷ এইবাৰ নৱম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কাৰবালা উচ্ছ মাধ্যমিক বিদ্যালয়, পৃথিৰাম চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয় আৰু বিদ্যাপীঠ উচ্ছ মাধ্যমিক বিদ্যালয়ত ফাদিল হয় প্ৰশ্নকাকত৷ দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত ওলাল নৱম শ্ৰেণীৰ প্ৰশ্নকাকত৷ শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰশ্নকাকত দিয়াৰ পাছতে স্পষ্ট হৈ পৰিল যে দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতৰ সলনি নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ওলাল৷ এই ঘটনা তিনিখনকৈ বিদ্যালয়ত সংঘটিত হোৱাৰ পাছতো নীৰৱ গোৱালপাৰা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক৷ ইফালে, পৰীক্ষাৰ দিনতো উপস্থিত নাই কাৰবালা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল ইছলাম৷ অনুষ্ঠিত নহ’ল দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা৷ নিৰ্বিকাৰ গোৱালপাৰাৰ শিক্ষা বিভাগ৷ গুৰুত্ব দিয়া নাই বিদ্যালয়সমূহৰ পৰিদৰ্শকেও৷ সেয়েহে এক তদন্ত বিচাৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here