Home অসম মৰিগাঁৱত চাঞ্চল্যকৰ ঘটনা: কন্যাসন্তান জন্ম দিয়াৰ বাবেই পত্নীক অকথ্য নিৰ্যাতন স্বামীৰ

মৰিগাঁৱত চাঞ্চল্যকৰ ঘটনা: কন্যাসন্তান জন্ম দিয়াৰ বাবেই পত্নীক অকথ্য নিৰ্যাতন স্বামীৰ

63
0


বাবুমণি শৰ্মা, মৰিগাঁও, ২৪ নৱেম্বৰ:
মৰিগাঁৱত এগৰাকী মহিলাই কোলাত দুমহীয়া কণ্যা সন্তান লৈ মছজিদৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলোৱা চাঞ্চল্যকৰ ঘটনাই মৰিগাঁৱত ব্যাপক জোকাৰণিৰ সৃষ্টি হোৱাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্যমতে, মৰিগাঁও জিলাৰ জালুগুটি আৰক্ষী চকীৰ অন্তৰ্গত মিকিৰ গাঁৱৰ ৰিয়াজুদ্দিন আহমেদে পত্নী জায়েদা বেগমক দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল৷ কণ্যা সন্তানৰ মাতৃ হোৱাৰ বাবেই ৰিয়াজুদ্দিনে পত্নীক প্ৰতিদিনেই যৌন উৎপীড়ন চলাই অহাত অৱশেষত উপায়ন্তৰ হৈ পত্নীয়ে যোৱা ১২ নৱেম্বৰত জালুগুটি পহৰা চকীত ৰিয়াজুদ্দিনৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে৷ দুমহীয়া কণ্যা সন্তানৰ মাতৃগৰাকীৰ অভিযোগ মতে, দুমাহ আগতে ৰিয়াজুদ্দিনৰ পত্নী জায়েদা বেগমে এটি কণ্যা সন্তানৰ মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল৷ কিন্তু কণ্যা সন্তান জন্ম হোৱাৰ পৰা ৰিয়াজুদ্দিনে পত্নীক শাৰীৰিকভাৱে নিৰ্মম প্ৰহাৰ কৰি অহাৰ লগতে একো আহাৰ খাব নিদিয়াকৈ লঘোণে ৰাখি অকথ্য নিৰ্যাতন চলাই আহিছিল৷ ৰিয়াজুদ্দিনে নিজে ভাত বনাই খাই দুৱাৰত তলা মাৰি থৈ পত্নীক খাদ্য-পাতি নিদিয়াৰ উপৰি দুমহীয়া কণ্যা সন্তানটিকো খাদ্য যোগাৰ নধৰি পত্নীৰ ওপৰত বৰমতা দেখুৱাই শাৰীৰিক অত্যাচাৰ চলোৱাৰ লগতে যৌন উৎপীড়ন চলাই আহিছিল৷ স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ অৱশেষত আৰক্ষীৰ ওচৰত ৰিয়াজুদ্দিনৰ লগতে স্বামীৰ পৰিয়ালৰ মিহিৰ বেগম, নুৰেজা বেগম, হৰেজা বেগমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ ইফালে, ভুক্তভোগী ৰিয়াজুদ্দিনৰ পত্নীয়ে দিয়া গোচৰৰ আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰি আজগ আলী নামৰ এজন দালালৰ মধ্যস্থতাকাৰীত যোৱা ১২ নৱেম্বৰত দিয়া গোচৰটোত কেৱল যৌতুকজনিত ৪৯৮ ধাৰা লগাই সকলো অভিযোগ গাপ দিয়াৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে৷ ভুক্তভোগী মহিলাগৰাকীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষী অধীক্ষকক জনায়৷ ইপিনে, আজি পুৱাৰ ভাগত আইনৰ ওপৰত সম্পূৰ্ণ আস্থা এৰি ৰিয়াজুদ্দিনৰ পত্নী জায়েদা বেগমে গাঁওখনতে নিৰ্মাণকাৰ্য চলি থকা মছজিদৰ চাঁদৰ ওপৰত উঠি দুমহীয়া কণ্যা সন্তানসহ আত্মহত্যাৰ চেষ্টা চলাওঁতে স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ প্ৰায় জ্জ্ব ঘণ্টা শ্বাসৰুদ্ধ পৰিৱেশৰ মাজত মহিলাগৰাকীক গাঁৱৰ ৰাইজৰ সহযোগত মৰিগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়াই কৌশলেৰে মহিলাগৰাকীক শিশুসহ চাঁদৰ পৰা নমাই আনিবলৈ সক্ষম হয়৷ তাৎপৰ্যপূৰ্ণ বিষয় যে আৰক্ষীয়ে তললৈ মহিলা গৰাকীক নমাই অনাৰ পিছতেই গাঁৱৰ ৰাইজ উত্তেজিত হৈ পৰে আৰু লাঠী, শিল, ইটা আদিৰে আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ অভিযুক্ত ৰিয়াজুদ্দিনক গ্ৰেপ্তাৰ নকৰাৰ বাবেই উত্তেজিত হৈ পৰে গাঁৱৰ ৰাইজ৷ আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱা ৰাইজৰ টনা-আঁজোৰাত দুমহীয়া শিশুটোৰ লগত দুখজনক পৰিস্থিতিৰ সৃষ্টি হয়৷ পুৱা চাৰি বজাৰ পৰা কষ্টত থকা শিশুটিৰ সৈতে মহিলাগৰাকীক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়ে যদিও স্থানীয় ৰাইজে বাধা প্ৰদান কৰে৷ পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত আৰু মৰিগাঁও আৰক্ষীৰ প্ৰতিশ্ৰুতি সাপেক্ষে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে৷ মৰিগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্বসহকাৰে লৈ তদন্ত সম্পূৰ্ণ নোহোৱালৈ শিশু আৰু মাতৃৰ সকলো থকা-খোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰকাশ কৰে৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি স্বামীৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ অহা মহিলাগৰাকীয়ে ন্যায় লাগে বুলি দণ্ডাধীশক আহ্বান জনায়৷ দুমহীয়া কণ্যা সন্তানসহ পত্নীক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই অহা অভিযুক্ত ৰিয়াজুদ্দিনে ইতিমধ্যে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে৷ এই সমগ্ৰ ঘটনাক মধ্যস্থতাকাৰী হিচাপে গাপ দিবৰ বাবে চেষ্টা কৰা আজগৰ নামৰ এজন দালাল জড়িত আছে বুলি উক্ত মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ লগতে আজগৰ আলীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে৷ ইপিনে, স্বামীৰ অকথ্য নিৰ্যাতনৰ বলি হৈ মছজিদৰ চাঁদৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here