Home নগাঁও নগাঁও এফ চি আইত ধান ক্ৰয়ৰ নামত কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ:...

নগাঁও এফ চি আইত ধান ক্ৰয়ৰ নামত কোটি কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ: প্ৰকৃত কৃষকক বঞ্চিত কৰি বিষয়া-কৰ্মচাৰীয়ে চলাইছে লুন্ঠন

98
0


 ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১২ নৱেম্বৰঃ নগাঁও এফ চি আইয়ে বিভিন্ন ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ধান ক্ৰয়ৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰ টি আইৰ অধীনত আবেদন কৰি পোৱা তথ্যৰ জৰিয়তে এই বিয়াগোম কেলেংকাৰী পোহৰলৈ আনিছে নগাঁৱৰ আৰ টি আই কৰ্মী নৰেন্দ্ৰ প্ৰকাশ চৌহানে। ভাৰতীয় খাদ্য নিগমৰ (এফ চি আই) নগাঁও ডিভিজনেল অফিচৰ বিষয়াই যোৱা ১৮-৮-২০২১ তাৰিখৰ EPI(2)RTI/2006/Appel corrs/2016/Pt-11নম্বৰ চিঠি মৰ্মে আৰ টি আই কৰ্মী চৌহানক যোগান ধৰা আৰ টি আই তথ্য অনুসৰি, বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা চলিত বৰ্ষৰ জুন মাহ পৰ্যন্ত নগাঁও এফ চি আইয়ে অবিভক্ত নগাঁও, হোজাই আৰু কাৰ্বিআংলং জিলাৰ দহটা ক্ৰয় কেন্দ্ৰ ক্ৰমে হোজাই, ৰহা, ধিং, ৰাধা নগৰ, হাওৰাঘাট, নগাঁও, কৰিগুৰি, যমুনামুখ, কচুৱা আৰু লংকাৰ জৰিয়তে মুঠ ৫৫৭৭ গৰাকী কৃষকৰ পৰা ৬,৫৯,১১৪ কুইন্টল ধান ক্ৰয় কৰিছিল। এফ চি আই য়ে মুঠ ১২৩ কোটি ১২ লাখ ২৫ হেজাৰ ৬৯৯ টকাৰে সেই ধান সমূহ ক্ৰয় কৰিছিল।হোজাইৰ ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ১৩৬১গৰাকী কৃষকৰ পৰা ২২,৯২,২০,০৩৮টকাত ১,২২,৭০৯ কুইন্টল ধান,ৰহা ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ৪২৬গৰাকী কৃষকৰ ৬৮,৬২৪ কুইন্টল ধান ১২,৮১,৯০,৩৭৯ টকাত,ধিং কেন্দ্ৰৰ জৰিয়তে ৬৫৩গৰাকী কৃষকৰ ৮৮,২৩৪ কুইন্টল ধান ১৬,৪৮,২০,৩৬৫ টকাত, ৰাধানগৰ কেন্দ্ৰত ৪৪৪গৰাকী কৃষকৰ ৩৯,৯৩৫কুইন্টল ধান ৭,৪৫,৯৮, ২০৬ টকাত, হাওৰাঘাট কেন্দ্ৰত ৩৬৫ গৰাকী কৃষকৰ ৪৫,৯৭৫কুইন্টল ধান ৮,৫৮,৮১,৬৭৪টকাত, নগাঁও কেন্দ্ৰৰ জৰিয়তে ৫১৮গৰাকী কৃষকৰ ৭৬,০০৬কুইন্টল ধান ১৪,১৯,৭৮,৪৬১টকাত, কৰিগুৰি কেন্দ্ৰৰ জৰিয়তে ৪৪৯গৰাকী কৃষকৰ ৪২,৩৪৫ কুইন্টল ধান ৭,৯১,০০,৮৩৪ টকাত, যমুনামুখ কেন্দ্ৰত ৪৬৬গৰাকী কৃষকৰ ৭২,৫২৪কুইন্টল ধান ১৩,৫৪,৭৫,৫৭৯টকাত, কচুৱা কেন্দ্ৰৰ জৰিয়তে ২৭২গৰাকী কৃষকৰ ৪৭,০৮৫ কুইন্টল ধান ৮,৭৯,৫৪,৪০৬টকাত আৰু লংকা ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ৬২৩গৰাকী কৃষকৰ পৰা ৫৫,৬৭৮কুইন্টল ধান ১০,৪০,০৫,৭৫৭টকাত ক্ৰয় কৰিছিল নগাঁও এফ চি আই য়ে। এফ চি আই তথ্য অনুসৰি ১৮৬৮টকা প্ৰতি কুইন্টল দামত সেই ধান সমূহ কৃষকৰ পৰা ক্ৰয় কেন্দ্ৰ সমূহৰ জৰিয়তে ক্ৰয় কৰা হৈছিল। জিলা কেইখনৰ বিভিন্ন ঠাইৰ প্ৰকৃত কৃষক ৰাইজৰ পৰা পোৱা অভিযোগ অনুসৰি, নগাঁও এফ চি আইৰ ধান ক্ৰয় কেন্দ্ৰ সমূহৰ জৰিয়তে দহ শতাংশও প্ৰকৃত কৃষক উপকৃত হ’ব পৰা নাছিল।প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰত অসংখ্য ভুৱা কৃষক, ব্যৱসায়ী আৰু মধ্যভোগীৰহে দৌৰাত্ম্য চলিছিল। এওঁলোকৰ সৈতে গোপন বুজাবুজি আছিল এফ চি আইৰ একাংশ বিষয়া-কৰ্মচাৰীৰ। এফ চি আইৰ ধান ক্ৰয় কেন্দ্ৰ সমূহত এই চক্ৰটোৰ দৌৰাত্ম্যৰ ফলত ক্ৰয় কেন্দ্ৰৰ ওচৰেই চাপিব পৰা নাছিল নৱৈ শতাংশ প্ৰকৃত কৃষক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here