Home Main Stories এঘাৰ বছৰীয়া ধাৰাবাহিকতা ৰক্ষা কৰি তেজপুৰত পহিলা জানুৱাৰীৰ দিনটো পুনৰবাৰ উদযাপিত হ’ল...

এঘাৰ বছৰীয়া ধাৰাবাহিকতা ৰক্ষা কৰি তেজপুৰত পহিলা জানুৱাৰীৰ দিনটো পুনৰবাৰ উদযাপিত হ’ল নাটকৰ দিন হিচাপে : মঞ্চস্হ হ’ল অনুৰাধা শৰ্মা পূজাৰীৰ গল্পৰ আধাৰত “একান্ত এনিশা”

934
0

ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ২ জানুৱাৰী : যশস্বী নাট্যকৰ্মী, সু-চিকিৎসক ডাঃ জাহানাৰা বেগমৰ নিজা প্ৰযোজনা গোষ্ঠী জে বি প্ৰডাকচনে ২০১১ চনৰ পৰা পহিলা জানুৱাৰীৰ দিনটো নাট মঞ্চায়নৰে নাটকৰ দিন হিচাপে উদযাপিত কৰি আহিছে৷ যোৱাটো বৰ্ষত আখৰা সম্পন্ন হৈ উঠা সাহিত্য অকাডেমী বটাঁৰে সন্মানিত  অনুৰাধা শৰ্মা পূজাৰীৰ মূল গল্পৰ আধাৰত অবিনাশ শৰ্মাই নাট্যৰূপ দিয়াৰ লগতে  পৰিচালনা কৰা “একান্ত এনিশা…” শীৰ্ষক ব্যতিক্ৰমী নাটখনি কালি জে বি প্ৰডাকচন আখৰাগৃহত মঞ্চস্থ কৰা হয়৷ জে বি প্ৰডাকচনৰ অন্যতম সদস্য তথা সমাজহিতৈষী প্ৰয়াত অধ্যাপক হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি মঞ্চস্থ হোৱা নাটখনিৰ শুভাৰম্ভ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে  কৰে প্ৰডাকচনৰ সভাপতি ডাঃ গোপেন্দ্ৰ মোহন দাসে আৰু আতঁ ধৰে সাহিত্য- সাংস্কৃতিককৰ্মী শান্তনু বৰুৱাই৷ নাটখনিৰ মূল চৰিত্ৰ তথা এগৰাকী গল্প লিখকৰ চৰিত্ৰত  ডাঃ জাহানাৰা বেগমৰ লগতে সু অভিনেতা ডাঃ চিন্ময় চক্ৰৱৰ্তীৰ অভিনয়ে উপস্হিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে৷ জে বি প্ৰডাকচনৰ প্ৰযোজনাত মঞ্চায়ন কৰা নাটখনিত পোহৰ ব্যৱস্থাপনাত  ডিম্পল দাস, সংগীত পৰিচালনাত মনদীপ মহন্ত মঞ্চসজ্জাত আছিল জাহানাৰা বেগম৷ উল্লেখ্য যে তেজপুৰ মূঢ়াতেতেলীস্থিত যশস্বী মঞ্চাভিনেত্ৰী ডাঃ জাহানাৰা বেগমৰ বাসভৱন চৌহদৰ আখৰাগৃহত নাটখনি মঞ্চস্থ কৰাৰ পিছত বিশিষ্ট নাট্যকাৰ-পৰিচালক ঐশ্বৰ্য কাকতি, মঞ্চাভিনেতা ক্ৰমে  বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, নাট্য সন্মিলনৰ মৃগেন বড়া, বিশিষ্ট চিত্ৰ শিল্পী কুমুদ বৰুৱা প্ৰমুখ্যে বহু কেইগৰাকী কলাকুশলীৰ উপস্থিতিত এক অন্তৰংগ আলাপ অনুষ্ঠানৰো আয়োজন কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here