Home Main Stories ভাৰতে লিখিলে ইতিহাস: প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা : ৰাইচিনা হিললৈ দ্ৰৌপদী মুৰ্মু ,...

ভাৰতে লিখিলে ইতিহাস: প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা : ৰাইচিনা হিললৈ দ্ৰৌপদী মুৰ্মু , ২৫ জুলাইত ৰাষ্ট্ৰপতিৰূপে শপত ল’ব প্ৰথমগৰাকী আদিবাসী মহিলাই

186
0


নতুন দিল্লী, ২১ জুলাই ঃ দেশৰ ১৫সংখ্যক ৰাষ্ট্ৰপতি হ’ব এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু৷ বিৰোধীৰ প্ৰাৰ্থী যশৱন্ত সিন্‌হাৰ তুলনাত সৰহসংখ্যক ভোট লাভ কৰি এনডিএৰ প্ৰাৰ্থীগৰাকীয়ে ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয়৷ পুৱা ১১ বজাৰ পৰা ৰাজধানী দিল্লীত ১৫সংখ্যক ৰাষ্ট্ৰপতিৰ ভোটগণনা আৰম্ভ হয়৷ তৃতীয় ৰাউণ্ডত দ্ৰৌপদী মুৰ্মুৰ জয়ৰ প্ৰয়োজন হোৱা ভোট লাভ কৰাক পিছতেই তেওঁ দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ পথ প্ৰশস্ত হয়৷ মুৰ্মুৱে জয়ৰ বাবে প্ৰয়োজন হোৱা প্ত,৪৩,২৬১টা ভোট লাভ কৰে৷ তৃতীয় ৰাউণ্ডত তেওঁ প্ত,৭৭,৭৭৭টা ভোট লাভ কৰে৷ বিপৰীতে যশৱন্ত সিন্‌হাই ২,৬১,০৬২টা ভোটহে লাভ কৰে৷ ইয়াত ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসহ ২০খন ৰাজ্যৰ ভোট অন্তৰ্ভুক্ত আছে৷ আন ৰাজ্যসমূহৰ ভোটগণনা বাতৰি লিখা পৰলৈ চলি আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই মুৰ্মুৰ ঘৰত উপস্থিত হৈ অভিনন্দন জনায়৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় ভাৰতে এক নতুন ইতিহাস লিখিছে, যি সময়ত দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে, তেনে সময়তে পূব ভাৰতত আদিবাসী সম্প্ৰদায়ৰ কন্যাক ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত কৰা হয়৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শুভেচ্চা জনায়৷ উল্লেখ্য যে নিশা ভোটগণনা প্ৰক্ৰিয়া চলি থাকে যদিও দ্ৰৌপদী মুৰ্মু দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো নিশ্চিত হৈ পৰে৷ বিৰোধী শিৱিৰৰ সাংসদ-বিধায়কে ক্ৰছ ভোটিং কৰাৰ বাবে এনডিএৰ প্ৰাৰ্থীগৰাকীৰ বিজয় সহজ হৈ পৰে৷ ফলত সমগ্ৰ দেশজুৰি এনডিএৰ শিবিৰত উলাহৰ ধল পৰিলক্ষিত হয়৷ বাতৰি লিখাপৰ্যন্তলৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দুটা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হয়৷ য’ত সাংসদ আৰু দহখন ৰাজ্যৰ ভোটগণনা অন্তৰ্ভুক্ত আছে৷ দুটা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হোৱালৈ এনডিএৰ প্ৰাৰ্থীগৰাকীয়ে ৰ,৩৪৯টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীৰ প্ৰাৰ্থী যশৱন্ত সিন্‌হাই ৫৩৭টা লাভ কৰে৷ ৰাজ্যসভাৰ সচিবপ্ৰধান পি চি মোদীয়ে প্ৰকাশ কৰা অনুসৰি দুপৰীয়া দুই বজাতেই সাংসদসকলৰ ভোটগণনা সম্পন্ন হয়৷ এনডিএৰ প্ৰাৰ্থীয়ে ৫৪০টা ভোট লাভ কৰাৰ বিপৰীতে যশৱন্ত সিন্‌হাই ২০৮টা ভোট লাভ কৰে৷ সাংসদৰ মুঠ ভোটৰ ভিতৰত ১৫টা ভোট অগ্ৰাহ্য কৰে৷ আনহাতে, ১৭জন সাংসদে ক্ৰছ ভোটিং কৰে৷ প্ৰথম দুটা পৰ্যায়ত অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড আৰু অন্ধ্ৰ প্ৰদেশৰ ভোটগণনা সম্পন্ন হয়৷ এই দহখন ৰাজ্যৰ ভিতৰত সাতখন ৰাজ্য বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰ আছে৷ আনহাতে, ঝাৰখণ্ড আৰু ছত্তীশগড়ত কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলৰ চৰকাৰ আছে৷ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে এনডিএক সমৰ্থন জনাব বুলি ঘোষণা কৰিছিল৷ সেই অনুসৰি এনডিএ প্ৰাৰ্থীগৰাকীক ভোটদান কৰে৷ নিৰ্বাচনৰ পূৰ্বে এনডিএৰ প্ৰাৰ্থীগৰাকীৰ পক্ষত ভোট জয়ৰ বাবে পৰ্যাপ্ত নাছিল যদিও পিছলৈ তেওঁৰ জয় সহজ হৈ পৰে৷ কিয়নো বহু সাংসদ-বিধায়কে ক্ৰছ ভোটিং কৰাৰ উপৰি আন সাংসদ-বিধায়কে আকৌ মুকলিভাৱে এনডিএৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন জনোৱাৰ ঘোষণা কৰে৷ সেই অনুসৰিয়েই দ্ৰৌপদী মুৰ্মুৰ জয় নিশ্চিত হৈ পৰে৷ দেশবাসীয়ে প্ৰথমগৰাকী আদিবাসী মহিলাক ৰাষ্ট্ৰপতিৰূপে লাভ কৰিব৷ তেওঁৰ জয় নিশ্চিত হোৱাৰ পিছত দ্ৰৌপদী মৰ্মুৰ গাঁৱত উলাহৰ ধল পৰিলক্ষিত হয়৷ তেওঁৰ গাঁৱত পৰম্পৰাগত সাজপাৰ পৰিধান কৰি সকলোৱে আনন্দত মতলীয়া হৈ পৰে৷ দেশৰ সকলো প্ৰান্ততেই আজি উলাহৰ ধল পৰিলক্ষিত হয়৷ দ্ৰৌপদী মুৰ্মুৰ জয় নিশ্চিত হোৱাৰ পিছত ৰাজ্যতো শোভাযাত্ৰা উলিওৱা হয়৷ য’ত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাসহ বহুতে অংশ লয়৷ উল্লেখ্য যে বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইৰ মাজনিশা অন্ত পৰিব আৰু ২৫ জুলাইত দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকীয়ে শপতগ্ৰহণ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here