Home নগাঁও নগাঁৱত নৱম-দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত ব্যাপক খেলিমেলি

নগাঁৱত নৱম-দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত ব্যাপক খেলিমেলি

258
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৭ অক্টোবৰ: নৱম আৰু দশম শ্ৰেণীৰ বাবে আজিৰে পৰা আৰম্ভ হোৱা ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নগাঁও জিলাত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি, একাংশ চৰকাৰী পঞ্জীয়ন নথকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আজি ছমহীয়া পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত হৈছে৷ উল্লেখ্য যে শিক্ষা বিভাগৰ নতুন নীতি অনুসৰি, এইবাৰ ছমহীয়া পৰীক্ষাত অনুীৰ্ণ দশম শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ নকৰিব৷ আনকি, ছমহীয়া পৰীক্ষাৰ ফলাফল ছেবাৰ ৱেব পৰ্টেলত প্ৰতিখন বিদ্যালয় কতৃৰ্পক্ষই আপলোড কৰিব লাগিব৷ তেনে ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ পৰীক্ষাটো চৰকাৰী পঞ্জীয়ন নথকা বিদ্যালয়ত অনুষ্ঠিত কৰাটো কিমান সমীচীন হৈছে, সেই লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে৷কিয়নো পৰীক্ষা সঠিকভাবে অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত কিবা অনিয়ম সংঘটিত হলে শিক্ষা বিভাগৰ লগত সম্পৰ্ক নথকা সংিষ্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে নোৱাৰে ইয়াকলৈও প্ৰশ্ন উত্থাপন হৈছে৷তদুপৰি ব্যক্তিগত খণ্ডৰ এই বিদ্যালয় সমূহ কিমান দায়বদ্ধ হব এই প্ৰশ্নও উত্থাপিত হৈছে৷সেয়ে কোনো কৰ্তত্ত্ব নথকা শিক্ষানুষ্ঠানত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ শিক্ষা সদী মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মনকৰিবলগীয়া বিষয় এই যে চৰকাৰী পঞ্জীয়ন নথকা কোনো এখন বিদ্যালয়ে এইবাৰ নৱম শ্ৰেনীৰ বিভাগীয় পঞ্জীয়ন কৰিব পৰা নাই৷ এনে শিক্ষানুষ্ঠান সমূহক চৰকাৰী পঞ্জীয়ন থকা চৰকাৰী অথবা চৰকাৰী পঞ্জীয়ন থকা বে-চৰকাৰী বিদ্যালয়ৰ সৈতে পঞ্জীয়ন কৰিবলৈ দিয়া হৈছে ৷ কিন্তু পঞ্জীয়ন নথকা শিক্ষানুষ্ঠান সমূহক ছমহীয়া অথবা বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো কৰ্তত্ত্ব নাই৷ তেনে ক্ষেত্ৰত জিলা উপায়ুক্ত, জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শক থকা জিলা ভিত্তিক শিক্ষা পৰিচালনা সমিতিয়ে কেনেকৈ চৰকাৰী পঞ্জীয়ন নথকা বিদ্যালয় সমূহত পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি দিলে,তাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ পঞ্জীয়ন নথকা শিক্ষানুষ্ঠান সমূহে যি সমূহ পঞ্জীয়ন থকা বিদ্যালয়ত নৱম শ্ৰেণীৰ পঞ্জীয়ন কৰিছে সেই বিদ্যালয় সমূহতে সংশ্লিষ্ট ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱৰ্তীণ হব পাৰিলেহেতেন৷ কিন্তু তেনে কৰা দেখা নগ’ল৷ চৰকাৰী পঞ্জীয়ন নথকা ব্যক্তিগত খণ্ডৰ এই বিদ্যালয় সমূহৰ সৈতে পৰীক্ষা পৰিচালনা সমিতিৰ সদস্য সচিব বা আন কোনো বিষয়ববীয়াৰ লগত কিবা গোপন বুজাবুজি হৈছে নেকি, এই প্ৰশ্নঞ্জও উঠিছে৷ এইখিনি উল্লেখ কৰিব পাৰি যে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুল্যায়ণৰ ক্ষমতা বিদ্যালয় কতৃৰ্পক্ষৰ হাতত অৰ্পণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰাই দিয়াৰ নামত আৰু অধিক নম্বৰ দিয়াৰ নামত কেবাখনো জিলাত কেলেংকাৰী সঞ্জংঘটিত হৈছিল৷ এইবেলিও ছমহীয়া পৰীক্ষাৰ নামত বিশেষকৈ চৰকাৰী পঞ্জীয়ন নথকা বিদ্যালয়সমূহে খেলিমেলি সংঘটিত কৰাৰ যথেষ্ট অৱকাশ নুই কৰিব নোৱাৰি৷ জিলা শিক্ষা বিভাগৰ এক সুত্ৰে জনা মতে, অবিভক্ত নগাঁও জিলা [৭০ খন উচ্ছতৰ মাধ্যমিক আৰু ২০৬ খন হাইস্কুল আছে৷ লগতে ৯২ খন চৰকাৰী পঞ্জীয়নভুক্ত ব্যক্তিগত শিক্ষানুষ্ঠান থকাৰ বিপৰীতে ২৯৭ খন পঞ্জীয়নভুক্ত নোহোৱা ব্যক্তিগত খণ্ডৰ উচ্ছ মাধ্যমিক বিদ্যালয় আছে৷ এই ২৯৭ খন অপঞ্জীয়নভুক্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আজি পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা উপায়ুক্ত আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ নেতৃত্বত থকা জিলা ভিত্তিক পৰীক্ষা পৰিচালনা সমিতিয়ে অনুমতি দিয়াৰ সিদ্ধান্ত লৈছিল নে, এই সমিতিৰ অজ্ঞাতেই আজি পৰীক্ষা অনুষ্ঠিত হ’ল, সেই কথা জানিব পৰা হোৱা নাই৷ ইয়াৰ এক তদন্তৰ দাবী কৰিছে সচেতন মহলে৷ সঠিক তদন্তত উৰহি গছৰ ওৰ ওলাই পৰাৰ সম্ভাৱনা আছে৷ ইপিনে, আজি প্ৰথম দিনাৰ দশম শ্ৰেনীৰ ইংৰাজী প্ৰশ্ন কাকতত প্ৰশ্ন নম্বৰ ২৮ আৰু ৩০ নম্বৰ প্ৰশ্নটো জিলা ভিত্তিত পৰীক্ষা পৰিচালনা সমিতিৰ সচিবে বিদ্যালয়ৰ প্ৰধান সকলক নিজৰ ইচ্ছা অনুসৰি শুধৰণি কৰি লোৱাৰ নিৰ্দেশ দিয়া ঘটনাক লৈ বিদ্যালয় কতৃৰ্পক্ষ বিপাঙত পৰাই নহয়, ৰহস্যৰ সৃষ্টি হৈছে৷ অৱশ্যে ৱাটচ এপ যোগে দিয়া নিৰ্দেশত কি কাৰণত এইদৰে প্ৰশ্ন শুধৰণি কৰিবলৈ দিয়া হ’ল তাৰ কোনো স্পষ্ট কাৰণ উল্লেখ কৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here