Home অসম নগাঁৱত নিৰ্বাচনৰ ব্যয়ৰ নামত লুণ্ঠনৰ অভিযোগ: চহী জাল কৰি সৰকালে দুই বিষয়াৰ...

নগাঁৱত নিৰ্বাচনৰ ব্যয়ৰ নামত লুণ্ঠনৰ অভিযোগ: চহী জাল কৰি সৰকালে দুই বিষয়াৰ নামৰ ধন

150
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৮ নৱেম্বৰ:
নিৰ্বাচন অহা মানেই যেন একাংশ বিষয়াৰ বাবে উৎসৱৰ দৰে হৈ পৰে৷ কাৰণ নিৰ্বাচনৰ নামতে অবাধে ধন খৰচ দেখূৱাই লুটি-পুতি খাব পাৰে দায়িত্বত থকা একাংশ বিষয়াই৷ যাৰ বাবে নিৰ্বাচনৰ কামত ব্যৱহৃত একোটা এটকীয়া খাম দহ টকা, দুই-তিনি টকীয়া পেঞ্চিল দহ-বাৰ টকাত যোগান ধৰাৰ অভিযোগ প্ৰায়ে শুনা যায়৷ এইবাৰ চৰকাৰী বিষয়াৰ নামত আবিKI×ত ধন নকল চহীৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ চহী জাল কৰি সৰকালে
কেৱল উত্থাপন হোৱাই নহয়, আত্মসাৎ কৰা জ্যেষ্ঠ বিষয়াই ভয়তে সেই টকা ঘূৰাই দিব বিচাৰিছে যদিও ভুক্তভোগী বিষয়াদ্বয়ে টকাখিনি বৰ্তমানলৈকে গ্ৰহণ কৰা নাই৷ নগাঁৱৰ উদ্যোগ বিভাগৰ সম্প্ৰসাৰণ বিষয়া হিচাপে কৰ্মৰত প্ৰলয় কুমাৰ সাহা আৰু বিশ্বজিৎ চৌধুৰীয়ে ২০১৯-২০ বৰ্ষত ভোটাধিকাৰ শুধৰণি আৰু উন্নীতকৰণৰ কামত ছুপাৰভাইজৰ হিচাপে নিযুক্ত হৈছিল৷ তেওঁলোকে কাম কৰা টীমৰ তত্ত্বাৱধায়ক আছিল সেই সময়ৰ কামপুৰৰ ৰাজহ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰ৷ নিৰ্বাচনৰ পূৰ্বে নগাঁও জিলাৰ পৰা বদলি হৈ যোৱা সম্প্ৰসাৰণ বিষয়াদ্বয়ে জানিব পাৰে যে তেওঁলোকৰ লগত একেলগে কাম কৰা প্ৰায় সকলো লোকে নিৰ্বাচন বিভাগৰ পৰা প্ৰাপ্য ধন লাভ কৰিছে৷ এই সংক্ৰান্তত নগাঁৱৰ আৰ টি আই কৰ্মী নৰেন্দ্ৰ প্ৰকাশ চৌহানে তথ্য বিচাৰি আবেদন কৰি জানিব পাৰে যে বিষয়া দুজনৰ নামত স্বাক্ষৰ কৰি তেৰ হাজাৰকৈ মুঠ ছাব্বিশ হাজাৰ টকা আদায় দিয়া দেখুওৱা হৈছে৷ সেই চহী জাল বুলি নিশ্চিত হয়৷ ইফালে, বিষয়া দুগৰাকীয়ে এক ছেপ্টেম্বৰত এই অভিযোগ নগাঁৱৰ উপায়ুক্তক দিয়াত পৰীক্ষা কৰি গম পোৱা যায় যে তেওঁলোকে টকা গ্ৰহণ কৰা বুলি দেখুওৱা তালিকাৰ চহীটো জাল৷ পিছত উপায়ুক্তই কামপুৰৰ ৰাজহ চক্ৰ বিষয়াক বিষয়টো তদন্ত কৰিবলৈ দিয়ে৷ জানিব পৰা মতে চক্ৰ বিষয়াৰ আগত মনচুৰ আহমেদ নামৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে এই বুলি স্বীকাৰো¸ক্তি দিয়ে যে তেওঁৰ পৰা চলিত বৰ্ষৰ ২১ এপ্ৰিলত কামপুৰৰ ৰাজহ চক্ৰ বিষয়াই ১,৫৬,০০০ টকা বিএলঅ’ আৰু ছুপাৰভাইজৰৰ ৰেমুনাৰেচনৰ বাবদ বিতৰণৰ বাবে পোৱা বুলি চহী কৰাই লয়৷ কিন্তু বিষয়াগৰাকীয়ে ৰ,৩০,০০০ টকাহে আদায় দিয়ে৷ সেই টকা তেওঁ উপায়ুক্ত কাৰ্যালয়ৰ ৬২নং কোঠাত বিতৰণ কৰে৷ বিষয়টো উপায়ুক্তই তদন্তৰ নিৰ্দেশ দিয়াৰ পিছত চ্ছ্ৰ অক্টোবৰত কামপুৰৰ পৰা ইতিপূৰ্বে বদলি হৈ যোৱা বিষয়াগৰাকীয়ে বাকী থকা চ্ছ,০০০ টকা মনচুৰ আহমেদলৈ পঠিয়াই দিয়া বুলি স্বীকাৰো¸ক্তি দিয়ে৷ বিষয়া দুজনক সেই টকা আদায় দিব বিচৰাত তেওঁলোকে গ্ৰহণ কৰা নাই৷ বিষয়াদ্বয়ৰ দাবী অনিয়ম কৰাৰ বাবে দোষী ব্যক্তিয়ে শাস্তি পাব লাগে আৰু এনে অনিয়ম বন্ধ হ’ব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here