মৰিগাঁও,২৫ নবেম্বৰ:– মৰিগাঁও জিলাত আজি অনুষ্ঠিত হ’বলগীয়া নৱম আৰু দশম শ্ৰেণীৰ ছয়মহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা আৰু এই সন্দৰ্ভত জিলা শিক্ষা বিভাগে সমগ্ৰ পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা অবাঞ্চিত ঘটনাই সমগ্ৰ মৰিগাঁও জিলাৰ শৈক্ষিক সমাজৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কভিড পৰিস্থিতিয়ে দুটাকৈ বৰ্ষত শিক্ষাৰ্থীসকলৰ মাজত শৈক্ষিক দিশত হেঙাৰ হৈ থকাৰ পিছত মৰিগাঁৱত শিক্ষা বিভাগে নৱম আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাই মৰিগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ অকমণ্যতা আৰু ফোঁপোলা স্বৰূপটো স্পষ্ট ভাৱে প্ৰকাশ ঘটিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দূৰ্নীতিৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰি কৰি অহাৰ পিছতো আজি মৰিগাঁৱত পৰীক্ষা কাকত ফাদিল হোৱাত শৈক্ষিক সমাজে জিলা শিক্ষা বিভাগকে জগৰীয়া কৰি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। জিলা শিক্ষা বিভাগে সাধাৰণ ছয়মহীয়া পৰীক্ষাটোকে সুন্দৰ আৰু সফল ভাৱে পাতিব নোৱাৰা বুলি অভিযোগ উত্থাপন কৰি এই ক্ষেত্ৰত জিলা শিক্ষা বিভাগ সম্পূৰ্ণ ভাৱে ব্যৰ্থ হোৱা বুলি শৈক্ষিক মহলে প্ৰকাশ কৰিছে। উল্লেখ্য যে- আজি মৰিগাঁৱত অনুষ্ঠিত হোৱা নৱম আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত পুৱাতেই জিলা খনৰ মৈৰাবাৰীৰ এখন বিদ্যালয়ৰ পৰা প্ৰশ্ন কাকত ফাদিল হয়। ইয়াৰ পিছতেই মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই তাৎক্ষণিক ভাৱে এই পৰীক্ষা বাতিল কৰিবলৈ জিলা শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। উপায়ুক্তৰ এই নিৰ্দেশনা অনুসৰি জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ বুলি গগৈয়ে আজি সমগ্ৰ মৰিগাঁও জিলাত অনুষ্ঠিত হোৱা সমাজ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰি এই পৰীক্ষাটো অহা ৩০ নবেম্বৰত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে। ইপিনে, মৰিগাঁও জিলা আৰক্ষীয়ে এই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। আনহাতে, মৰিগাঁও জিলা শিক্ষা বিভাগটো তলৰ পৰা ওপৰলৈকে গেলিছে বুলি একাংশ সচেতন ৰাইজে দীৰ্ঘদিন ধৰি অভিযোগ কৰি অহাৰ পিছতো এই বিষয়তো বিভাগীয় বিষয়া গৰাকীয়ে গুৰুত্ব সহকাৰে নোলোৱাৰ বাবে আজি মৰিগাঁৱত অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। মৰিগাঁও জিলাৰ আটাইকেইটা বিভাগৰ লগতে বিশেষকৈ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত একাংশ কৰ্মচাৰীৰ ব্যাপক দুৰ্নীতি, একাংশ শিক্ষকৰ দালালৰাজ, বিদ্যালয়ত অনুপস্থিত একাংশ শিক্ষকৰ লবী কেন্দ্ৰীক ৰাজনীতি আৰু মধ্যভোগীৰ ভূমিকা লৈ থকাৰ প্ৰায় অভিযোগৰ পিছতো বিভাগটোৰ এই বিষয় সমূহ সমাধান নোহোৱাৰ বাবেই মৰিগাঁও জিলা শিক্ষা বিভাগ এক অৰাজক বিভাগ হিচাপে প্ৰতিপন্ন হৈছে। ইয়াৰ ফলশ্ৰুতিতেই জিলা শিক্ষা বিভাগত নানান বেমেজালিয়ে দেখা দিছে। এই ক্ষেত্ৰত মৰিগাঁও জিলা উপায়ুক্তই সমগ্ৰ বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা সচেতন মহলে দাবী জনাইছে।