Home অসম কামৰূপত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী: প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত...

কামৰূপত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী: প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বেজেৰাৰ ৮৭২ গৰাকী কৃষকক বীমা পলিচি

265
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী: ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা হৈছে কৃষকসকলে অতি কম প্ৰিমিয়ামৰ বিনিময়ত শস্য বীমা কৰিব পৰা এখন লাভদায়ক আঁচনি৷ শস্য সিঁচাৰ পৰা চপোৱালৈকে সকলো দিশ এই আঁচনিৰ অধীনত সামৰি লোৱা হয়৷’–আজি বেজেৰা প্ৰেক্ষাগৃহত শস্য বীমা পলিচি প্ৰদান কৰাৰ বাবে অনুষ্ঠিত কৰা সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এইদৰে কয়৷ তেওঁ আৰু কয় যে কৃষকসকলৰ মাজত এই আঁচনিখন সম্পৰ্কত সজাগতাৰ সৃষ্টি কৰিবলৈ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলোৱাৰ মুহূৰ্তত বছৰজোৰা কাৰ্যসূচীৰে পালন কৰি থকা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ‘মোৰ পলিচি মোৰ হাতত’ শীৰ্ষক সজাগতা অভিযান গ্ৰহণ কৰা হৈছে, যাতে কৃষকসকলে সহজতে বীমা পলিচি লাভ কৰাৰ উপৰি আঁচনিখনৰ বিষয়ে অধিক জ্ঞান লাভ কৰিব পাৰে আৰু তেওঁলোকৰ অভাৱ-অভিযোগ সম্পৰ্কেও প্ৰশাসনক অৱগত কৰিব পাৰে৷ এই আঁচনিৰ অধীনত ৩ বছৰত ২৭ কোটি দাবী মঞ্জুৰী কৰা হৈছে আৰু ১০ কোটি কৃষক লাভৱান্বিত হৈছে বুলি উল্লেখ কৰি অসমৰ সকলো কৃষকক এই আঁচনিৰ সুবিধা ল’বলৈ তেওঁ আহ৩ান জনায়৷ তেওঁ এই বীমা আঁচনিৰ অধীনত অধিক শস্য সামৰাৰ পদক্ষেপ ল’ব বুলিও কয়৷ ভাষণ প্ৰসংগত তেলীয়ে আৰু কয় যে গৃহিণীসকলৰ সুবিধাৰ্থে আৰু চিলিণ্ডাৰৰ বিস্ফোৰণ নোহোৱা কৰিবলৈ এতিয়া গেছ চিলিণ্ডাৰসমূহ ফাইবাৰেৰে প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ ফলত এহাতে ইয়াৰ ওজন কমিব আৰু স্বচ্ছতাৰ বাবে গেছৰ খৰচৰ পৰিমাণ জানিব পাৰিব৷ তদুপৰি কম দিনতে গেছ পাইপলাইনৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ আনহাতে, শ্ৰমিকসকলৰ সুবিধাৰ্থে আয়কৰ দিব নলগা বা পিপিএফ নথকা সকলো কম আয়ৰ লোককে ই-শ্ৰম কাৰ্ড ল’বলৈও তেওঁ আহ৩ান জনায়৷ তেওঁ কয় যে এই কাৰ্ডৰ লগত প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা সংযোজিত কৰি শ্ৰমিকসকলক ৬০ বছৰ পিছত ৩,০০০ টকাকৈ পেন্সন দিয়াৰ ব্যৱস্থা আছে৷ তদুপৰি কাৰ্ড থকা ব্যক্তিগৰাকীৰ মৃত্যুত পৰিয়ালৰ লোকে ২ লাখ টকা লাভ কৰিব পাৰে আৰু আহত হ’লে ৰ লাখ টকা লাভ কৰে৷ প্ৰসংগক্ৰমে ইথানলৰ ব্যৱহাৰৰ বাবে যান-বাহনৰ কোনো ক্ষতি নহয় বুলি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক শংকিত নহ’বলৈ আহ৩ান জনায়৷ সভাত ভাষণ প্ৰদান কৰি কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাতিৰ্ক এন আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই সকলো কৃষককে আঁচনিখনৰ সুবিধা ল’বলৈ আহ৩ান জনায়৷ সভাত আদৰণী ভাষণ প্ৰদান কৰে কৃষি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড॰ আশিস¸ কুমাৰ ভূটানীয়ে৷ উল্লেখযোগ্য যে দেশৰ কৃষকসকলৰ উন্নতি সুনিশ্চিত কৰাৰ বাবে ২০১৬ চনত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাখন গ্ৰহণ কৰা হৈছিল৷ এই আঁচনিৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগ, কীট-পতংগ বা আন বেমাৰৰ দ্বাৰা পীড়িত খেতিৰ বাবে কৃষকসকলে সন্মুখীন হোৱা লোকচানৰ ক্ষতিপূৰণ দিয়া হয়৷ আঁচিনখনৰ অধীনত ২০২১-২২ বৰ্ষৰ Summer Crop [বড়ো ধানৰ] ক্ষেত্ৰত এইবাৰ কামৰূপত ৪৮,০৮চ্ছ্ৰগৰাকী কৃষকে এই বীমা গ্ৰহণ কৰিছে৷ ইতিমধ্যে যোৱা চ্ছ ফেব্ৰুৱাৰীত জিলাখনত এই বীমা পলিচি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে আৰু আজি বেজেৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত তিনিখন গাঁও পঞ্চায়তৰ ৪৭২গৰাকী হিতাধিকাৰীক এই বীমা পলিচি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়৷ আজিৰ সভাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাবিৰ ৰাহুল সুৰেশ, কামৰূপৰ সদৰ মহকুমাধিপতি মুনমী কলিতা, মন্ত্ৰী তেলীৰ বিশেষ কৰ্তব্যৰত বিষয়া দেৱাশিস¸ ডেকাৰ লগতে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকল আৰু বেজেৰা অঞ্চলৰ কৃষকসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here