Home Main Stories মৰিগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ...

মৰিগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সংবাদ মেল : মুখ্যমন্ত্ৰী-পত্নীৰ ভূমি কেলেংকাৰীৰ তদন্ত নোহোৱালৈকে কংগ্ৰেছৰ উদ্যোগত ধাৰাবাহিক প্ৰতিবাদ চলি থাকিব–মুখপাত্ৰ কুশল চন্দ্ৰ শৰ্মা

214
0

মৰিগাঁও,১৬ জানুৱাৰী : ভগৱান শ্ৰীৰাম চন্দ্ৰৰ পত্নী সীতা দেৱীৰ ওপৰত পজাৰ সন্দেহ হোৱাত শ্ৰীৰাম চন্দ্ৰই সীতা দেৱীক ভগৱান ৰাজধৰ্ম পালন কৰিবলৈ অগ্নি পৰীক্ষা কৰিছিল, কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হোৱা ২৯বিঘা চৰকাৰী ভূমি কেলেংকাৰীৰ সন্দৰ্ভত তেওঁ ৰাজধৰ্ম পালন নকৰে কিয়? আৰু মুখ্যমন্ত্ৰী গৰকীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই সেই ভূমি কেলেংকাৰীৰ বিৰুদ্ধে পৰীক্ষা কিয় দিব নোৱাৰে বুলি আজি মৰিগাঁৱত প্ৰশ্ন উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইক্ৰামুল হুদাই। ৰাজ্যজুৰি ব্যাপক জোকাৰণি সৃষ্টি হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হোৱা বৃহৎ ভূমি কেলেংকাৰীৰ সন্দৰ্ভত আজি মৰিগাঁও জিলা কংগ্ৰেছ ভৱনত সংবাদ মেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইক্ৰামুল হুদাই মুখ্যমন্ত্ৰী ড০ শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যদি সততা আৰু সাহস আছে, তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপন হোৱা বৃহৎ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে বিচাৰ কৰি জনসাধাৰণৰ ধন্যবাদৰ পাত্ৰ হওঁক। সত্য যিমানেই গোপন কৰি ৰখোৱা হয়, তেতিয়া সত্য বিনাশ ঘটে। গতিকে প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বৰ নিৰ্দেশত কংগ্ৰেছে ধাৰাবাহিক ভাৱে ভূমি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি প্ৰকৃত সত্য উদ্ঘাটন কৰিব বুলি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে মন্তব্য কৰে।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০লাখ টকীয়া পোচাক পৰিধান কৰোঁতে সমগ্ৰ দেশতেই সমালোচনাৰ সন্মুখীন হ’বলগীয়া হোৱা পৰিস্থিতিত মূখাখোল খোৱাত পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে ১০লাখ টকীয়া পোচাক নিলাম কৰি জনসাধাৰণক সাহাৰ্য প্ৰদান কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ২৯বিঘা চৰকাৰী মাটি উভতাই দি ধন্যবাদৰ পাত্ৰ হ’বলৈ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ইক্ৰামুল হুদাই মুখ্যমন্ত্ৰী ড০ শৰ্মাক আহ্বান জনায়। মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বীৰ কুমাৰ কোঁৱৰে আঁতধৰা সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আন এগৰাকী মুখপাত্ৰ কুশল চন্দ্ৰ শৰ্মাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত ২৯ চৰকাৰী ভূমি ২০০৬আৰু ২০০৯চনত ভূমি আইনৰ নিয়ম-নীতি নামাকৈ বেআইনী ভাৱে ক্ৰয় কৰিছিল। দৰিদ্ৰ পৰিয়ালৰ নামত আবণ্টিত মাটি ৰিয়েলষ্ট্ৰেটৰ নামত ক্ৰয় কৰা বাতৰি সংবাদ মাধ্যমত সদৰি হোৱাৰ লগে লগে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত জবাবদিহি কৰিব বিচাৰাত মুখ্যমন্ত্ৰীয়ে গা এৰা দি চলিছে। বিধানসভাতো সদন স্থগিত কৰি এই বৃহত ভূমি কেলেংকাৰীৰ বিৰুদ্ধে আলোচনা বিৰোধী দল সমূহে বিচাৰিছিল যদিও এই সুবিধা শাসকীয় দল তথা অধ্যক্ষই নিদিলে বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে মুখপাত্ৰ কুশল চন্দ্ৰ শৰ্মাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হোৱা বৃহৎ চৰকাৰী ভূমি কেলেংকাৰীৰ তদন্ত নিদিয়ালৈকে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰত্যেক জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি উল্লেখ কৰে।আজি মৰিগাঁও জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত হোৱা “অসমৰ মুখ্যমন্ত্ৰী তথা পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্ত হওঁক” শীৰ্ষক সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তিৱা স্বায়ত্ব পৰিষদ এলেকা সমন্বয়ৰক্ষী সমিতিৰ সমন্বয়ক ৰমেশ বৰদলৈ, মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি মহিবুৰ ৰহমান, মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মইদুল ইছলাম খান, শ্ৰৱণ ডেকাৰজাকে ধৰি জিলা তথা ব্লক কংগ্ৰেছৰ বহু নেতা উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here