Home নগাঁও নগাঁও জলসিঞ্চনত ভূৱা নিযুক্তি পত্ৰ লৈ আহি আৰক্ষীৰ জালত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী...

নগাঁও জলসিঞ্চনত ভূৱা নিযুক্তি পত্ৰ লৈ আহি আৰক্ষীৰ জালত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সহ দুই মহিলা

262
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৭ মাৰ্চ ঃ ৰাজ্য চৰকাৰে শেহতীয়াকৈ পুনৰ গঠন কৰা নগাঁও বঢ়মপুৰ জলসিঞ্চন সংমণ্ডলত চাকৰিত যোগদান কৰিবলৈ আহি এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সৈতে দুগৰাকী মহিলা আৰক্ষীৰ জালত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে আজি আটক কৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন হৈছে ৰাজীৱ ৰায় ওৰফে জয় বাহাদুৰ ৰায় আৰু মহিলা দুগৰাকীৰ নাম হৈছে নমিতা দেৱী আৰু পমি কলিতা শইকীয়া৷ বৰ্তমান ইটাচালী আৰক্ষীয়ে তিনিওকে সোধা-পোছা অব্যাহত ৰাখিছে৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, ৰাজীৱ ৰায় নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে পমি আৰু নমিতাক চতুৰ্থ বৰ্গৰ পদৰ বাবে নিযুক্তি-পত্ৰ দিছিল৷ ৰাজীৱে পূৰ্বতে জলসিঞ্চন বিভাগৰ খালাচী পদত কাৰ্যনিৰ্বাহ কৰিছিল৷ ড্ৰাগ্‌ছৰ এক গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাজীৱক চাকৰিৰ পৰা নিলম্বিতও কৰা হৈছিল৷ বৰ্তমান নিলম্বিত হৈ থকা ৰাজীৱে জলসিঞ্চন বিভাগৰ নগাঁও বঢ়মপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়লৈ বৰঘাটৰ পমি কলিতা শইকীয়াক চাকৰিত যোগদান কৰোৱাবলৈ লৈ আহে ৷ ইয়াৰ কিছু সময়ৰ পিছতে ৰহাৰ নমিতা দেৱী আহে চাকৰিত যোগদান কৰিবলৈ৷ কাৰ্যবাহী অভিযন্তা সেই সময়ত উপস্থিত নথকাত নিযুক্তি- পত্ৰ লৈ চাকৰিত যোগদান কৰিবলৈ অহা বিষয়টোক লৈ কাৰ্যালয়ৰ আন বিষয়া- কৰ্মচাৰীসকলৰ মাজত উৎসুকতাৰ সৃষ্টি হোৱাত এজন বিষয়াই মহিলাগৰাকীৰ নিযুক্তি-পত্ৰখন প্ৰত্যক্ষ কৰি কাৰ্যালয়ৰ এজন কনিষ্ঠ সহায়কক চাবলৈ দিয়ে৷ সহায়কজনে নিযুক্তি-পত্ৰখনৰ নমুনা চাই সন্দেহ ওপজে যে নিযুক্তি-পত্ৰখন ভুৱা৷ এই ঘটনাৰ পিছতে কাৰ্যালয়টোত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়৷ পিছত কাৰ্যালয় কতৃৰ্পক্ষঞ্জই আৰক্ষীক খবৰ দিয়াত ইটাচালি আৰক্ষীৰ এটা দল উপস্থিত হৈ তিনিওকে আটক কৰে৷ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ধৃত তিনিজনক জেৰা অব্যাহত ৰাখিছে৷ ইপিনে, জানিব পৰা মতে, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জয়ৰামে নিযুক্তি দিয়াৰ নামত মহিলা দুগৰাকীৰপৰা কে’বাটাও কিস্তিত মুঠ ৩ লাখ ৪০ হাজাৰ টকা লৈছিল৷ এই ধনৰ এটা মোটা অংক নিযুক্তি-পত্ৰ দিয়াৰ বাবে অসম সচিবালয়ৰ দুৰ্গা দাস নামৰ এজন বিষয়াক দিয়া বুলি ইতিমধ্যে ধৃত জয়ৰামে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here