Home স্থানীয় যোৰহাটত ক’ভিড-১৯ সজাগতা সৃষ্টিৰ বাবে মহিলা দলৰ পদ সঞ্চলন

যোৰহাটত ক’ভিড-১৯ সজাগতা সৃষ্টিৰ বাবে মহিলা দলৰ পদ সঞ্চলন

164
0

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৫ জুলাই : যোৰহাট জিলাত কভিড-১৯ সংক্রমণ ৰোধ কৰাৰ বাবে যোৰহাট জিলা প্রশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰ আৰু জিলা প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি দিয়া সকলো নীতি নিয়ম মানি চলি যাতে জিলাখনত ক’ভিড মুক্ত কৰিব পাৰি তাৰ বাবে ৰাইজক সজাগ আৰু সচেতনতা বৃদ্ধিৰ বাবে যোৰহাট জিলা প্রশাসনে এক ব্যক্তিক্রমী পদক্ষেপ গ্ৰহণ কৰিছে । জিলা প্ৰশাসনৰ উদ্যোগত আজি অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰৰ নেতৃত্বত আশা কর্মীসকল, অংগনাৱাড়ী কর্মীসকল, শিক্ষয়িত্ৰীসকল, সৰ্বশিক্ষাৰ মণ্ডল সমল কেন্দ্র সমন্বয়ক (C.R.C.C), মহিলা আৰক্ষী আৰু চি.আৰ.পি.এফ, সমাজ কল্যাণ বিভাগৰ চুপাৰভাইজাৰসকলৰ সহযোগত নগৰৰ গীতাৰ্থী পইণ্টৰ পৰা সমগ্ৰ আটিলা গাঁৱতে এক ফুট মাৰ্চৰ দ্বাৰা ৰাইজক সজাগতা সৃষ্টি কৰা হয় হাতে হাতে ক’ভিড সজাগতাৰ প্লে-কাৰ্ড লৈ সকলোকে ক’ভিড সংক্রমণ ৰোধৰ ক্ষেত্ৰত ল’বলগীয়া নীতি-নিদের্শনা মানি চলাৰ লগতে ৰাজ্য চৰকাৰ আৰু জিলা প্রশাসনে নিৰ্দ্ধাৰণ কৰি দিয়া সকলো নিদের্শনা মানি চলিবলৈ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সকলোকে ক’ভিড প্রটোকল মানি চলিবলৈ আহ্বান জনাই অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ।
আজিৰ পদ সঞ্চলন কাৰ্য্যসূচীত সহকাৰী আয়ুক্ত পৰিণীতা চক্ৰৱৰ্তী, পূৱ ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) কৃতীকা শৰ্মা, চি.আৰ.পি.এফৰ সহকাৰী কামাণ্ডেণ্ট, সর্বশিক্ষাৰ জিলা আঁচনি বিষয়া জবা ৰাণী বৰাৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকলে অংশ গ্ৰহণ কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here