Home যোৰহাট যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড: ২৪ টাকৈ বাসগৃহ ভষ্মীভূত

যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড: ২৪ টাকৈ বাসগৃহ ভষ্মীভূত

74
0

গণবাৰ্তা বিশেষ, যোৰহাট ২২ নৱেম্বৰ:- যোৰহাটত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা| ভোগদৈ আৰক্ষী চকীৰ অন্তৰ্গত ১৯ নং ৱাৰ্ডৰ আনন্দ নগৰত সংঘটিত হয় এই অগ্নিকাণ্ড| অগ্নিকাণ্ডৰ ফলত ২৪ টাকৈ বাসগৃহ জ্বলি ভষ্মীভূত হয়| জানিব পৰা মতে ৰামজী চাহু, অজয় চাহু, ৰাজেন্দ্ৰ চাহু আৰু কৃষ্ণা চাহু নামৰ ব্যক্তি কেইজনৰ ভাড়াঘৰত পুৱা সুত্ৰপাত ঘটে অগ্নিকাণ্ডৰ| বৈদ্যুতিক বিজুতিৰ বাবে এটা ভাড়াঘৰত প্ৰথমে জুইৰ সুত্ৰপাত ঘটে আৰু অতি কম সময়ৰ ভিতৰত ইটোৰ পিছত সিটো বাসগৃহ জুইৰ লেলিহান শিখাই আগুৰি ধৰে| ইফালে অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ পিছতে অগ্নিকাণ্ডই অধিক ভয়াবহ ৰূপ ধাৰণ কৰে| ২৪ টাকৈ বাসগৃহ চকুৰ পচাৰতে জ্বলি ভষ্মীভূত হৈ যায়| অগ্নিকাণ্ডত প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী ধ্বংস হোৱা বুলি সন্দেহ কৰা হৈছে যদিও প্ৰকৃত তথ্য এতিয়াও পোৱা হোৱা নাই| ইফালে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত যোৰহাট অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী উপস্থিত হয় আৰু এচ ডি আৰ এফ বাহিনীৰ প্ৰচেষ্টাত জুই নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়| উল্লেখযোগ্য যে ভাড়াঘৰ সমূহত থকা পৰিয়াল কেইটা শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ী আছিল আৰু বিভিন্ন ব্যৱসায়ীক সামগ্ৰী মজুত আছিল ঘৰ কেইটাত|

LEAVE A REPLY

Please enter your comment!
Please enter your name here